ঘূণে ধৰা এটি কাহিনী

এখন দেশত এটা ভাষা...আজিও আছে
জোৱাৰত ছৈ ধৰি উজাই আনিছিল এমুঠি নাৱিকে
টেম্‌ছৰ পৰা মাজুলীলৈ
ডুবা নাৱেঁ সুৰুজ দেখিছিল

সময় বাগৰিল, হেমকোষ উপজিল
ক্লান্ত পানীত নাওঁ চলে
সময় বাগৰে...

ক্লান্ত পানীত ৰৈ গৈছিল এমখল বগা তেজ
এজোপা অমৰলতা
সময় বাগৰে...

এখন দেশৰ মানুহ আধুনিক হৈছিল
অমৰলতাৰ বগা তেজেৰে পানীত হিম’গ্লৱিন কমিছিল
মাতৃভাষাত ঘূণে ধৰে
সময় বাগৰে...

জেক্‌চন আহিল, এভ্ৰিল উপজিল
জ্যোতি-বিষ্ণুনো কোন আছিল?
ভূপেন দায়ে উচুপে
সময় বাগৰিল

এখন দেশত.....

সেউজ গাভৰু

জোনৰ হালধীয়াত বিৰিঙি উঠিছে
সেউজ ধাননিৰ ঢৌ খেলা বুকু |
ফিৰফিৰিয়া বতাহজাকে সুহুৰিয়াই যায়...
সেন্দুৰীয়া জোনবাইৰ দুস্টভৰা চাৱনি,
লাজত দ খায় তাইৰ কাজল সনা দুনয়ন ;
কল্লোলিত বুকুৱে তাইৰ সোঁৱৰাই দিলে
ফাগুনৰ পচোৱাত হিল্লোলিত আইৰ আঁচলখনলৈ
মনত বাজি উঠিল কেতেকীৰ সুহুৰি এটি
নৈৰ খলকনিয়ে মাউথ্‌ অৰ্গেন বজায়...
তাইৰ নাচোনৰ তালে তালে;
তৰাবোৰে জোকাই,চকু টিপিয়াই
ঢৌ খেলি নাচি তাই পলাব নোৱাৰে,
দিগবলয়ৰ কয়েদখানাত যে বন্দী তাই |
হঠা‍ত্‍ অহা কিনকিনিয়া বৰষুণজাকে
মেহুৰা কৰি তুলিলে তাইক,
সদ্যস্নাতা সেন্দুৰীয়া দুগালে ওৰণি বিচাৰে
আবেলিৰ ৰামধেণুলৈ মনত পৰে;
সৰ্পিল গতিৰে চুচুক-চামাককৈ সৰি পৰা
আঁহতৰ পাত এটাই সকিয়াই দিলে...
সেউজী গাভৰু হ’ল |

মামৰে ধৰা হৃদয়

লহপহকৈ বাঢ়ি অহা ফুলনিখন
হিৰোছিমা কৰি যোৱাৰ দিনাই
প্ৰেমৰ আগত চন্দ্ৰবিন্দুটো সাঙোৰ খাইছিল মোৰ
সেই যে তেতিয়াৰ পৰাই মই স্তব্ধ পথিক
সময়বোৰো আজি পয়া লগা
গছৰ লঠঙা ডালবোৰ দেখি মনত পৰে
বুকুত আগ্নেয়গিৰি ৰোপণ কৰাৰ দিনা ওলোৱা
তোমাৰ সেই দুৰ্যোধন হাঁহিটিলৈ...
নিজতকৈ শতগুণ ভাৰ সহিবলৈ আজি কাপুৰুষ মই
পৰুৱা হ’বলৈ আয়ে মোক নিশিকালে

শাওণৰ বৰষুণ তুমি ভাল পোৱা নাছিলা
তোমাৰ বাবেই মইও নাপালো
মইতো চন্দ্ৰকলংক নাছিলো
কিয় উতুৱাই দিলা কোমোডৰ ফ্লেচ্‌ বনাই ?
কেতিয়াৰ পৰা ভাল লগা হ’ল তোমাৰ হৃদয় পিটিকা ?
আইনা মই আগৰপৰাই চাওঁ
তুমি থাকোতে ধুনীয়া আছিল
আজি মাথো কাঁচৰ টুকুৰা

পাহৰিব পাৰা, প্ৰেমৰ কেৰ’মবোৰ্ডত ৰঙাগুটি আছিলো মই
ৰৈ থাকিলো এতিয়া তেজৰ চেঁকুৰা হৈ
স্ট্ৰাইকাৰ অবিহনে তেনেই দিক্‌ভ্ৰস্ট
আজি তুমি কাৰ স্ট্ৰাইকাৰ ?
ওহো...গেলিলিওৰ টেলিস্কোপেৰে চোৱা অসম্ভৱ, অসম্ভৱ
তেনেই অপ্ৰাসংগিক

মিছ্‌ কললৈ বাট চাই আমনি লাগিল
তোমাৰ এছ. এম. এছ.বোৰো মামৰে ধৰিলে
কিমাননো আৰু ছাফ কৰিম !!!
এতিয়া যে মোৰ হৃদয়খনেই মামৰময়