সমৰ্পন

গতিশীলতাৰ কোনোবা এটা বিন্দুত দিলোঁ ৰৈ
চুম্বন কৰিলেহি বুকুৰ ৰঙাত শিমলুৰ এপাহ বগাই
বতাহৰ ঢৌ বগাই ভাগৰুৱা হৈ পৰা নাছিল বগাপাহি
বিৰিণাৰ দৰেই নাচি নাচি মচি আছিল বুকুৰ ৰঙা
সুৰুঙা এটিৰ সন্ধানত
শিমলুৰ বগাত পাইছিলোঁ গুলপীয়া ঘ্ৰাণ
আৰু ম‍ই সমৰ্পন কৰাৰ কথা নাছিল
বিন্দু বিন্দুকৈ সোমা‍ই থাকিল ঘ্ৰাণ
বুকুৰ ৰঙাত ভেদি সমৰ্পনতাৰ দেৱাল

গতিশীলতাৰ সাম্প্ৰতিক বিন্দুত ৰৈ...
সেই ঘ্ৰাণ যদি বৰিষাৰ বৰষুণ
ৰুগীয়া হোৱাত মোৰ আপত্তি না‍ই

ভিজা দেহাৰে ভিজা চকু ম‍ই বিচৰা না‍ই

ভিজা দেহাৰে ভিজা চকু ম‍ই বিচৰা নাই
ৰ’দেৰে ভিজা পিঠিৰ টোপালবোৰ
বৰ্ষা সিক্ত জাপিৰ কণিকাবোৰ
নুশুকালে যদিও অভিমান না‍ই
ভিজা দেহাৰে ভিজা চকু ম‍ই বিচৰা না‍ই


এমুঠি সপোন নাঙলৰ মুঠিত
ফুলি উঠা সপোনবোৰেইতো আঁকে ৰামধেণু
গোট মৰা ৰং গলাবলৈ পানীৰ প্ৰেমিক যদিও
ৰামধেণু মচা পানীৰ প্ৰতি আকৰ্ষণ না‍ই
ভিজা দেহাৰে ভিজা চকু ম‍ই বিচৰা না‍ই


উত্তাপৰ প্ৰেমিক ম‍ই
জেকা আশাবোৰ শুকোৱাৰ জোখেৰে ;
ৰামধেণু মচা পানীৰ প্ৰতি আকৰ্ষণ না‍ই
সেই পানী মচিবলৈ উত্তাপৰ প্ৰয়োজন যদিও
দেই যোৱা উত্তাপৰ প্ৰতি হাবিয়াস নাই
ভিজা দেহাৰে ভিজা চকু ম‍ই বিচৰা না‍ই

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত)

চাধা পুৰাণ-১

আদেৰীক লৈ ওল্লু এক্‌দিন গ'হাটী দেইখোং বুলি
খেচ্‌খেচে থাকে সদায় ঠগে থাকা বুলি
কলাক্ষেত্ৰ, উমানন্দ, মিউজিয়াম চাএ বোলে
পুৱাই উঠি মিচ্‌কল দিম থাক্‌পি তো‍ই ওলে
বাচ এখেন পালু দ’ক চিট দুটাও আছে
খিৰ্‌কীৰ কাখোত বোহে বুলে হোবো দে পাছে
যাই আছু যাই আছু বৰকুৰাৰ চোক পালু
দোটাই মিলি তাতে দুটা মেংগো ফুৰ্টি খালু
যাই থাকাতে ঘুম্‌টিএ তাইক হেচা মাৰি ধ’ল্লাক
বাউ এটাত মাথা ফেলে তাতে পাইথ্‌লা দিলাক     
ঘগ্ৰাপাৰত ক্ৰছিং আছে ৰেল আইছি বুলে
বাছখেন ৰোখে দিলাক আদেৰীহে মাথা নুত্‌লে
বাউটু বিহে গেইছি চাধা খাবা মন গেল
মো‍ই বুলু এয়ে চাঞ্চ আদেৰীক বানোবা বেল
আস্তেকে তাইৰ মাথাটু চিটোৰ পাছত ফেলে দিলু
মোনে মোনে গম নাপোকে চাধা নাউংমেনোকে গিলু
টেমাটু উইলে চূণ নাউংমেন ঘেস্তে লোলু হাতোত
অকস্মাতে চক্‌ খাই উঠ্‌লু আদেৰীৰ মাতোত
নামহে তাইৰ আদেৰী বুদ্ধি পাছে বাৰ পাচি
ট ট কে চকু দুটা তাইৰ আছে দুখুন নাচি
মো‍ই বুলু সৰ্বনাশ ধোৰা পোল্লু আজি
গহাটি ভ্ৰমণ গল্লাই যাবো ইতা মিছাতে আইহ্লু সাঁজি
আস্তেকে উঠি তা‍ই মোহ্‌ৰিলাক চকু দুটা
চূণ অলপ বেছিকে দি মোক লোগিও মাৰ ইতা
মো‍ই বুলু কি শুন‌ছু ইগ্লা সঁচা না মিছা ?
তো‍ইহে আক্লাই খাবা পাৰা বুলি কিওনু ভাব্‌ছা ?
আজিকালি চোব সমান চোলি-জিয় না‍ই
ঘুম্‌টিৰ নিচা ভাঙি যাবো চাধাখিনি খা‍ই
কেনে আপিৰ পাল্লাত পোল্লু চাধাও খাই দুখুন
গহাটি চাঅ’ত শান্তি নাপ্‌লু কি বুজ্‌বি তুহুন !


( ওল্লু=ওলালোঁ; গ'হাটী দেইখোং=গুৱাহাটী দেখুৱাওঁ; ঠগে= ঠগাই; থাক্‌পি তো‍ই ওলে= থাকিবি ত‍ই ওলাই; পালু দ’ক= পালোঁ দিয়ক; দোটা‍ই=দুয়ো; চাএ=চায়; কাখোত বোহে=কাষত বহে; হোবো=হ’ব; যা‍ই আছু= গৈ আছোঁ; ঘুম্‌টিএ=টোপনিয়ে; ধ’ল্লাক=ধৰিলে; মাথা ফেলে=মূৰ পেলা‍ই; পাইথ্‌লা দিলাক=শুই গ’ল; আইছি=আহিছে;ৰোখে=ৰখাই;নুত্‌লে=নোতোলে; মোনে মোনে=চুপ-চাপ; নাউংমেন=অলপ; বাউ= বাঁহু (কান্ধ);  আস্তেকে=লাহেকৈ; ফেলে=পেলাই; ঘেস্তে=ঘঁহি; টেমাটু উইলে=টেমাটো উলিয়াই; ধোৰা পোল্লু=ধৰা পৰিলোঁ; গল্লাই যাবো=বৃথা‍ই যাব; আইহ্লু=আহিলোঁ; মোহ্‌ৰিলাক=মোহাৰিলে; মোক লোগিও মাৰ ইতা=মোলৈও বনোৱা এতিয়া; ইগ্লা=এইবিলাক; তো‍ইহে আক্লাই=ত‍ইহে অকল (কেৱল ত‍ইহে); কি‍ওনু=কিয়; চোলি-জিয়=ল’ৰা-ছোৱালী; পোল্লু=পৰিলোঁ; চাঅ’ত=চাওঁতে; নাপ্‌লু=নাপালোঁ; তুহুন=তহঁতে )  


"চাধা পুৰাণ-২" পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰক
http://ridipnath.blogspot.in/2012/06/blog-post.html

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত)


     

মূকাভিনেতা

বৃত্তটোৰ প্ৰতিটো বিন্দুয়েই এটি নিয়ম
অভিনয়ক যদি নাম দিয়া নিয়মৰ
ম‍ই এজন নিয়মিত অভিনেতা
বৃত্তটোৰ প্ৰতিটো বিন্দুতেই জ্বলে পোহৰ
সেই পোহৰ প্ৰাকৃতিক নে কৃত্ৰিম, যদি সোধা
ম‍ই এজন অনিচ্ছাকৃত বোবা


ৰজনীকান্তৰ ফঁকৰা যোজনা

(১)  টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি, হোল চেলাৰত বিক্ৰী কৰি দিয়াই ভাল
(২)  লাই পোৱা কুকুৰে ডিঙিলৈকে জপিয়ায়, হাই নেক পিন্ধি থাকিবা
(৩)  যত্ন কৰিলে কষ্ট পায়
(৪)  খাই পাত ফলা মানুহক বিয়ালৈ নিমন্ত্ৰণ নিদিয়াই ভাল
(৫)  চুঙা চাই চুঙা পিঠা
(৬)  ঠেং চাই আঠুৱা মেলিবা
(৭)  কিনা হাঁহৰ ঠোটলৈকে মঙহ বাবে হাঁহ চুৰ কৰি খাব লাগে
(৮)  লোভেই পপ, পপেই কাঁটা বিস্কুট
(৯)  খাব জানিলে বিড়িয়েই চিগাৰেট, পিব জানিলে গেলাই বিলাতী মদ
(১০) বাতি খালে দাঁত ভঙাৰ সম্ভাৱনা থাকে
(১১) আঞ্জাত নাখায় লোণ, চিকেন কাৰিত যায় তিনি গুণ
(১২) যি মূলা বাঢ়ে হাবিত কাঁহে ওলাই নাহে
(১৩) জ্বলা জুইত জুই পুৱাব লাগে
(১৪) সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নিলজ্জ্য
(১৫) উপকাৰীক অজগৰে খায় , অপকাৰীক কুকুৰেও নাখায়
(১৬) গোৰ মাৰি গংগাত পেলাব পৰিলে ভাল ফুটবলাৰ হ’ব পাৰি
(১৭) উলুৰ লগত আলু পুৰি খাব লাগে
(১৮) অচিন কাঠৰ থোৰা লগালে বিহুত লঘোণে থাকিব লগা হয়
(১৯) গছত কঁঠাল ওঠত লিপ্‌ষ্টিক
(২০) ঘঁহি থাকিলে শিলো ক্ষয় হয় আৰু ঘঁহোতাজনক মানুহে পাগল বুলি কয়
(২১) মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ শ্ৰেণীকোঠা
(২২) দেশতকৈ ৰাজ্য ডাঙৰ নহয়
(২৩) হলা গছ দেখিলে সকলোৱে আম পাৰে
(২৪) হৰিণাৰ মাংস‍ই বৈৰী, ক্ষীণ-মীণ হৰিণা পুহিব লাগে
(২৫) হাতত নাই ধন, আই. পি. এল.ৰ টিম কিনাৰ মন
(২৬) ফটা বাঁহ জোৰা নেলাগে, সেই কাৰণে চিমেন্টৰ খুটা দিব লাগে
(২৭) বাচি খাবা , জাগি ফেচবুক কৰিবা, ধৰা পৰিলে জাষ্ট খুলিছো বুলি কবা
(২৮) জী ভালেই জোৱাই ভাল, ৱাল পোষ্ট ভালেই কমেন্ট ভাল
(২৯) এশ গৰু মাৰিলে এবছৰৰ বাবে চিন্তা নাই
(৩০) ৰাইজে মৰুভূমিত নখ জোকাৰিব লাগে
(৩১) ভুকুতে কল নপকে, সেই কাৰণেই কুংফু-কাৰাটে শিকিব লাগে
(৩২) চুৰেহে চুৰৰ ঠেং দেখে, সেই কাৰণে চুৰ কৰিব গ’লে ঠেং দুখন ঘৰতেই থৈ যাব লাগে
(৩৩) নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব পাৰিলে "গীনিচ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ"ত স্থান পায়
(৩৪) অধিক মাছত বগলী ধৰিবলৈ ভাল
(৩৫) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি, সেই কাৰণে নিজলৈ হুল পুতিব  লাগে
(৩৬) যি লঙ্কালৈ যায়, সি্য়েই ছাংগাকাৰা নহয়
(৩৭)  ফিৰিঙতিৰ পৰা চিগাৰেট জ্ব্লাব পাৰি
(৩৮) পঢ়ে পঢ়াৱোই ৰোৱে পাণ, আৰু খায় জৰ্দা পাণ
(৩৯) যাঁচি দিলে মাণিকৰো মূল্য নাই, কিন্তু যাঁচি দিয়া চাধাৰ মূল্য আছে
(৪০) এশ বিদ্যা যাৰ তাকেই মাল্টিটেলেন্টেড বুলি কয়
(৪১) পানীত হাঁহ নচৰা অ্ৱস্থা হ’লে মূৰ্গী পুহিব লাগে
(৪২)  আপোন নাক কাতি সতিনীয়েকৰ যাত্ৰা ভংগ কৰিবলৈ যোৱাৰ আগতে ১০৮ ত কল কৰি এম্বুলেন্স মাতি থব লাগে
(৪৩) অকালতে দাঁত ভাঙিলে চেৰেলেক খাব লাগে
(৪৪)  নাই মোমাইতকৈ ধুনীয়া মামাই ভাল
(৪৫)  অবুজনক বুজোৱা আৰু বান্দৰ কেঁকুৱা ফ্ৰাই কৰি খোৱা একেই কথা
(৪৬)  নপতা ফুকনে আকাশত চাং পাতি খাই পাত ফালিলে বিনা মেঘে বজ্ৰপাত পৰি মৰি থাকে
(৪৭)   যি মুলা বাঢ়ে, বজাৰত নি কম দামত বেচি দিব লাগে
(৪৮)  যি লাই বাঢ়ে গাহৰিৰ লগত ফ্ৰাই কৰি খাব লাগে
(৪৯)  এশ গৰু মাৰিলে বাঘৰো মৰণ, গতিকে ৯৯লৈকে গন্তি কৰি আকৌ ১ৰ পৰা গন্তি কৰিব লাগে
(৫০)  আছে গৰু নাবায় হাল, থকাতকৈ বেচি দিয়াই ভাল
(৫১)  ৰাইজে মুখ জোকাৰিলে চাধা ওলায়
(৫২)  যি মুলা বাঢ়ে তাৰ দুটাই পাত
(৫৩)  উজলা মাত্ৰেই চাৰ্ফ এক্সেল ব্লু নহয়
(৫৪)  যেনে কুকুৰ তেনে কামোৰ৷
(৫৫)  মানুহ মৰণশীল, অৰ্থাত্‍ শিল মাৰিলে মানুহ মৰে
(৫৬)  কাকনো বুলিম ক’কা, সকলোৰে দাৰি-চুলিত ’কেশকালা’
(৫৭)  ৰজনীকান্তে নখ জোকাৰিলে নৈ বয়
(৫৮)  ফটা হওক চিতা হওক পাটৰ টঙালী, কাণী হওঁক কুঁজী হওঁক NRI ছোৱালী
(৫৯)  সকলো উজলা বস্তুৱেই সোণ নহয়, সেয়ে ৰূপ পিন্ধিব
(৬০)  শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, সেই কাৰণে শিয়ালটোকো গড়ালতে বান্ধি থব লাগে
(৬১)  মহন্তৰ চিন বিধানসভাত

বিঃদ্ৰঃ  ইয়াথকা "ৰজনীকান্তৰ ফঁকৰা যোজনা"সমূহৰ মাত্ৰ ৪০ টামানহে ম‍ই বনোৱা  / বাকীখিনি ফেচবুকত থকা অনুৰূপ নামেৰে  ২১/০৪/২০১১ তাৰিখে পোষ্ট কৰা মোৰ নোটটোত বিভিন্নজনে কমেন্ট আকাৰে লিখা


মহানগৰীয়া বৰষুণত ভিজে নেকি তোমাৰো স্মৃতিবোৰ ?

মহানগৰীয়া বৰষুণৰ টোপালত
ভিজে নেকি তোমাৰো স্মৄতিবোৰ ?
টোপ টোপকৈ সৰি পৰা কণিকাৰ দৰে
সৰে নেকি ঘামৰ টোপালবোৰ ?
ভঙা অতীতক হাতুৰীৰে কোবাই
চিলাই চিলাই চিলনি ফটা কামিজৰ দৰে
সুৰৰ সন্ধানত বেসুৰা এটি গানৰ দৰে
ভঙা অতীতত গজাল ভৰাই ভৰাই
সৰে নেকি ঘামৰ টোপালবোৰ ?
কেতিয়াবা হেনো বাস্তৱ হয় সপোনবোৰ !
সপোন হোৱা বাস্তৱৰ দৰে
ঘন কুঁৱলিৰ ফাঁকেৰে দিগন্তৰ বৰষুণত
ভিজিছা নেকি তুমি মহানগৰীয়া টোপালত ?
কৰকৰীয়া ভাতৰ দৰে
জুইত সেঁকা পাপৰৰ দৰে
নাইবা শুকান এবোজা খৰিৰ দৰে
নিলগাই থোৱা চোতাল এখনত
ভিজি উঠে মোৰ স্মৃতিবোৰ
মহানগৰীয়া বৰষুণৰ টোপালত
ভিজেনে তোমাৰো স্মৃতিবোৰ ?