নিয়ৰ তলসৰা

এই যে ডাঙৰ হোৱাৰ নিয়ম আৰু দায়িত্বৰ বিধানবোৰ
ঠুনুকা হোৱা হ’লে মুচৰি পেলাবৰ মন
সৌ যে ’সমাজ বিদ্যা’ত টোপনি আৰু তোলৈ ’চুপাৰি’
মাক নক’বলৈ আকৌ দিবৰ মন

তোলৈ এইবাৰ কি নিম বুলি ভাবিছোঁ ?
পদুলিত চিঞৰিম মা মা
তই চিঞৰিবি মা মা
দাদা আহিছে চা চা
চাল্লা ডাঙৰ হোৱাৰ নিয়মবোৰ !!

ডাঙৰ হোৱাৰ আগতেই যদি নহ’লিহেঁতেন ডাঙৰ !
গাৰুৰ তলৰ ঘূৰণীয়া কেইটিমান ধাতৱ
চুৰ কৰিবলৈ আহিবি না
ভজা বুট, বৰফ কিম্বা মুড়ীৰ লাড়ু
ডাঙৰ হোৱাৰ নিয়মবোৰেই চাল্লা বেইমান

এই যে পিঠিত হাতৰ শব্দ আৰু পেনপেনীয়া আব্দাৰ
দেউতালৈ ভয়, বুজনি আৰু বুজনি
খাটনিৰ ওপৰত খাটনি আৰু ’কেৰমব’ৰ্ড’ৰ গুটি 
এই ’আৰু’বোৰত দাৰি লগা বহুদিনেই হ’ল 
দুডাল দুৱৰিত নিয়ৰ নপৰা বহুদিনেই হ’ল
কালদিয়াৰ দলং চিঙা বহুদিন হ’ল

ৰবাব টেঙাৰ আবেলিত নিবিচাৰোঁ এতিয়া ৰ’দোৱা কাপোৰৰ গোন্ধ

(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত)

বি. টেক্‌. নমস্কাৰ

পাঞ্জাৱক লগি আইছ্‌লু বি. টেক্‌. কোৰু বুলি,
পঢ়ু বুলি ভাব্‌লিএ চকুইদি দেখু ধুলি |
কলেজত যাম বুলু "দিটেইন" নহং,
বাৰে বাৰে "দিটেইন" কৰে কলেজখান বধ্য অভং |
সদাই ভাবু "অল ক্লিয়েৰ" কোৰিম,
ভাবাতে যাবো বোধয় কিত্তেও কৰ্‌বা নোৰিম |
টেবুলত বনি গেইছি কিতাপৰ দম,
কিতাপৰ দেখি চকু নাযৈ বিচ্‌নাকলোগিহে মৰম |
"মেথ্‌ছ"খান দেখ্‌লিএ মাথা ঘূৰে যায়,
এটাও অংক নিম্‌লে ব্ৰেইনটু কাম্‌ৰে খায় |
ৰাতি হোলি চাবা ধোৰু "চীলা কি জৱানী",
কেট্ৰিনা তুমিয়ে মোৰ দিলৰ ৰাণী |
"ই.জি.দি." আঁকু বুলি "দ্ৰাফ্টাৰ" উইলে লোলু,
এখানো দুখুন একেবাৰে বি. টেকৰ পেলু |
বি. টেক্‌. কৰি কেইটাইনু পাইছি অস্কাৰ ?
বি. টেক্‌. মই কিত্তেও নোক্‌ৰু বি. টেক. নমস্কাৰ |

অনাকাংক্ষিত আকৰ্ষণ

নীলাভৰ গভীৰতাত আকাশ ফুলিলেও
জ্যোতিষ্কৰ প্ৰেমত বৰষি নাবাওঁ
ঢুকি পোৱাৰ আঁতৰত জোনাক জ্বলিলেও
একেইখন আকাশ পুনৰবাৰ চাওঁ

বজ্ৰপাতৰ আগলৈকে পৰিসীমাত আছিল মোৰ আকাশ

(কাব্যালোচনী "ভুৰুকা"ত প্ৰকাশিত)


যন্ত্ৰণা

লেবেজান উজাগৰী নিশাবোৰক সোধোঁ
টোপনি অলপ ধাৰলৈ দিবা ?
আকাশৰ জিলিকা বিন্দুত বহি কয়
টোপনি ইয়াতেই পাবা |

খৰাং

পলসুৱা বতৰত মোৰ খেতিত ফুলে ধান
নাম যাৰ মেদবহুল খৰাং