ত্যাগ

      আনোঁ বুলিয়েই আনিব পৰাহেঁতেন সেপিয়াই, পৃথিৱীৰ প্ৰত্যেকখন মুখতেই জ্বলিলহেঁতেন পোহৰ ! থপিয়াব বিচাৰোতেই উজ্বলতা, নপৰিলহেঁতেন সৰি কাৰোবাৰ মুখৰ শেৱালি ! প্ৰিয় হল বুলিয়েইতো সকলোৰে পদুলিত নসৰে শেৱালি ! তোৰ মুখত গুজি তৰা, বিচাৰিলেওতো গাব নোৱাৰিব পাৰে কোনোবাই ফাগুণৰ গান ! কোনেনো নিবিচাৰে হেঁপাহৰ কহিনুৰ ? তোৰ মুখত কহিনুৰ গুজি সি চোমালিয়াৰ ভাত খায়; এয়াতো নহয় কোনো তেজিমলাৰ কাহিনী !
      "তেজিমলা এতিয়া বহু দূৰ", কোনোবাই কৈছিল আইতা নাছিল সেয়া  যান্ত্ৰিকতাৰ পৃথিৱীত ককবকাব নিবিচৰা আইতা এতিয়া বহু দূৰ অশান্তিৰ পৰিসীমাৰ বাহিৰত উৰি চাবলৈ জগা হেঁপাহবোৰে বাধ্য কৰায় কেতিয়াবা কথা পাতিবলৈ আইতাৰ সতে এইবোৰ জোনাক নিশাৰ কথা নে জোনাক বিচৰা নিশাৰ কথা ? অপ্ৰাসংঙ্গিক জোনৰ ওচৰত থাকিলেই কাৰোবাৰ দেহত জোনাক গলিব বুলিতো ন দি কব নোৱাৰে আপুনি, যিদৰে সৰি পৰাৰ আগতে ন দি কব পৰা নোৱাৰে শেৱালিজোপাই, অদূৰতম ভৱিষ্যতৰ সেয়া কোনপাহ তলসৰা শেৱালি
      বোৱাৰী চোতালত নিয়ৰবোৰে হেনো কৈছিল, কাৰোবাৰ হাতত মালা গুজি সুখী নহয় তলসৰা শেৱালি কিন্তু সুখী হৈ দুখী কৰাৰ হেঁপাহত ভীস্ম  প্ৰতিজ্ঞা কৰা হলে দুৱৰিৰ ঠাইত গজিলহেঁতেন হয়তো কেইটামান শুকান উল্কাপিণ্ড ! সেই বাবেই জীয়াই আছে পৃথিৱী
      কি নাম সেই প্ৰতিজ্ঞাৰ ? আইতাই দিয়া নাছিল সেই নাম, ত্যাগ তাৰ বিপৰীত নাম

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত)