চিনাকী-অচিনাকী


      গতিশীলতাৰ কোনটো প্লেটফৰ্মত লগ পাইছিলোঁ মনত নাই | মনত পৰে সেই চিঞৰটো.....স্পষ্টই আছিল উকিৰ মাজতো | কিয়নো চিঞৰে "সহযাত্ৰী সহযাত্ৰী" ? সহযাত্ৰীক মোৰ চিনি পাই আহিছোঁ | ২৪ ঘন্টাৰো থাকে দুটা ফাল বুলি জানি আহিছোঁ, এটাত জ্বলে সুৰুয আৰু আনটোত ? হয়তো আন্ধাৰৰ উপস্থিতি নাইবা সুৰুযৰ অনুপস্থিতি ! ধৰা হল আপুনি এজন নৃত্য শিল্পী | একান্তই ব্যক্তিগত বুলি যদি ভাবে, ২৪ ঘন্টাৰ কোনটো অংশত নৃত্য কৰি ভাল পায় জনাৰ হাবিয়াস নাই | আপোনাৰ দৰেই দেখি আহিছোঁ বগা- কলাৰ সংমিশ্ৰণ | আৰু সেই সংমিশ্ৰণতেই বাস কৰে আপুনিও যত প্ৰতিবিম্বিত তেওঁ, মই, বহুতো | প্ৰতিবিম্বৰ গভীৰতা আইনাৰ কোনটো ফালে অধিক জনাৰ উপায় শূন্য | আপুনিছোন মোৰ তেনেই চিনাকী, কোন হয় আপুনি ?

(ই-আলোচনী "নীলা চৰাই"ত প্ৰকাশিত)