নিদ্ৰা

(হীৰু দালৈ শ্ৰদ্ধাঞ্জলি)

ফুলামকৈ সজাই থৈ ফুলনি
মালীজন ঘুমটি গ
শব্দ-ফুলৰ মালাৰে
পখিলা সুগন্ধি হ
 
যি বাটেৰে তেওঁ আহিছিল
পথাৰৰ পৰা বুটলি আনি শব্দবোৰ
গাঁথি লৈ বোকা-পানীৰ ঘ্ৰাণবোৰ
ছবি এখন আঁকি থৈ গ
সেউজ ছবিৰ পৰশত
দলিচা ফুলাম হৈ ৰ

নিদ্ৰাৰত গানটিৰ সাৰে আছে ঝংকাৰ
নীলাভ শব্দৰ শ্বাস্বত অংগীকাৰ
মৃত ধ্বনিৰ অমৰ প্ৰতিধ্বনিৰে
পখিলা সুগন্ধি হ
ফুলামকৈ সজাই থৈ ফুলনি
মালীজন ঘুমটি গ

জোনাক চটিয়াই জোনটো হেৰাল
আকাশত এখন জোনাকী ৰুমাল
দেশৰ মাটিৰ কেনভাচ
মৃত্যুৰঙী ৰঙেৰে ৰঙাই
মালীজন ঘুমটি গ
শব্দৰে গঁথা ফুলৰ মালাত
উশাহবোৰ সাৰে ৰ