অভিনয়


চকুত বকুলৰ ফুল
বুকুত কেক্‌টাছৰ হুল

অভিনয় নিৰ্ভুল

হাঁহি


বৰণৰ নাম ক'লা
সকলো ৰং সেৱন কৰে হ'বলা
কি ৰং সেই হাঁহিৰ?
সমষ্ট অনুভূতিৰে যি আৱৰা !!!

সুখ-দুখ


সুখৰ অসুখ
সুখী দুখ


কবিতা


অনুভৱত অংকুৰিত শব্দ
বহুৰঙী জীৱনৰ ৰং
নীলাভ ফাঁকু । কবিতাৰ লুকা-ভাকু ।