~ আপোনাৰ সমস্যা, নাথুৰামৰ সমাধান ~

এঞ্জেল প্ৰিঞ্চেছ শূৰ্পনখা, পাৰ্লাৰনগৰ

সমস্যাঃ- মই মোৰ ফেচবুকৰ প্ৰ’ফাইল পিক্‌চাৰত যাকে-তাকে, যধে-মধে যিমান টেগ কৰিলেও বেছি লাইক নাপাওঁ। লাইক বঢ়াবলৈ কিমান পূজা-পাতাল কৰিলোঁ, কিমানৰ ফোটোত লাইক কৰিলোঁ, কিমানৰ ইনবক্সত plz lyk ma prof pic বুলি লিখিলোঁ হিচাপ নাই; কিন্তু এতিয়ালৈকে কোনো সুফল পোৱা নাই। লাইক পাবলৈ একেখন ফোটোকে দুই তিনিদিনৰ মূৰে মূৰে পুনৰ প্ৰফাইল পিক বনাওঁ আৰু কেতিয়াবা কমেণ্ট কৰিও ফোটোখন ওপৰলৈ তুলি আনো, যাতে আনৰ নটিফিকেচনত আহে। তথাপিও বেছি লাইক নাপাওঁ। বৰ চিন্তাত পৰিছোঁ। উপায় এটা দিব বুলি আশা কৰিলোঁ।

সমাধানঃ- আপুনি কি কম্পেনীৰ চিম কাৰ্ড ব্যৱহাৰ কৰে নজনোৱা বাবে সমস্যাটোৰ সমাধান দিবলৈ অলপ অসুবিধা হৈছে। তথাপি কওঁ, আপুনি যদি ৰিলায়েন্সৰ চিমৰ পৰা নেট কৰে তেন্তে ভোদাফোন নাইবা এয়াৰটেল ব্যৱহাৰ কৰি চাব পাৰে এণ্ড ভাইচ ভাৰ্চা। নতুবা কেইটামান ফেক প্ৰ’ফাইল খুলি নিজেই লাইক কৰিব পাৰেছোন! দহটা ফেক প্ৰ’ফাইল খুলিলেও, প্ৰতিটো প্ৰ’ফাইলৰ পৰা ৫০ বাৰকৈ লাইক কৰিলেও ৫০০ টা লাইক সহজতে আহি যাব।


অসম্ভৱ বেজবৰুৱা, গাওঁ- ইম্‌পচিব্‌লপুৰ

সমস্যাঃ- মোৰ ফেচবুক প্ৰ’ফাইলৰ পৰা ফ্ৰেণ্ড ৰিকুৱেষ্ট নাযায়। এমাহৰ বাবে ব্লক কৰি থৈছে জুকাৰবাৰ্গ ভিনদেৱে। মোৰ স্বভাৱ-চৰিত্ৰ ভাল বাবে হিংসাতে বহু বন্ধু-বান্ধৱীয়ে তেওঁলোকৰ ফ্ৰেণ্ডলিষ্টৰ পৰা মৰমেৰে গতা মাৰি বাহিৰলৈ উলিয়াই দিছে মোক আৰু বহুতে ব্লকো কৰিছে। ফলত কাজিৰঙাৰ গঁড়ৰ দৰে দিনক দিনে মোৰ ফ্ৰেণ্ডৰ সংখ্যা কমি আহিছে আৰু অসমৰ বানপানীৰ দৰে মোৰ টেনচন বাঢ়ি আহিছে। উপায় এটা দিয়ক না।

সমাধানঃ- অপোনাৰ সমস্যা দেখিছোঁ গভীৰ। আপুনি এটা কাম কৰিব পাৰে, ফেচবুকৰ যিকোনো গ্ৰুপত, পেজত, যোকোনো ষ্টেটাছ, ফোটো আদিত, যাৰে-তাৰে ৱালত, ইনবক্সত, মুঠতে যতেই পাই তাতেই ‘এদ মি আই এম বলক’ বুলি লিখি চাব পাৰে। বন্ধুৰ আড্ডাত, মেলে-মিটিঙে, সাংস্কৃতিক সন্ধিয়া, পূজা-সৱাহ ইত্যাদি যিকোনো অনুষ্ঠানতেই য’তেই সুবিধা পায় তাতেই অকস্মাতে ডাঙৰকৈ চিঞৰি দিব ‘এদ মি আই এম বলক’ বুলি। পাৰিলে সকলো সময়তে মাইক এটা লগত লৈ ফুৰা ভাল। সদায় ৰাতিপুৱা শুই উঠাৰ আগত আৰু ৰাতি টোপনি যোৱাৰ পিছতো ৩ বাৰকৈ চিঞৰিব। লগতে নিজৰ কপাল, গাল, হাত, ভৰি চবতে গজনি খুড়াৰ নিচিনাকৈ লিখি ল’ব ‘এদ মি আই এম বলক’ বুলি। পাৰিলে বাক্যটোৰ শেষত ‘প্লিজ’ তিনিটামান আৰু :পি :পি, :ডি :ডি যি পাৰে চব লগাই দিব।


লাজকুৰীয়া ডেকা, নিলাজনগৰ

সমস্যাঃ- প্ৰকাশত অনিচ্ছুক।

সমাধানঃ- আপুনি ফেচবুক কৰিলে অনলাইন দেখুওৱাটো স্বাভাৱিক। শৰীৰত সেউজীয়াৰ পৰিমাণ বাঢ়িলেও কেতিয়াবা চাত-বক্সৰ সেউজীয়া লাইটটো অনবৰতে জ্বলি থকা দেখা যায়। গছ-গছনি কমকৈ খোৱা কৰিব। ৰাতি দুই বজালৈকে অনলাইন থাকি বেলেগৰ লগত চেনী খাই থকা বাবে গাৰ্লফ্ৰেণ্ডৰ পৰা গৰু পিটন খোৱাটোত লাজ কৰিবলগা একো নাই। প্ৰতিবাদস্বৰূপে অসম বন্ধ এটা দি চাব পাৰে, সুফল পাব। প্ৰেয়সীৰ চৰ-ভুকুত চকু-মুখ ফুলি থকা বাবে মানসিক অশান্তিত ভুগিছে যদি বান্দৰ কেকোঁৱা আৰু চোৰাত পাতৰ মিশ্ৰণ এটা তৈয়াৰ কৰি মূৰত ঘঁহিলে মানসিক শান্তি আৰু সুস্থিৰতা ঘূৰি আহিব।

ভাইৰাচ হাজৰিকা, লগআউট নগৰ

সমস্যাঃ- মই ছোৱালীবোৰক কিমান ‘হাই ডীয়েৰ’ বুলি মেচেজ দিওঁ, ফোটোত ‘লুকিং নাইচ’, ‘চো বিউটিফুল ডীয়েৰ’ জাতীয় কমেণ্ট দিওঁ, ইম্প্ৰেচন বঢ়াবলৈ ইংৰাজীত বুজি নোপোৱা ‘অসম্ভৱ চৰ্টকাট ইষ্টাইল’ত ষ্টেটাচ আপডেট দিওঁ, পাৰ্ক কৰি থোৱা বেলেগৰ দামী দামী বাইকত ৰাতি চানগ্লাছ পিন্ধি ৰনবীৰ কাপুৰৰ ইষ্টাইলত ফোটো উঠি প্ৰ’ফাইল পিক বনাওঁ। তথাপিও কোনোৱে মোক পাট্টাই নিদিয়ে।

সমাধানঃ- আপোনাৰ সমস্যাৰ আঁৰত বিৰোধী পক্ষৰ হাত থকা যেন অনুমান হয়। গেচ্‌ট্ৰিকৰ সমস্যাৰ বাবেও কেতিয়াবা এনেকুৱা হোৱা দেখা যায়। তথাপি বিশেষ চিন্তা কৰাৰ দৰকাৰ নাই। এহ বাদ দিয়ক হে! মিছা কলে কিডাল হ’ব, হয়নে নহয়?  আমেৰিকাতো অপোনাক কোনেও পাট্টা নিদিয়ে।

আপোনাৰো যদি কিবা সমস্যা আছে তেন্তে habathuri@jotetote.com লৈ মেইল কৰিব পাৰে।

ইতি,
নাথুৰাম

দাড়ি-কমাৰ ভুল

       বৰ মৰমেৰে প্ৰেয়সীলৈ বুলি চিঠি এখন লিখিছিলোঁ। চিঠিখন পোৱাৰ পিছতেই প্ৰেয়সীৰ সৈতে বিচ্ছেদ হ’ল মোৰ। বৰ দুখ লাগি আছে হে! চেঃ! কি জানো হ’ল! চিঠিখন লিখিছিলোঁ এনেদৰে


       মৰ মৰ। মৰম ল’বা জংঘলী। বান্দৰ এটাৰ নিচিনা তোমাৰ মুখখন। দেখিলে মোৰ হৃদয়ে হাই-জাম্প মাৰিবলৈ আৰম্ভ কৰে। তুমি মোৰ অতি মৰমৰ ছাগলী। বৰষুণত তিতি বেমাৰী হোৱা তুমি। আৰু মই যে বৰষুণজাকৰ আনন্দ লোৱাৰ পণ লৈছিলোঁ তোমাৰ বাৰু মনত পৰেনে? মই যে গৰু। বিহুৰ দিনা লগ পাইছিলোঁ তোমাক। তোমাৰ মা আৰু দেউতাক আমাৰ ঘৰলৈ মাতি এইবাৰ এসাজ খুৱাম বুলি বুলি ভাবিছোঁ কুকুৰ। এটাই বাহিৰত ভুকি আছে তোমাৰ দৰে। মোৰো মনত পৰি থাকে তোমালৈ, এনেদৰে ভবাটোও ভুল! মই তোমাক তিলমাত্ৰাও দেখিব নোৱাৰোঁ। 
 
                                                            ইতি,
                                                                তোমাৰ ****


      পিছতহে বন্ধু এজনে সুধৰাই দিলে। আচলতে এনেদৰেহে হ’ব লাগিছিল হেনো

মৰমৰ,
       মৰম ল’বা। জংঘলী বান্দৰ এটাৰ নিচিনাকৈ, তোমাৰ মুখখন দেখিলে মোৰ হৃদয়ে হাই-জাম্প মাৰিবলৈ আৰম্ভ কৰে। তুমি মোৰ অতি মৰমৰ। ছাগলীখেদা বৰষুণত তিতি বেমাৰ হোৱা; তুমি আৰু মই যে বৰষুণজাকৰ আনন্দ লোৱাৰ পণ লৈছিলোঁ, তোমাৰ বাৰু মনত পৰেনে? মই যে গৰু বিহুৰ দিনা লগ পাইছিলোঁ তোমাক! তোমাৰ মা আৰু দেউতাক আমাৰ ঘৰলৈ মাতি এইবাৰ এসাজ খুৱাম বুলি বুলি ভাবিছোঁ। কুকুৰ এটাই বাহিৰত ভুকি আছে। তোমাৰ দৰে মোৰো মনত পৰি থাকে তোমালৈ। এনেদৰে ভবাটোও ভুল যে মই তোমাক তিলমাত্ৰাও দেখিব নোৱাৰোঁ।

                                               ইতি,
                                               তোমাৰ ****

       আপোনালোকেই কওকছোন বাৰু, দাড়ি-কমা আৰু ব্যাকৰণৰ সঠিক ব্যৱহাৰ নজনাটো জানো মোৰ ভুল???

জেঠ মাহটো আপোনাৰ কেনেদৰে যাব…

অপূৰ্ব কলিতাঃ এই মাহত আপুনি গা ধুলে দেহৰ ওজন ১৭ কিল’গ্ৰাম হ্ৰাস পাব। বিয়া পাতিলে যথেষ্ঠসংখ্যক উছৰ্গা পোৱাৰ সম্ভাৱনা আছে। উছৰ্গাৰ টকাৰে এখন বি এম দব্লিউ কিনি গনেশগুৰিৰ পৰা আদাবাৰিলৈকে ভাড়া মাৰিলে কড়োৰপতি অথবা পতি হোৱাটো খাটাং। ৰ’দত বেছিকৈ ওলালে ৰেইনকোট পিন্ধি যাব, অন্যথা হাপানি ৰোগ নাইবা গোধা বেমাৰ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। এই মাহত আপোনাৰ ভোক লাগিব পাৰে। ভোক লাগিলে বৰষুণৰ লগত পৰা চেং মাছৰ বাকলি খোৱাৰ লগতে মাছটোৰ পেটত থকা কণীৰ কুহুম মুখত সানিলে সুফল পাব।



মনজীৎ বৰাঃ এই মাহটো আপোনাৰ বাবে বৰ এটা শুভ নহয়। কোনোবা মীনা কুমাৰীৰ মন জয় কৰিবলৈ যাওতে ছেণ্ডেলৰ কোবত চেহেৰা বিকৃত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। সেয়েহে এই মাহটোত আপুনি ২৪x৭ আৱাৰছ্‍ হেলমেট পিন্ধি থকাটো মঙ্গলজনক। সন্দিকৈ কলেজৰ সম্মুখেৰে পাৰ হওতে বাইকত ষ্টান্ট দিবলৈ গৈ বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই দীঘলীপুখুৰীত পৰাৰ প্ৰৱল সম্ভাৱনা আছে। আঘাতপ্ৰাপ্ত ঠাইত চোৰাতৰ পাত, ভুত জলকীয়া, চূণ আৰু বান্দৰ কেকুঁৱাৰ মিশ্ৰণ এটা বনাই তাত আন্দাজমতে নিমখ অকণমান মিহলাই লগালে আৰাম পাব।

অনুপম কলিতাঃ ডুপ্লিকেট অনুপম তেল খাই ভৰলু নদীত গা ধুবলৈ যাওতে পানীত ডুবি মৰিব পাৰে। মৰিলে বচাৰ সম্ভাৱনা খুবেই কম। সেয়েহে এই মাহত আপুনি নিভাঁজ খাটি সৰিয়হ তেল খোৱাটোৱেই মঙ্গলজনক। টিকেট নকটাকৈ অনুৰাধা চিনেমা হলত অনুপম খেৰৰ চিনেমা চাবলৈ গৈ ধৰা পৰি পাব্লিক ঢুলাই খোৱাটো খাটাং। গুৱাহাটীত চুৰ কৰা ছেকেণ্ড হেণ্ড টুথব্ৰাছ দিল্লীৰ চোৰ বজাৰত বিক্ৰী কৰি ভিক্ষাৰী হোৱাৰ প্ৰচেষ্টা চলাব পাৰে।

আমন্ত্ৰণ



দিগন্তৰ ৰিক্ততাত দুৰ্ভেদ্য প্ৰাচীৰ
শিল হৈ নাহিবা
কলিফুলৰ এপাহিত সাঁচিছোঁ জোনাক
বৰফ হৈ গলিবা

হেঁপাহৰ এপাহতেই ফুলনিৰ হেঁপাহ...

আশা



শীতল পুহৰ মাজেৰে হৈ বৈ যায় কোমল কুঁৱলী
গৰিয়সী হৈ ওলাই আহে সম্ভাৱনাৰ কাঁচিয়লি
গতিশীলতাৰ প্ৰত্যেকটো ষ্টপেজতে ফুলক ৰামধেনু
ভিন্নৰঙী আবিৰেৰে আবৃত হওঁক পুৱতিৰ ৰেণু

নিয়ৰ



পছিমৰ ৰ'দজাক উভতি অহাৰ কথা
বিৰতিৰ প্ৰান্তত পলস পৰিছে
উভতনিৰ শেষ, কোমল পুৱাই ক'লে
খৰাং মাটিত নিয়ৰ সৰিছে
নিয়ৰ দুৱৰি, দুৱৰি আৰু নিয়ৰ
নীলিম আকাশত এতিয়া এয়া সেউজ প্ৰত্যাশা