অন্তিম পানীটুপি ওঁঠত লৈ সি বিচাৰি গৈছিল
সেউজীয়া উশাহ ।
উচ্চতম শৃঙ্গটোৰ পৰা চুটি পুৰণি উশাহবোৰ জুমি চাই ধোঁৱাৰ মাজেৰে দেখা পালে এপৃথিৱী
ধোঁৱা । ধোঁৱা বগাই উঠি অহা
নিমগছবোৰ হেনো সেউজীয়া আছিল এসময়ত য’ত বাস কৰিছিল উৰণীয়া উশাহ ! শুনোঁ বুলিয়েই ডেউকাৰ শব্দ, মেলি দিলে সি সভ্য শতিকাৰ কাণ । খঙাল
আকাশৰ মঙহাল ঢেৰেকনীয়ে শুনিব দিয়া নাছিল ডেউকাৰ কোব । আৰু সেই ঢেৰেকনীক দমন কৰা সভ্য শতিকাৰ অসভ্য
গোঁজৰণিবোৰে বাৰুকৈয়ে তাক উপলুঙা কৰিছিল । পানীটুপি ওঁঠত লৈ উভতি যাব বিচাৰিলে সি উশাহৰ সেউজীয়া দিনবোৰলৈ । কিন্তু তেতিয়ালৈ সন্ধিয়া নামিছিল, শেষ প্ৰাণৰ সন্ধিয়া ।
(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত)
(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত)
No comments:
Post a Comment