আনোঁ বুলিয়েই আনিব পৰাহেঁতেন সেপিয়াই, পৃথিৱীৰ প্ৰত্যেকখন
মুখতেই জ্বলিলহেঁতেন পোহৰ ! থপিয়াব বিচাৰোতেই উজ্বলতা, নপৰিলহেঁতেন সৰি
কাৰোবাৰ মুখৰ শেৱালি ! প্ৰিয় হ’ল বুলিয়েইতো সকলোৰে
পদুলিত নসৰে শেৱালি ! তোৰ মুখত গুজি তৰা, বিচাৰিলেওতো গাব নোৱাৰিব
পাৰে কোনোবাই ফাগুণৰ গান ! কোনেনো নিবিচাৰে হেঁপাহৰ ক’হিনুৰ ? তোৰ মুখত ক’হিনুৰ গুজি সি চোমালিয়াৰ ভাত খায়; এয়াতো নহয় কোনো তেজিমলাৰ কাহিনী !
"তেজিমলা এতিয়া বহু দূৰ", কোনোবাই কৈছিল । আইতা নাছিল সেয়া । যান্ত্ৰিকতাৰ পৃথিৱীত ককবকাব নিবিচৰা আইতা এতিয়া বহু দূৰ। অশান্তিৰ পৰিসীমাৰ বাহিৰত উৰি চাবলৈ জগা হেঁপাহবোৰে
বাধ্য কৰায় কেতিয়াবা কথা পাতিবলৈ আইতাৰ স’তে । এইবোৰ জোনাক নিশাৰ কথা নে জোনাক বিচৰা
নিশাৰ কথা ? অপ্ৰাসংঙ্গিক । জোনৰ ওচৰত থাকিলেই কাৰোবাৰ দেহত জোনাক
গলিব বুলিতো ন দি ক’ব নোৱাৰে আপুনি, যিদৰে সৰি পৰাৰ আগতে ন দি ক’ব পৰা নোৱাৰে শেৱালিজোপাই, অদূৰতম ভৱিষ্যতৰ সেয়া কোনপাহ
তলসৰা শেৱালি ।
বোৱাৰী চোতালত নিয়ৰবোৰে হেনো কৈছিল, “কাৰোবাৰ হাতত মালা গুজি সুখী নহয় তলসৰা শেৱালি। কিন্তু সুখী হৈ দুখী কৰাৰ হেঁপাহত
ভীস্ম প্ৰতিজ্ঞা কৰা হ’লে দুৱৰিৰ ঠাইত গজিলহেঁতেন
হয়তো কেইটামান শুকান উল্কাপিণ্ড ! সেই বাবেই
জীয়াই আছে পৃথিৱী ।”
কি নাম সেই প্ৰতিজ্ঞাৰ ? আইতাই দিয়া নাছিল সেই নাম, ত্যাগ তাৰ বিপৰীত নাম।
(ই-আলোচনী "সাহিত্য ডট্ অৰ্গ"ত প্ৰকাশিত)
(ই-আলোচনী "সাহিত্য ডট্ অৰ্গ"ত প্ৰকাশিত)
No comments:
Post a Comment