মেলি লৈছোঁ ইতিহাস
ইটো পাৰত এয়া দলঙৰ ইতিহাস
আবেলিৰ পৰশ থকা সেই নিশা
চকামকাকৈয়ে দেখা মনত পৰে সিটো পাৰত
তুমি তোমাৰ বাটত
মই মোৰ বাটত
মাজতে নৈখন নিজৰ বাটত
অঁকা নথকাহেঁতেন তোমাৰ সেউজীয়া বাট
বন্দী হোৱাৰ কথা নাছিল তাত
সেউজীয়া বাটত পঙ্গু হৈছিল মোৰ চলমান দৃষ্টি
আৰু মই লিখিবলৈ ল’লোঁ দলঙৰ ইতিহাস
তাৰেই কোনোবা এখিলাত গঁথা আছিল আশা
মজবুতকৈ বনোৱাৰ পণ আছিল দলংখন
ইপিনে হৃদয় ধলা ইটা
সিপিনে মৰম লেপা খুঁটা
বাগৰি যায় আন এটা পৃষ্ঠা
দিন যেন সেই ৰাতিৰ কথা
চন্দ্ৰমাৰ বুকুত জিলিকি উঠিল দলং
চন্দ্ৰমা আজি তোমাৰে-মোৰে ওঁঠত
এখন পূৰ্ণ দলঙৰ বিজয়োল্লাস
আৰু এযোৰ মনৰ হেজাৰবাৰ অহা যোৱা
ভাঁহি আহে ইতিহাসৰ চিঞৰ
গাঁথি লৈ আমাৰে গাঁথা
তুমি মোৰ বাটত
মই তোমাৰ বাটত
মাজৰ নৈখনো আমাৰেই বাটত
আহিল সেই ৰাতি যেন দিন
আনটো মূৰৰ ধুমুহাই বজ্ৰপাত পেলাইছিল ইটো মূৰত
চুক্তিৰ বিপৰীতে খহি পৰিল আনটো পাৰ
যি বাটেৰে অহা-যোৱা কৰাৰ কথা আছিল আমি হাজাৰবাৰ
অন্য পাৰৰ অপমৃত্যুত সৃষ্টি হয় অন্য দুখনি নৈ
নিষ্ঠুৰ খুঁটাৰ ফৰ্মুটিত আঘাতপ্ৰাপ্ত মেৰামতিৰ
হাবিয়াস
আহত হাবিয়াসে ফেঁকুৰি ক’ব
লুণীয়া নৈ আছিল তোমাৰেই নামত
ৰাতি যেন এই আবেলিৰ কথা
তুমি তোমাৰ বাটত
মই মোৰ বাটত
মাজতে নৈখন বিপৰীত বাটত
শেষ পৃষ্ঠাৰ ইতিহাস:
ইটো পাৰৰ প্ৰতিটো গধুলিত জিলিকে এতিয়া মৃত এটা জীৱন
No comments:
Post a Comment