বগলীৰ খোপনিত মাছৰ দুখ...
গাহৰিৰ বাগৰত পোৱালিৰ।
খুপি খুপি এটি এটিকৈ শেষ কৰাৰ চেষ্টাত
বাগৰি আহিছিল নতুন মুখ।
ৰং আছিল ৰংপুৰত!
সকলো কাহিনী লিখা নাযায়।
বাগৰি অহা সাধু এটিৰ দৰে বাগৰ সলাই কʼবলৈ,
বতাহজাক নৰʼল!
কথা নাছিল নহাৰ; কথা আছিল থকাৰ।
লিখা হোৱা নাছিল সপোনবোৰ, কাৰো...কʼতো।
মাৰ্বল গুটিটোৰ দৰে নিলিখাকৈয়ে বাগৰা ৰংবোৰ...
শৈশৱৰ 'পিলু' খেলতোছোন গাততেই সোমাইছিল!
সেই গাত আছিল প্ৰত্যাশিত; আৰু এই?
সপোনবোৰ পুৰঠ হৈ জেদী হয় বুলি কʼবলৈ
থাকি গৈছিল হেনো আইতাৰ!
সাধুবোৰ আছিল তেতিয়া কুমলীয়া কুঁহিপাত...
আৰু এতিয়া?
No comments:
Post a Comment