ক্লান্ত হৈছো ক’কা তোমাৰ দৰেই

বয়সৰ আঁচোৰে তোমাক অৱশ কৰাৰ দৰেই
ক্লান্ত হৈছো ক’কা তোমাৰ দৰেই
জীৱনৰ যান্ত্ৰিকতাত আৱদ্ধ উশাহ

কুকুৰাই ডাক দিলেই ক’কা
ব’লা আমি শেৱালি বুটলোগৈ
আজিও হাৰিবা তুমি
এয়া চোৱা, এমুঠি হ’ল মোৰ তলসৰা শেৱালি
তোমাৰ যে কামেই নাই একোৱেই পাই
খেজুৰ নুবুটলা নেকি ক’কা ?
জানানে তুমি, ইমান বেয়া অমল, চন্দন, নয়নহঁত
সদায় চুৰ কৰে আমাৰ পকা পকা খেজুৰ
ভকুৱা মাছটো যে কৰবাৰ…নামাতা দিলেও মাতে আগতেই
ব’লা না ক’কা জুই পুৱাওঁগৈ
দেউতা উঠিলেই যে পঢ়িব লাগিব নেওঁতা

জানানে ক’কা তুমি, তিনি বাৰ ধাপ্পা দিলো আজি
কি যে মজা লাগিল ধাপ্পা-এক্সপ্ৰেছ খেলি
লুডুতো জিকিলো আজি ভন্টিৰ লগত
খেলিবা তুমি লুকা ভাকু মোৰ লগত ?
কথা এটা কওঁ ক’কা, মনে মনে
মাক নকবা কিন্তু দেই
লেতেকু চিঙিলো আজি, মনে মনে
লেতেকু যে ইমান মিঠা কৰবীহঁতৰ...এয়া চোৱা তোমালৈ
চুৰ কৰা বেয়া নেকি ক’কা ?
বাবুৱে দেখোন সদায় চিঙে
নাযাওঁ দিয়া তেন্তে আজিৰ পৰা
মাক নক’বা কিন্তু দেই

এয়া চোৱা ক’কা নতুন চোলা
আৰু দিব দেউতাই ৰিজাল্ট ভাল হ’লে
পুজাত এইবাৰ পিষ্টল এটাকে লম ৰ’বা
বেলুন উৰাম, হুইচেল বজাম, চচ্‌মা পিন্ধিম
চুৰ-পুলিচ খেলিম দিয়া আমি নতুন চোলা পিন্ধি
মিছা কোৱা কিয়নো ক’কা ?
পিষ্টল কিনিলেও নিনিয়ে যোৱা সোপাধৰাই ধৰি
সাধুকথাৰ কিতাপ নিকিনো যোৱা
কৈয়েই থাকা দেখোন সাধু তুমি
ইমান ভাল লাগে জানা তোমাৰ সাধু শুনি
ভন্টিৰ যে ইমান ভয় ভুতৰ সাধুলৈ !
ম‍ইতো নকৰোৱেই ভয়
ঘৰিয়ালৰ সাধুটো এবাৰ কোৱানা
ও ক’কা, যান্ত্ৰিকতাত ডুবি আছো
ল’ৰালি ওভতাই দিয়ানা

ষ্মৃতিৰ মৰীচিকাই তোমাক জুৰুলা কৰাৰ দৰেই
ক্লান্ত হৈছো ক’কা তোমাৰ দৰেই