আক্ষেপ

জনাওঁ বুলিয়েই জনাব পৰা হ’লে বিদায়
স্মৃতিৰ বাৰিষাত ক্লান্ত ৰাতিবোৰকেই জনালোহেঁতেন বিদায়
ৰাখো বুলিয়েই ধৰি ৰাখিব পৰা হ’লে সময়
সেমেকাৰ আগতেই পেৰা এটাত থুপাই থলোহেঁতেন ভালপোৱা
সময়ৰ পাখিত ডোখৰ ডোখৰকৈ খহি পৰাৰ ঠিক আগতেই....

পুৰণি কোনো সময়ত সময়ক আমি ধৰি ৰখাৰ কথা আছিল
পুৰণি কোনো মূহুৰ্তত বিদায় জনোৱাৰ কথা আছিল দুখ নামৰ পৰজীৱী এটাক
পিছলিয়া সময়ক খামুচি ৰখাৰ সামৰ্থ্য মোৰ নহ’ল
কি কৰিম !! বিদায় জনোৱাতোছোন দক্ষ হৈ নুঠিলো তোমাৰ দৰে

অজুহাত

তেওঁৰ বাবেই মই, তেওঁ হ’লোঁ।
ম‍ই, ম‍ই হৈ নথকাৰ দোহাই দি...
 তেওঁ, তেওঁ হৈয়েই থাকিল!

শুকান নষ্টাল্‌জিয়া




কপৌ ফুলৰ সুবাসে সেউজীয়া কৰি তোলে মোক পুনৰবাৰ
তোমাৰ ওঠৰ বৰ্হমথুৰিৰ চিটিকনিত মোৰ ঘোলা দুৱৰিয়েও কয়
সেউজীয়া নোহোৱাকৈ থকাৰ প্ৰয়াস ব্যৰ্থ
মোৰ শেঁতা কুঁৱলিত তুমি ভালপোৱাৰ জন্দিচ হলেও
কেতেকীৰ বিননিত ঢোলটোকে নিমন্ত্ৰণ জনোৱাত আগ্ৰহী
তোমাৰ মুগাৰ নাচোনত পুনৰবাৰ গগণা এটিকে চুম্বন কৰিবলৈ ভাল পাম
যদিওবা পেপাঁভাজীয়া নাচোনৰ মুদ্ৰাকেইটাই এতিয়া কুলিৰ বৰণকেই প্ৰতিনিধিত্ব কৰে
যদিওবা নেঘেৰী খোপাই আগ্নেয়গিৰি হৈয়েই জাপ মৰা হাবিয়াস চলায়
কিম্বা তোমাৰ কাঁজল সনা ঢোলৰ মাৰিডালে মোৰ কলিজাটোতেই চাব মাৰে
পুনৰবাৰ সেউজীয়া হোৱাৰ বাসনা মোৰ ওপজে
চুই চাব বিচাৰোঁ পুনৰবাৰ তুমি আঁকি যোৱা সেই শুকান নষ্টাল্‌জিক ছবিখনি
 
হালধীয়া হৈ পৰি আছে যি মুকলি বিহুৰ পেলনীয়া চুক এটাত
 

(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত)




দুৱৰি

মুকুতা হৈ দুৱৰি খামোচাৰ হেঁপাহ
সৰি পৰাৰ আশাৰে মাটিৰ প্ৰতীক্ষা
শোষণ কৰাৰ ভয়
তথাপিও দুৱৰি তুমি কিয় ইমান নিৰ্দয় ?

জোনাকী হাঁহি

তোমাৰ হাঁহিত জোনাক ফুলে
মৰহিলেই শূন্যতা

(কাব্যালোচনী "নিতম"ত প্ৰকাশিত)

ঐনিতম

প্ৰাণ ঢালি গাই দিলো ঐনিতম এফাঁকি
তেওঁৰ বাবে...
ভ্ৰষ্ট ৰাগ এটাত সম্বিত পালো
তেওঁ এতিয়া ধুমক’লা মোৰ বাবে

প্ৰেয়সীৰ বাবে

এই বাটেদি নাহিবি
মোৰ প্ৰেয়সীয়ে জোনাক বুটলে
তেওঁৰ বাবে এদিন জোনাক হোৱাৰ কথা

ধুম্ৰদন্দিকা

সৰ্পিল নৃত্যিকাৰে ধুম্ৰদন্দিকা তুমি
জ্বলি জ্বলি জ্বলালা মোক

অথঃ ভৰপক নিশা সংবাদ

তোক কুন্তি বুলি ক’ব পৰা নাযায়
গান্ধাৰী নামেৰেও ত‍ই শোভা নেপাৱ
যদিওবা তোৰ আচলতেই সৃষ্টি হয় যুধিষ্ঠিৰ
তোৰ বুকুতেই কবিৰ কাপেৰে পেষণ ধৰে ময়ুৰে
অথবা জোনাকীৰ শেতেলীত মূৰ থৈ জিৰণি লয় যান্ত্ৰিকতাই
তোক কুন্তি বুলি ক’ব পৰা নাযায়

গান্ধাৰী নামেৰে নামাতো তোক
যদিওবা তোৰ বুকুতেই কৌৰৱৰ ভিৰত হেজাৰ দ্ৰৌপদীৰ হয় বস্ত্ৰহৰণ
ধনীৰ টকাৰে কেও হয় ধনী, ধনীক ধুখীয়া কৰি
অথবা ভোকাল নিশা এজাক মানুহ হৈ পৰে আদিম
গান্ধাৰী নামেৰেও নামাতো তোক

উজাগৰে যে চাই থাক ক’লা-বগাৰ নৃত্যনাটিকা
নাইবা এপাচি সপোনৰ জন্মান্ত
ত‍ই ব্ৰহ্মা নে শংকৰ ?
নে চাই মদৰ এটি কক্‌টেইল পেগ ??

আশা

হিম হৈ নামি আছাহি এটি গানৰ ভাঁজে ভাঁজে
পমি যোৱাহি মোৰেই হৃদয়ত

তোমাৰ বিৱৰণিৰ দস্তাবেজ

নয়নযুৰিত চকু থৈ তোমাৰ বৰষুণজাকৰ প্ৰেমত পৰিলো
নয়নযুৰিত চকু থৈয়েই ৰ’দলে চাই হাঁহিলো
আৰু ভাল লগা হ’ল প্ৰত্যেকটো উশাহ
জীপাল বগাৰ ফাঁকেৰে দুৱৰিৰ তৰা দেখি ৰসকোঁৱৰ হওঁ
দুচকুত চকু থৈয়েই তোমাৰ লব বিচাৰো অন্তিমটো উশাহ
কাঁচকণী বিচাৰি পৰ্বত চুৱা্ৰ ধৃষ্টতা মোৰ নাই
তোমাৰ অভিমানৰ বালিতেই যি লুকাই আছে
দুচকুৰ নিৰ্ভেজাল চাৱনি কলিজাত ভৰাই নাচিম দেই এপাক নৈৰ গৰাহত
চকুৱে ওঠে উগ্ৰতাৰ প্ৰলেপ নাধালিলেও চুৰিদাৰেৰেই তুমি শুৱনি
এক্স নাইবা ৱাইল্ড ষ্টোনৰ মাজত হেৰুওৱাৰ বাসনা নাই তোমাৰ চুলিৰ আহিনিয়া সুবাস
তুমি দলিয়াই পেলোৱা হাই হিলৰ উচ্চতাক ময়ো ঘৃণা কৰো
কুঁৱলীৰ গোন্ধক আকোৱালি ল’বা বুলিয়েই মোৰ বিশ্বাস
ৰিয়ানা নাইবা লিংকিন পাৰ্ক শুনা নাইবা নুশুনা ম‍ই নাজানো
কিন্তু বিহু নাইবা বৰগীতক তুমি সন্মান কৰাতো বাঞ্চনীয়
পৰি যাম দেই প্ৰৱাহমান পানী নাইবা অৰণ্যৰ সেউজীয়াৰ প্ৰেমত আমি একেলগে
এদিন আহিবা নিশ্চয় নয়নযুৰিত চকু থবলৈ
ওলাই আহিবা তুমি স্বপ্নৰ মাজেৰে দিঠকলৈ...

বজ্ৰপাত

শাওনীয়া বৰষুণজাকত উন্মাদ হৈছিল
মোৰ সেউজীয়া
বজ্ৰপাতৰ ঠিক আগলৈকে

নৰ্দমা

সি এটা ঘৃণিত আৱৰ্জনা
ঘূৰি নাচাব হেৰি সেইপিনে
নাপাব তাত নিজৰাৰ লাস্যময়ীতা
নাযাব সেইপিনেদি
চেট-মেক্স সনা গাভৰু গোন্ধ হেৰুওৱাৰ সম্ভাৱনাই অধিক
দাষ্টবিনৰ প্ৰেমিক হৈ বৈ গৈছে এডাল গেন্ধেলা বিচা
তাৰ প্ৰেমিকাৰ আঁচল খুলি নাচাব কেতিয়াও
সোমাই থাকিব পাৰে অচিন ভদ্ৰলোকৰ কুঁমলীয়া পাপ
(কি ঠিক....আপুনিওতো ভদ্ৰলোক !!!)
আপোনাৰ পদুলি চাফ কৰি লেতেৰা হ’বলৈ কুন্ঠাবোধ কৰা নাই সি
যিদৰে তাৰ প্ৰেমত পৰিবলৈ আপুনি লজ্জাবোধ কৰে
তাৰ ঘৃণনীয় বাকলিয়ে আপোনাৰ বাকলি চেলোৱা মুখখনকেই সাৱতি বহি আছে
নৰ্দমা সি....
যাক আপুনি নাইবা ম‍ই নৰ্দমাৰ নাম দিছো
আপোনাৰ ঘৃণিত বস্তু চাফ কৰি আপোনাৰেই ঘৃণাৰ পাত্ৰ হয় যি
তাক আপোনাৰ লগতে ময়ো ঘৃণা কৰো
কি কৰিম..ভদ্ৰলোক যে !!!

সমাধি

আজি পুনৰবাৰ লুটিয়াই চাইছিলো কবৰ দিয়া পৃষ্ঠাটি
ছেঃ বাৰে বাৰে কিয় জানো সমাধিত হওঁ তেজাল চিঞাহীৰ ধাৰত !

আউল লগা কবিতা

জোনাকীৰ পিঠিত কবিতা এটিয়ে লিখিবলৈ চেষ্টা কৰি আছে মোক |
শব্দৰ ৰিক্ততাত বাৰে বাৰে শুকোৱাৰ উপক্ৰম হয় চিয়াঁহী
শুকান নীলাৰ টুকুৰা এটাই বখলিয়াই আনিছে এলান্ধুময় এমখল স্মৃতি
স্মৃতিৰ বেজাৰত ভাগৰি পৰে কবিতা
শুকান বেজাৰ, ধুষৰ কবিতা...
জোনাকীয়ে আগুৱাই কবিতালৈ ৰিঙিয়ায়
নীলাত ভেজা দি পুনৰাই আগবঢ়াৰ চেষ্টাত এটি কবিতা |
শুকান টুকুৰাত যে বাৰে বাৰে ৰৈ থাকে উজুটি
জোনাকী আগুৱায়......
হঠাত্‍ নামি অহা বৰষুণজাকত গলিব ধৰিছে এলান্ধু
চিয়াঁহীত আউল লাগে,
জোনাকীৰ পিঠিৰ পৰা সৰি পৰে পিছল কবিতা
এন্ধাৰত পোত গৈ কবিতা এটিয়ে পঢ়িবলৈ চেষ্টা কৰি আছে মোক |

প্ৰতাৰণা

জোনটো বুটলিম বুলি সাগৰ সিচিবলৈ লওঁতেই
ওপৰৰ পৰা সকিয়াই দিলে প্ৰতাৰণাই
ম‍ই ইয়াত
বেলিটিৰ অপেক্ষাত

উৰি যা মোৰ হিয়া, প্ৰেমতেই এবাৰ পৰি চা

শুকুলা এডোখৰৰ স’তে উৰি উৰি য’ত এগছি নিজৰা পাবি
ঠিক তাতেই জুমি নাচাবি...অলপ আগলৈকে সেপিয়াই চাবি
পাবি ক্লান্ত পানীত জপিয়াই থকা এটি জাপানী জোন
স্বচ্ছতা দেখিলে তাৰেই প্ৰেমত পৰি যাবি...অন্যথা অলপ সেপিয়াই চাবি
যদি পাই যাৱ পাহাৰ দূৰৰ পৰা ভোল নাযাবি
যদি পাই যাৱ বৰষুণ এবাৰ তিতি চাবি
তিতি ভাল পালে ভালেই দেচোন, বেয়া পালেও ধুমুহাৰ নাম দি শ্বহীদ নহবি
পুনৰ এবাৰ সেপিয়াই চাবি

এই ধৰক, লগ পাই গলোঁ হঠাতে এদিন তেওঁক

এই ধৰক, লগ পাই গলোঁ হঠাতে এদিন তেওঁক
ওভতনি যাত্ৰাৰ বাচখনত খিৰিকী ফাঁকেৰে সেউজীয়াত মগ্ন থাকিব তেওঁ
দুষ্ট বতাহজাকে চূৰ্ণি টানি মেহুৰা কৰি তুলিব
আৰু ওফন্দা লাজ ধাকিবলৈ বাৰে বাৰে ব্যৰ্থ নহ’বলৈ চেষ্টা কৰিব
তেওঁৰ বাবে ম‍ই সেউজীয়া হোৱাৰ প্ৰয়াস কৰিম

নাইবা ধৰক, মহানগৰীৰ ভিৰ ৰাষ্টা পাৰ কৰাবলৈ
বৃদ্ধজনৰ লাখুটিত থকা তেওঁৰ সেই হাতখনৰ প্ৰেমতেই পৰিলোঁ
অথবা গ্ৰন্থমেলাত মোৰ পচন্দৰ কিতাপখন বিচাৰি তেওঁৰ সতে এটা খুন্দা মাৰিলোঁ
বিৰক্তিকৰ ৰেল ভ্ৰমণত সেই কিতাপখন বিচাৰিওতো তেওঁ আহিব পাৰে
"আপুনি কিতাপৰ প্ৰেমিকা নেকি বাৰু ?" ম‍ই সুধিম
তেওঁ ক’ব যে মানৱতাৰ জয়গানে মুগ্ধ কৰে তেওঁক
যিয়েই শেৱালীৰ সুবাস ভাল পায় তেওঁয়েই তেওঁৰ প্ৰেমিক
তেওঁৰ বাবে ম‍ই শেৱালিৰ সুবাস চিঙি আনিম

এই ধৰক, হঠাতে এদিন মোৰ কবিতাৰ প্ৰেমতেই পৰিলে তেওঁ
ধৰক, কবিতাৰ শেতেলীত সামাজিক আঁকি সুখী হয় তেওঁ
উশাহত যাৰ সেৱিত হয় কবিতা অথবা জীৱনৰ গান
মোৰ কবিতাৰ গুচ্ছ উভালি নপৰাৰ জোখেৰে এজাক বৰষুণ হৈ নামিব
বৰষুণ পিবলৈ ফুল হৈ ফুলিম
সাগৰ হৈ মেলি দিম বুকু

এই ধৰক, হঠাতে এদিন প্ৰেমত পৰি গলোঁ তেওঁৰ...

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত )

ধুমুহা

এপথাৰ মিঠা বতাহত ওপঙি ফুৰিছিল এটি হাঁহি
ধুমুহাও বতাহৰেই অন্য এটি ৰূপ

অস্তাচলত এতিয়া স্তব্ধ বাঁহী