আনটো পাৰৰ অপমৃত্যুত...


মেলি লৈছোঁ ইতিহাস
ইটো পাৰত এয়া দলঙৰ ইতিহাস

আবেলিৰ পৰশ থকা সেই নিশা
চকামকাকৈয়ে দেখা মনত পৰে সিটো পাৰত
তুমি তোমাৰ বাটত
মই মোৰ বাটত
মাজতে নৈখন নিজৰ বাটত

অঁকা নথকাহেঁতেন তোমাৰ সেউজীয়া বাট
বন্দী হোৱাৰ কথা নাছিল তাত
সেউজীয়া বাটত পঙ্গু হৈছিল মোৰ চলমান দৃষ্টি
আৰু মই লিখিবলৈ ললোঁ দলঙৰ ইতিহাস

তাৰেই কোনোবা এখিলাত গঁথা আছিল আশা
মজবুতকৈ বনোৱাৰ পণ আছিল দলংখন
ইপিনে হৃদয় ধলা ইটা
সিপিনে মৰম লেপা খুঁটা
বাগৰি যায় আন এটা পৃষ্ঠা

দিন যেন সেই ৰাতিৰ কথা
চন্দ্ৰমাৰ বুকুত জিলিকি উঠিল দলং
চন্দ্ৰমা আজি তোমাৰে-মোৰে ওঁঠত
এখন পূৰ্ণ দলঙৰ বিজয়োল্লাস
আৰু এযোৰ মনৰ হেজাৰবাৰ অহা যোৱা

ভাঁহি আহে ইতিহাসৰ চিঞৰ
গাঁথি লৈ আমাৰে গাঁথা
তুমি মোৰ বাটত
মই তোমাৰ বাটত
মাজৰ নৈখনো আমাৰেই বাটত

আহিল সেই ৰাতি যেন দিন
আনটো মূৰৰ ধুমুহাই বজ্ৰপাত পেলাইছিল ইটো মূৰত
চুক্তিৰ বিপৰীতে খহি পৰিল আনটো পাৰ
যি বাটেৰে অহা-যোৱা কৰাৰ কথা আছিল আমি হাজাৰবাৰ

অন্য পাৰৰ অপমৃত্যুত সৃষ্টি হয় অন্য দুখনি নৈ
নিষ্ঠুৰ খুঁটাৰ ফৰ্মুটিত আঘাতপ্ৰাপ্ত মেৰামতিৰ হাবিয়াস
আহত হাবিয়াসে ফেঁকুৰি ক
লুণীয়া নৈ আছিল তোমাৰেই নামত

ৰাতি যেন এই আবেলিৰ কথা
তুমি তোমাৰ বাটত
মই মোৰ বাটত
মাজতে নৈখন বিপৰীত বাটত

শেষ পৃষ্ঠাৰ ইতিহাস:
ইটো পাৰৰ প্ৰতিটো গধুলিত জিলিকে এতিয়া মৃত এটা জীৱন

ঠিকনাৰ আক্ষেপ

ৰৈ আছিলোঁ
জোনাকৰ প্ৰলেপ ঘঁহি আন্ধাৰৰ গভীৰতাত
ৰৈ আছিলোঁ অমাৱস্যাৰ সমাধিৰ অপেক্ষাত
প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল

এদিন সপোনবোৰে মোক কৈছিল
নিদ্ৰাৰ উদ্দেশ্য মাথো সপোন নহয়
তথাপি, সপোনৰ উদ্দেশ্যেই মই শুই চালোঁ
আপুনি আহিব বুলিয়েই শুকুৱাই থৈছিলোঁ ভিজা ৰদবোৰ

প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল
দোৱা কাপোৰৰ গোন্ধত মই সাৰ পালোঁ
জোনাকী এমুঠি চটিয়াই জুমি চালোঁ
আপোনাৰ চকুৰ উজ্বলতাত লাজ পালে জোনাকীয়ে
চুলিৰ এন্ধাৰত কলা হল ৰাতি
তৰংগায়িত হল বতাহ
ভ্ৰুৰ ৰামধেনুৱে আঁকিলে সেউজ বুকুৰ বতৰা
লাহী ককালেৰে আহিছিল আপুনি যাবলৈ
ঠিকনাটো নিদিয়াকৈয়ে যাবলৈ

ঠিকনাটো দি যোৱা হলে ভাল আছিল !
সিদিনা সুধিছিলোঁ জেতুকাৰ ৰংবোৰক
শেৱালিৰ সুবাসত নষ্টাল্‌জিক ছোৱালীজনীৰ ঠিকনা কত ?
উত্তৰ আহিল ফাগুণ
আন্দোলিত ফাগুণত শিমলুৰ পিঠিত বহি
চিনাকী সুৰটিৰ সৰ্পিল গতি খেদি
এখনি আকাশ যত পাওঁ
পথাৰ, অৰণ্য নাইবা নৈখনলৈ জুমি চাওঁ
আপোনাৰ দৰেই চিনাকী যেন লাগে সেই ৰোৱণী, সেই দাৱণী
জাকৈয়া ছোৱালীজাকৰ মাজতেই আপোনাৰ ঠিকনা হোৱা হলে ভাল আছিল !

জাকৈবোৰে এদিন মোক কৈছিল
নেদেখা মানেই হেনো নথকা নুবুজায় !
নোপোৱা মানেই হেৰুওৱা নহয় যেন ভাৱ এটিৰে বান্ধি
সপোনৰ জোলোঙাত ভৰাই থলোঁ আক্ষেপ
ঠিকনা নোপোৱাৰ আক্ষেপ
আৰু জোলোঙা খুচৰি অমাৱস্যাৰ বুকুত ৰুলোঁ এটি জোন
মই বাট চালোঁ অন্য এটি পূৰ্ণিমালৈ
যাৰ উজ্জ্বলতাত বন্ধ হব অভিমানী আক্ষেপ
ঠিকনাটো দি যোৱা হলে ভাল আছিল !