~যান্ত্ৰিক~

আহিছিল বান
তিতিছিল ধান
লাগিলে ভেঁকুৰ
বাছিলে মাগুৰ

জিলিৰ চিঞৰেই গান।

'ডিজেল'ৰ ভৰত ৰাওনা‌ হয়
সপোনমুখী 'ট্ৰেভেলাৰ'
৯‌ বজাৰ‌ সপোনত
আহে যায়, কি কাৰ?

যান্ত্ৰিকতাৰ দোৱাতত...
ভাল হ'ল ডুবিলি।
বৈঠা বাই ভাগৰি...
ভালেই হʼল হাৰিলি!

যন্ত্ৰণাত ককবকাই
এটা যে আছিল সাধু...
যান্ত্ৰিকতাৰ উৎফুল্লতাত
এয়াতো আজিৰ সাধু।

আহিব বান
নিতিতে ধান
নালাগে ভেঁকুৰ
বাছক মাগুৰ

জীৱন ভীন্নসুৰী গান।