চাধা পুৰাণ-২ (বিড়িকাণ্ড)

হাটীৰপৰা আহি মোৰ টেন্‌‌চনত দিন যায়,
হায় মোৰ ফাটা কপাল তিৰিটুয়ো চাধা খায় !
ঘৰ পায়েই দগ্‌‌ৰি তাইক দাইবোবা ধোল্লু,
কাণৰ হাইৰা ফাটে দিও মানোবাহে নোল্লু
উপায় নাপে ভাবি চিন্তি অফাৰ এটা দিলু,
শুনছুন মোৰ আদেৰি মাই, ইলু(I.L.U.) বুলিও কলু
ল্লা এটা আনি দিম তই চাধা বাদ দিলি,
ভাগে-পিতে খাম দে আমি দোটাই মিলি
তাই বুলে ইংকে নোহোই গোটেটু দিবা লাগ্‌‌বো,
তিত্তেহে বুলে তিৰিটুই চাধা খাবা এৰ্‌‌বো
মোই বুলু হোবোদে চেক্ৰিফাইজ কোৰিম,
সমাজে গম পালিহে নাক্‌‌টু উইলোবা নোৰিম
লিও যি লাষ্টত তাই বাদ দিবো বুলি কলাক,
মনটু মোৰ নাউংমেন হলিও ৰঞ্জিত ৰঞ্জিত কল্লাক
মনে মনে বাৰীৰ দিখি যাই বিড়ি টান্‌বা মন গেল,
তুলিৰ তলত লুকে থং বিড়ি, আদেৰিক বানোং বেল
তুলিখেন দাঙি দিয়ে মোৰ টেমা চুতি গেল,
বিড়ী-চিড়ী একো নাই দুখুন মুখখেন খালাক মেল
মোৰ বিচ্‌‌না লাচ্চিলি নিকি বুলি আদেৰিক সুধ্বা গেলু,
পেটট্‌টুয়ো প্ৰব্লেম দি আছে হৈছি হান পাং ফিটা পেলু
সুধাৰ আগতে গম পালু তাইৰ চকুত কিবা পোচ্চি,
পোকা বুলি ভাবি তাই মোক উইলবা খাটিৰ ধোচ্চি
পোকাটু উইলং বুলি তাইৰ মুখখেন ওচ্‌ৰত আন্‌লু,
ভেকাচ্‌ কে ভাঁহি আইছি, বিড়িৰ গোন্ধ পালু
মোই বুলু সৰ্বনাশ বিড়িতো ধোচ্চি দুখুন,
চকুইদি নামি আইহ্‌লাক একজাক বৰখুন

(পাঠশালাৰ পিনৰ কথিত ভাষাত লিখা)


       (শব্দাৰ্থ:-হাটী=গুৱাহাটী, টিৰিটু=পত্নী গৰাকী,গ্‌ৰি=বহুত, দাইবোবা ধোল্লু=গালি পাৰিবলৈ ধৰিলোঁ, হাইৰা=পৰ্দা, নোল্লু=নোৱাৰিলোঁ, নাপে=নাপায়, দিলু=দিলোঁ, শুনছুন্=শুনছোন,লু=কলোঁ, দিলি=দিলে, ইংকে=এনেকৈ, নোহোই=নহ, গোটেটু=গোটেইটো, লাগ্‌‌বো=লাগিব, এৰ্‌বো=এৰিব, তিত্তেহে=তেতিয়াহে, মোই=মই, হোবোদে=হব দে, কোৰিম=কৰিম, নাকটু উইলোবা=নাক উলিয়াব, নোৰিম=নোৱাৰিম,লিও যি=যিয়েই নহওঁক, দিবো=দিব,লাক=কলে, নাউংমেন=অকনমান, কল্লাক=কৰিলে, দিখি=পিনে, যাই=গৈ, টান্‌বা=টানিবলৈ, গেল=গ, লুকে থং=লুকাই থওঁ, বানোং=বনাওঁ, তুলিখেন=তুলিখন,দুখুন=দেখোন, মুখখেন খালাক মেল=মুখ মেল খালে, লাচ্চিলি=লাৰিছিলি, সুধ্বা=সুধিব, পেটট্‌টুয়ো=পেটটোৱেও, হৈছি হান পাং=হৈছে যেন পাওঁ, পচ্চি=পৰিছে, পোকা=পোক, উইলবা খাটিৰ ধোচ্চি=উলিয়াই দিবলৈ খাটনি ধৰিছে, উইলং=উলিয়াই দিওঁ, মুখখেন ওচ্‌ৰত আন্‌লু=মুখখন ওচৰলৈ আনিলোঁ, আইছি=আহিছে, পালু=পালোঁ, বিড়ীতো ধোচ্চি দুখুন=বিড়ীও হুপিবলৈ লৈছে দেখোন, আইহ্‌লাক একজাক বৰখুন=আহিল এজাক বৰষুণ)

"চাধা পুৰাণ-১" পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰিক