শুকান পাৰিজাত

দিগন্তময় বিৰতিৰ অন্তত এপাহ ফুল মলমলাইছিল আজি
গৈ আছিলোঁ অব্যতিক্ৰমী পথেৰে
য’ত পালোঁগৈ এখনি নন্দন-কানন
নৰওঁ বুলিও থমকি ৰ’ম বুলি ভবাতো নাছিলোঁ
তাৰেই পাৰিজাত এপাহিত সনা আছিল ফিৰ্‌ফিৰিয়া সুবাস
সাগৰময় গভীৰতাৰ শিপাই খামুচি ৰাখিছিল আজি
আকাশময় বিৰতিৰ অন্তত
আকাশময় বিৰতিৰ প্ৰান্তত বুকুত এপাহ ফুল ফুলিছিল আজি
ঘ্ৰাণৰ তাৰণাতেই চিঙো বুলিও চিঙিব নোৱাৰিম বুলি ভবাতো নাছিলোঁ
বিৰতিৰ আগতেই চিঙি পৰিছিল শুকান পৰিজাত
সাগৰময় গভীৰতাত খহি পৰিল মোৰ বুকুৰ ৰক্তজবা আঁহতৰ পাত

শিয়ালী পালেগৈ ৰতনপুৰ

মা, তুমি গুজি দিছিলা মুখত মোৰ এটি শব্দ
ভাওনাৰ বোৱাৰী পুৱাতেই "মা" নাম দি
যেতিয়া ম‍ই শিপাৰ সন্ধানত দেউতা
এটি এটিকৈ খটাইছিলা কুঁহিপাতৰ বাখৰ
হেঁপাহৰ পাঠশালাত মাতৃভাষাৰ অনুৰণন
একে একে মিলি গ’ল বহিল শূন্য.....
পাৰ চৰাই উৰি গ’ল......
উৰি গ’ল নেকি দেউতা সঁচাকৈয়ে ?
কোনোবা ’ম’ম’ নে ’ডেড’ৰ সন্ধানত !
পাখিত গুজি লৈ ’মা’, ’দেউতা’ ইত্যাদি ইত্যাদি
ককাৰ ৰঙ্গমঞ্চত যেতিয়া শিয়ালী পায়গৈ ৰতনপুৰ
তৰা গণি গণি নিচুকনি আইতাৰ
শিয়ালী এ নাহিবি ৰাতি...ওহো....আহিবি
নহাকৈ নাথাকিবি ত‍ই ’কাৰ্টুন’ নাইবা ’কমিক্স’ৰ ভয়ত
জান শিয়ালী, মন যায় কেতিয়াবা শুধিবলৈ
’অ আ ক খ’ ৰ ভাষাতেই দেখোন দেখো সপোন !
একেই বুৰঞ্জী, একেই ইতিহাস
একেই থাকিবনে ভৱিষ্যতৰ ইতিহাস ?
ভৱিষ্যতৰ স্বপ্নত মোৰ বাস কৰে এখন সমাজ
ভাঁহি আহে য’ৰ পৰা হিল্লোলিত অনুৰণন
একে একে মিলি গ’ল বহিল শূন্য.....

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত )

বতৰা....প্ৰেয়সীলৈ

চিৰিক্‌ চিৰিক্‌ ঘনচিৰিকা
প্ৰেয়সীক মোৰ ক'বিগৈ যা
এখুদ দুখুদ সাচিছোঁ মৰম
চাছোন, এবাৰ কঢ়িয়াই চা
নদী পালে জিৰাবি, পাহাৰত ৰ’দাবি
হিম বনাই থুপাই থৈছো
প্ৰিয়াৰ বুকুত গলাবি যা

চিৰিক্‌ চিৰিক্‌ ঘনচিৰিকা
ডাৱৰৰ ফাঁকেৰে জুমি চা
প্ৰেয়সীয়ে মোৰ নোৱাব এদিন
বেলিটিক ক’বি ওলাই আহ

চিৰিক্‌ চিৰিক্‌ ঘনচিৰিকা
চিৰিক্‌ চিৰিক্‌ ঘনচিৰিকা
প্ৰেয়সী মোৰ আহিব এদিন
প্ৰিয়াক মোৰ বিচাৰি যা

(ই-আলোচনী "নীলা চৰাই"ত প্ৰকাশিত )

প্ৰেম নৈ

গৈ গৈ ৰৈ
য’ত পাম এখনি চিলা
নীলা
চিঙে যদি সূতা
যোৰা লগাই দিবা

বৈ বৈ নৈ
ভটিয়াই গৈ
শুকান হ’লে নীলা
এৰি থৈ যঁতৰ
আঁচল পাৰি দিবা

কৈ কৈ কৈ
হিয়া ঢালি লৈ
য’ত থাকিব নিদ্ৰা
মৰম সানি লৈ
প্ৰেম উপচাই দিবা

বৈ গৈ ৰৈ
থাকে যদি শেলুৱৈ
নাথাকিলে চৈ
দিবা মাথো কৈ
অশ্ৰুকণা দিবা
নীলা এচামুচ ল’বা

থাকিম আমি গৈ
নৈ হৈ বৈ

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত )

প্ৰশ্ন

অৰণ্যক সুধিলো
-খবৰ ভালনে নোসোধো
আয়ুস ক
ক’লে, মোৰ আয়ুসেই তোৰ আয়ুস
মোৰ বন্ধুয়েই তোৰ বন্ধু
তোৰ বন্ধুয়েই মোৰ শত্ৰু
মোৰ আয়ুসেই ভৱিষ্যতৰ শত্ৰু

মহানগৰীক সুধিলো
-এতিয়া শুনিছো হিট্‌লাৰৰ ৰাজত্ব
ক্ৰুৰ হাঁহিটিৰে সাঁথৰ হৈয়েই ৰ’ল
ক’লে, অবোধগম্য ম‍ই
আৰু এন্ধাৰৰ ৰজা

নগ্নতাৰ লাজতেই গুজৰিলে পাহাৰে
খহায় পেলাম খহি খহি

নদী আৰু বতাহক সুধিলো
অম্বুৱাসীত নোৱাবিনে ধোৱাবি ?
ক’লে, জুখি চা মানৱতাৰে
লাজ পাবি

মানৱতাক সুধিলো
একেই আছনে ত‍ই?
উন্নতিৰ জখলাত কিমান বগালি ?
...নিমাত

বিধ্বংসিত জোনাক

এই যে স্মৃতিৰ নামত শ্বহীদ হোৱা ভিজা নিশাবোৰ
শূন্যতাৰ জুইত চগা হোৱা শুকান এমোকোৰা হাঁহি
পূৰ্ণিমাৰ পূৰ্ণতাও হ’ব পাৰিলেহেঁতেন !

এই যে পূৰ্ণিমাৰ দাগবোৰ
সেই নিলাজ সপোনমালা
নিপিন্ধোৱাকৈও থাকিব পাৰিলাহেঁতেন !

প্ৰেমিক আছিলো ম‍ই তৰালি আকাশৰ
বজ্ৰপাতৰ ঠিক আগলৈকে
সেই যে ব্যক্তিগত জোনাকবোৰ
নিবিলোৱাকৈও থাকিব পাৰিলোহেঁতেন !!

বন্ধ কফিনৰ পৰাই ঘিণ কৰি আহিছো
ম‍ই মোক

অৰণ্যময় বাগিচা

পছোৱা বতাহজাকক সুধিলোঁ
অস্তাচলৰ বেলিটি সাৰে আছেনে ?
অচিনাকী যদিও চিনাকী সেই সুৰুয
কোনোবা এটা পৰত শেতেলী পাৰিছিল মোৰেই বাগিচাত
কোনোবাই এতিয়া অৰণ্যৰ নাম দিয়ে সেই বাগিচাক
পছোৱা, ত‍ই জিৰাবি নেকি পূৱৰ অৰণ্যত ?
পছিমত এতিয়া জুয়ে পোৰা অতীত
পলাই আহিছ চাগে সহিব নোৱাৰাৰ ভয়ত !
পছিমৰ বেলিটি ম‍ই প্ৰায়েই নাচাওঁ বুলি ভাবোঁ
অৰণ্য দহণে ছট্‌ফটাই ৰাখে তোৰেই অপেক্ষাত
বিচাৰিলে জিৰাব পাৰ ত‍ই এই অৰণ্যত
চিন্তা নকৰিবি, সেই জুয়ে বাগিচাহে পোৰে
জবা ফুলবোৰ হালধীয়া হৈয়েই আছে
হেঙুলীয়াক গৈ ক'বি
কোনোবাই কয় লেৰেলিল হেনো
তথাপিও এজাক কিনকিনীয়াৰ অপেক্ষাত
পশ্চিমৰ হালধীয়াবোৰ হেঙুলীয়া হোৱাৰ অপেক্ষাত
অৰণ্যৰ পৰা পুনৰ বাগিচা হোৱাৰ প্ৰতীক্ষাত

(ই-আলোচনী  "নীলা চৰাই"ত প্ৰকাশিত )