শিয়ালী পালেগৈ ৰতনপুৰ

মা, তুমি গুজি দিছিলা মুখত মোৰ এটি শব্দ
ভাওনাৰ বোৱাৰী পুৱাতেই "মা" নাম দি
যেতিয়া ম‍ই শিপাৰ সন্ধানত দেউতা
এটি এটিকৈ খটাইছিলা কুঁহিপাতৰ বাখৰ
হেঁপাহৰ পাঠশালাত মাতৃভাষাৰ অনুৰণন
একে একে মিলি গ’ল বহিল শূন্য.....
পাৰ চৰাই উৰি গ’ল......
উৰি গ’ল নেকি দেউতা সঁচাকৈয়ে ?
কোনোবা ’ম’ম’ নে ’ডেড’ৰ সন্ধানত !
পাখিত গুজি লৈ ’মা’, ’দেউতা’ ইত্যাদি ইত্যাদি
ককাৰ ৰঙ্গমঞ্চত যেতিয়া শিয়ালী পায়গৈ ৰতনপুৰ
তৰা গণি গণি নিচুকনি আইতাৰ
শিয়ালী এ নাহিবি ৰাতি...ওহো....আহিবি
নহাকৈ নাথাকিবি ত‍ই ’কাৰ্টুন’ নাইবা ’কমিক্স’ৰ ভয়ত
জান শিয়ালী, মন যায় কেতিয়াবা শুধিবলৈ
’অ আ ক খ’ ৰ ভাষাতেই দেখোন দেখো সপোন !
একেই বুৰঞ্জী, একেই ইতিহাস
একেই থাকিবনে ভৱিষ্যতৰ ইতিহাস ?
ভৱিষ্যতৰ স্বপ্নত মোৰ বাস কৰে এখন সমাজ
ভাঁহি আহে য’ৰ পৰা হিল্লোলিত অনুৰণন
একে একে মিলি গ’ল বহিল শূন্য.....

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত )

No comments:

Post a Comment