~সময়~

ধৰাবন্ধা নিয়ম এটাত চলে সময়
কেলেণ্ডাৰ নাইবা ঘড়ীত।
কেলেণ্ডাৰৰ‌ ৰঙা দিনবোৰ গোলাপী
জীৱনৰ 'ৱাইড বল'ত নিয়ম মিছা।
ঘড়ীৰ কাঁইটবোৰ‌ হিচাপী
অস্থাৱৰ সপোনে‌ নেৰে পিছা।

সময়....
'ৰিৱাইণ্ড' কৰি‌ চাব পৰা‌ এখনি ছবি
'কমেডী' নাইবা 'ট্ৰেজেদী'...
সলোৱাৰ অৱকাশ ‌বৃথা।
কেলেণ্ডাৰৰ‌ লেমিনেটেড সময়বোৰ
শুকান‌ সৰাপাতৰ দৰেই ঠুনুকা।

পমা গুটিৰ  চিটিকনিত হেৰায় সময়!
লুকা-ভাকুৰ এন্ধাৰত জিৰায় সময়!
খেলপথাৰৰ‌ পৰা ম'বাইল স্ক্ৰীণলৈ...
দিয়াচলাইৰ দৰৰ দৰে লেহেম নহয়।

জুবুৰ মাৰি দোৱাতত , সপোন মচাৰ হেঁপাহ।
বেলিঘড়ীৰ সাধুবোৰ,
ফাগুণৰ ধৈৰ্যহীন  ৰংবোৰ,
শিশু এটিৰ দৰে‌ সৰল‌ নহয়। 


No comments:

Post a Comment