কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ’ব তোমাৰ হৃদয় ?

মোৰ কেমেৰাৰ লেন্সত তুমি আধুনিকা
কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হব তোমাৰ হৃদয় ?
লেন্সত মোৰ অনিশ্চয়তাৰ পৰশ
প্ৰতিটো ক্লিকতেই লাগি ৰয় সেউজ সন্ধানী প্ৰত্যাশা
অৰণ্য হৈ চোৱানা এবাৰ
উচ্চতম কিমান সেউজীয়াৰ পৰশেৰে ভেদিব পাৰি উগ্ৰতাৰ প্ৰলেপ ?
ফোটোত তোমাৰ লাগি ৰয় পাৰ্লাৰ পাৰ্লাৰ গোন্ধ
বিচাৰিলে দিব পাৰোঁ মেঘালী ঘ্ৰাণ
সৌন্দৰ্য্যতাৰ বিলাতী পানীৰে নিদিবাছোন জ্বলিবলৈ এলবামবোৰ
নীলাভৰ গভীৰতাত থুপাই থোৱা সেয়া হৃদয় নামৰ এলবাম
চাইছানে মচি কেতিয়াবা উগ্ৰ ফোটোৰ ৰংবোৰ ?
ৰংবোৰেও ক, আমাৰ আশা সেউজীয়াৰ ভাষা
কঠিয়া হৈ চাবাছোন কেতিয়াবা
কিমান আঁতৰৰ ফকাছে পোহৰাই তুলিব তোমাৰ বুকুৰ সেউজীয়া ?
কঠিয়া হৈ চোৱানা এবাৰ
বতাহ হৈ মই চুব বিচাৰোঁ

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত)

আকৌ ফুলিব শেৱালি

পাৰ হোৱা ৰাতিৰ বৈ যোৱা বতাহ
ধৰা হওঁক, বতাহজাক আছিল এজাক ধুমুহা
নাইবা ধৰক, টাইফুন
শেৱালী জানো বাদ দিয়ে ফুলিবলৈ ?
পুৱতিৰ শেতেলীত জোন-ভিজা পাতবোৰে কয়
শেৱালি আকৌ ফুলিব
দুৱৰিৰ বোকোচাত জীপাল মুকুতাই কয়
শেৱালি আকৌ ফুলিব
পানীপতাৰ টিপ্ টপ্ শব্দয়ো কয়
আকৌ ফুলিব শেৱালি

শিলাবৃষ্টিৰো আছে অতীত
বৰষুণৰ শিলবোৰতো শিল নহয় !
গোট মৰা পানীবোৰৰ গোপন মন্ত্ৰণা
পানী হোৱাৰ তাড়নাত অন্তহীন ব্যস্ততা
গোট মৰা জুলীয়া ক্ৰিষ্টেলবোৰে কয়
আকৌ গলিব হৃদয়
হৃদয়ৰ পলসুৱাত গুজিছিলোঁ আমি যে সম্ভাৱনাৰ ঠাঁনি !
তুমি, মই, তেওঁ, আমি
টাইফুনক নেওচি সেউজীয়াই ক
আকৌ শেৱালি ফুলিব

ভৱিষ্যতৰ এটি বিন্দুত শেষ প্ৰাণৰ সন্ধিয়া আৰু পুৰণি পৃথিৱী

        অন্তিম পানীটুপি ওঁঠত লৈ সি বিচাৰি গৈছিল সেউজীয়া উশাহ উচ্চতম শৃঙ্গটোৰ পৰা চুটি পুৰণি উশাহবোৰ জুমি চাই ধোঁৱাৰ মাজেৰে দেখা পালে এপৃথিৱী ধোঁৱা ধোঁৱা বগাই উঠি অহা নিমগছবোৰ হেনো সেউজীয়া আছিল এসময়ত যত বাস কৰিছিল উৰণীয়া উশাহ ! শুনোঁ বুলিয়েই ডেউকাৰ শব্দ, মেলি দিলে সি সভ্য শতিকাৰ কাণ খঙাল আকাশৰ মঙহাল ঢেৰেকনীয়ে শুনিব দিয়া নাছিল ডেউকাৰ কোব আৰু সেই ঢেৰেকনীক দমন কৰা সভ্য শতিকাৰ অসভ্য গোঁজৰণিবোৰে বাৰুকৈয়ে তাক উপলুঙা কৰিছিল পানীটুপি ওঁঠত লৈ উভতি যাব বিচাৰিলে সি উশাহৰ সেউজীয়া দিনবোৰলৈ কিন্তু তেতিয়ালৈ সন্ধিয়া নামিছিল, শেষ প্ৰাণৰ সন্ধিয়া

(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত)

আঞ্চলিক বাতৰি

___/\___ নমস্কাৰ । মাজনিশাৰ আঞ্চলিক বাতৰি পঢ়িছে পগলাকান্ত পাটগিৰীয়ে আজিৰ প্ৰধান বাতৰিসমূহ হ’ল......


* ফেচবুক কৰি গাড়ী চলাওতে ভেনা-মাখীৰ সৈতে হোৱা সংঘৰ্ষত এখন বাছ দুৰ্ঘটনাগ্ৰস্থ
* নখ কাটোতে মুৰ্খমন্ত্ৰীৰ আঙুলিত আঘাত
* প্ৰতি লিটাৰত ২০১২ টকাকৈ পানীৰ দাম বৃদ্ধি
* ফেচবুক কৰিব পৰা কেলকুলেটৰৰ আৱিস্কাৰ
* বঙ্গোপসাগৰত চলি থকা “সদৌ অসম ক্ৰিকেট টুৰ্ণামেন্ট”ত বাংলাদেশৰ ০ ৰাণত জয়লাভ


এতিয়া বিতং বাতৰি :-


         ফেচবুক কৰি ভাল পোৱা বাছৰ দ্ৰাইভাৰ এজনৰ ভুলৰ বাবে কালি কাছাৰী-ঘাটৰ পৰা উমানন্দত অভিমুখী বাছ এখন দুৰ্ঘটনাত পতিত হয় ৩ কিঃমিঃ প্ৰতি ঘন্টাত তীব্ৰবেগে আহি থকা বাছখনৰ, দেটিং মাৰিবলৈ যোৱা মাখীন্দৰ সিং নামৰ ভেনামাখী এটাৰ লগত মুখামুখী সংঘৰ্ষ সংঘটিত হয় দুৰ্ঘটনাত ৫.৭ জন লোক আহত হয় আৰু তাৰ পৰা ৭জন বিয়োগ কৰি পোৱা সংখ্যক লোক নিহত হয় নিহত লোকসকলক ততালিকে ১০৮ মাতি পশু-চিকিত্‍সালয়লৈ নিয়াৰ দিহা কৰা হয় আৰু আহতসকলক শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰা হয় বিশেষ সূত্ৰৰ পম খেদি জানিব পৰা গৈছে যে ১০৯ বছৰীয়া ফেচকান্ত কাকতি নামৰ দ্ৰাইভাৰজনে বাছখন চলোৱাৰ সময়ত ফেচবুকত চাটিং কৰি চেনি খাই আছিল


         অসমৰ মুৰ্খমন্ত্ৰী তৰমুজ গগৈয়ে