কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ’ব তোমাৰ হৃদয় ?

মোৰ কেমেৰাৰ লেন্সত তুমি আধুনিকা
কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হব তোমাৰ হৃদয় ?
লেন্সত মোৰ অনিশ্চয়তাৰ পৰশ
প্ৰতিটো ক্লিকতেই লাগি ৰয় সেউজ সন্ধানী প্ৰত্যাশা
অৰণ্য হৈ চোৱানা এবাৰ
উচ্চতম কিমান সেউজীয়াৰ পৰশেৰে ভেদিব পাৰি উগ্ৰতাৰ প্ৰলেপ ?
ফোটোত তোমাৰ লাগি ৰয় পাৰ্লাৰ পাৰ্লাৰ গোন্ধ
বিচাৰিলে দিব পাৰোঁ মেঘালী ঘ্ৰাণ
সৌন্দৰ্য্যতাৰ বিলাতী পানীৰে নিদিবাছোন জ্বলিবলৈ এলবামবোৰ
নীলাভৰ গভীৰতাত থুপাই থোৱা সেয়া হৃদয় নামৰ এলবাম
চাইছানে মচি কেতিয়াবা উগ্ৰ ফোটোৰ ৰংবোৰ ?
ৰংবোৰেও ক, আমাৰ আশা সেউজীয়াৰ ভাষা
কঠিয়া হৈ চাবাছোন কেতিয়াবা
কিমান আঁতৰৰ ফকাছে পোহৰাই তুলিব তোমাৰ বুকুৰ সেউজীয়া ?
কঠিয়া হৈ চোৱানা এবাৰ
বতাহ হৈ মই চুব বিচাৰোঁ

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত)

1 comment:

  1. Scion xD AC Compressor
    This is my Good luck that I found your post which is according to my search and topic, I think you are a great blogger, thanks for helping me out from my problem..

    ReplyDelete