আঞ্চলিক বাতৰি

___/\___ নমস্কাৰ । মাজনিশাৰ আঞ্চলিক বাতৰি পঢ়িছে পগলাকান্ত পাটগিৰীয়ে আজিৰ প্ৰধান বাতৰিসমূহ হ’ল......


* ফেচবুক কৰি গাড়ী চলাওতে ভেনা-মাখীৰ সৈতে হোৱা সংঘৰ্ষত এখন বাছ দুৰ্ঘটনাগ্ৰস্থ
* নখ কাটোতে মুৰ্খমন্ত্ৰীৰ আঙুলিত আঘাত
* প্ৰতি লিটাৰত ২০১২ টকাকৈ পানীৰ দাম বৃদ্ধি
* ফেচবুক কৰিব পৰা কেলকুলেটৰৰ আৱিস্কাৰ
* বঙ্গোপসাগৰত চলি থকা “সদৌ অসম ক্ৰিকেট টুৰ্ণামেন্ট”ত বাংলাদেশৰ ০ ৰাণত জয়লাভ


এতিয়া বিতং বাতৰি :-


         ফেচবুক কৰি ভাল পোৱা বাছৰ দ্ৰাইভাৰ এজনৰ ভুলৰ বাবে কালি কাছাৰী-ঘাটৰ পৰা উমানন্দত অভিমুখী বাছ এখন দুৰ্ঘটনাত পতিত হয় ৩ কিঃমিঃ প্ৰতি ঘন্টাত তীব্ৰবেগে আহি থকা বাছখনৰ, দেটিং মাৰিবলৈ যোৱা মাখীন্দৰ সিং নামৰ ভেনামাখী এটাৰ লগত মুখামুখী সংঘৰ্ষ সংঘটিত হয় দুৰ্ঘটনাত ৫.৭ জন লোক আহত হয় আৰু তাৰ পৰা ৭জন বিয়োগ কৰি পোৱা সংখ্যক লোক নিহত হয় নিহত লোকসকলক ততালিকে ১০৮ মাতি পশু-চিকিত্‍সালয়লৈ নিয়াৰ দিহা কৰা হয় আৰু আহতসকলক শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰা হয় বিশেষ সূত্ৰৰ পম খেদি জানিব পৰা গৈছে যে ১০৯ বছৰীয়া ফেচকান্ত কাকতি নামৰ দ্ৰাইভাৰজনে বাছখন চলোৱাৰ সময়ত ফেচবুকত চাটিং কৰি চেনি খাই আছিল


         অসমৰ মুৰ্খমন্ত্ৰী তৰমুজ গগৈয়ে
কালি ৫ বছৰৰ মূৰত নখ কাটোঁ বুলি মামৰে ধৰা ১২অ’ ক্ল’ক ব্লেড এখন আনিছিল কিন্তু নখ কাটি থাকোতে হঠাতে ম’বাইলত “কেউ কেউ কেউ কেউকেউকেউকেউ......” ৰিংটোন বাজি উঠাত চক খাই উঠে যাৰ ফলত তেওঁৰ ডেকা আঙুলিটো বেয়াকৈ আঘাটপ্ৰাপ্ত হয় খঙত জ্বলি পকি মুৰ্খমন্ত্ৰীগৰাকীয়ে ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰে পিছত ম’বাইল তুলি স্ক্ৰীণত “চালিয়া গান্ধী” নামটো দেখাতহে তেওঁৰ খঙটো পতকৈ নোহোৱা হয় অসমত ১২অ’ ক্ল’ক ব্লেডৰ প্ৰচলন বন্ধ কৰি দিয়া হয়


        পানীৰ দাম পুনৰ বৃদ্ধি কৰা হৈছে প্ৰতি লিটাৰ পানীৰ দাম ২০১২ টকাকৈ বৃদ্ধি পোৱাত মহা চিন্তাত পৰিছে খকুৱা লোকসকল ভাৰতৰ প্ৰধানমন্ত্ৰী লালমোহন চিঙৰাই ৰাইজক আশ্বাস দি কৈছে যে ঠাণ্ডাৰ দিনত গা ধুবলৈ বৰ দিগদাৰ বাবেই ৰাইজৰ সুবিধাৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে লগতে তেওঁ বছৰটোত আটাইতকৈ বেছিদিন গা নুধুৱাকৈ থাকিব পৰা ব্যক্তিজনলৈ “ছাৰ্ফ এক্সেল ব্লু”ৰ পেকেট এটা পুৰস্কাৰ হিচাপে ঘোষণা কৰাত অতিকৈ আনন্দিত হৈ পৰিছে ধুৰন্ধৰ লোকসকল


        এতিয়া ক্ষন্তেক বিৰতি বিৰতিৰ পিছত আছে আকৌ খবৰ


     ( নৱৰত্ন তেল ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ পৰা বাছিবলৈ নৱৰত্ন তেল ব্যৱহাৰ কৰক এই তেল ইমানেই ঠাণ্ডা যে এই তেল ঘঁহাৰ পিছত ঠাণ্ডাই আপোনাৰ ওচৰলৈ আহিবলৈ হিম্মত নকৰিব “ঠাণ্ডা”ৰেই ঠাণ্ডা লাগি যোৱাত ঠাণ্ডা আপোনাৰ দেহৰ পৰা পলাই পত্ৰং দিব নৱৰত্ন তেল....ঠাণ্ডা ঠাণ্ডা কুল কুল )


         আমি পুনৰ উভতি আহিছোঁ বাতৰিলৈ সমূহ ফেচবুক প্ৰেমী ৰাইজলৈ এটি সুখৰ খবৰ | আগ্ৰাত এদল চেৰা পাগলৰ দীৰ্ঘদিনীয়া পাগলামিৰ ফলস্বৰূপে এটি নতুন কেল্‌কুলেটৰৰ উদ্ভাৱন হয় ফেচবুকৰ সুবিধা থকা এই কেল্‌কুলেটৰটোৰ আৱিস্কাৰৰ ফলত নাচি উঠিছে সমূহ ফেচবুকপ্ৰেমী ছাত্ৰ-ছাত্ৰী উল্লেখযোগ্য যে এই কেল্‌কুলেটৰটোৰ সহায়ত পৰীক্ষা হলৰ পৰাও ফেচবুকত নিজৰ উপস্থিতি ঘোষণা কৰিব পৰা যাব


         খেলৰ বাতৰিঃ
               বঙ্গোপসাগৰৰ তলিত চলি থকা “সদৌ অসম ক্ৰিকেট টুৰ্ণামেন্ট”ৰ অহাকালি ৰাতিপুৱা হৈ যোৱা “ডে-নাইট” মেট্‌ছ এখনত বাংলাদেশে অসমক ০ ৰাণত পৰাস্ত কৰে । খেলখনত বাংলাদেশে প্ৰথমে বেটিং কৰি কোনো ৰাণ কৰিবলৈ সক্ষম নহ’ল | তাৰ পিছত অসম দলৰ খেলুৱৈ বেটিং কৰিবলৈ খেলপথাৰত নামোতেই দুয়োপক্ষৰ খেলুৱৈৰ মাজত প্ৰচণ্ড মাৰা-মাৰিৰ সৃষ্টি হয় পিছত আম্পায়াৰৰ বুজনিত খেলখন পুনৰ আৰম্ভ হয় যদিও কন্দা-কটাৰ ফলত সৃষ্টি হোৱা বানপানীত সাঁতুৰি সাঁতুৰি বেটিং কৰিবলগীয়া হোৱা বাবে খঙত অসমৰ বেট্‌ছমেন এলেহুৱা তালুকদাৰে বেটেৰে কোবাই আম্পায়াৰৰ নাক ভাঙে ফলত আম্পায়াৰ পেনপেনীয়া দাসে ফেঁকুৰি ফঁকুৰিয়েই খেলখনৰ বাকী অংশত আম্পায়াৰিং কৰিবলগীয়া হয় বাংলাদেশৰ বলাৰ তুফান মিঞাই সুন্দৰ বলিং প্ৰদৰ্শন কৰি ১১ জন অসমৰ বেট্‌ছমেনৰ মাথা ফালে তেওঁকেই “মেন অফ দা মেট্‌ছ ঘোষণা কৰা হয়


           বতৰঃ
               কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা অনুসৰি অহা ২৪ ঘন্টাত অসমত প্ৰচণ্ড ৰ’দ দিয়াৰ সম্ভাৱনা আছে ৰ’দ নিদিলে বৰষুণ দিয়াৰ সম্ভাৱনাই অধিক বৰষুণ দিলে তুৰি মাছ পৰাৰ সম্ভাৱনা আছে মাছ পৰিলে উৰুকাৰ ভোজ খাবলৈ মাতিব


         মাজনিশাৰ বাতৰি আজিলৈ ইমানেই জিন্দা থাকিলে কাইলৈ পুনৰ লগ পাম ধন্যবাদ

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত)

No comments:

Post a Comment