নিয়ৰ তলসৰা

এই যে ডাঙৰ হোৱাৰ নিয়ম আৰু দায়িত্বৰ বিধানবোৰ
ঠুনুকা হোৱা হ’লে মুচৰি পেলাবৰ মন
সৌ যে ’সমাজ বিদ্যা’ত টোপনি আৰু তোলৈ ’চুপাৰি’
মাক নক’বলৈ আকৌ দিবৰ মন

তোলৈ এইবাৰ কি নিম বুলি ভাবিছোঁ ?
পদুলিত চিঞৰিম মা মা
তই চিঞৰিবি মা মা
দাদা আহিছে চা চা
চাল্লা ডাঙৰ হোৱাৰ নিয়মবোৰ !!

ডাঙৰ হোৱাৰ আগতেই যদি নহ’লিহেঁতেন ডাঙৰ !
গাৰুৰ তলৰ ঘূৰণীয়া কেইটিমান ধাতৱ
চুৰ কৰিবলৈ আহিবি না
ভজা বুট, বৰফ কিম্বা মুড়ীৰ লাড়ু
ডাঙৰ হোৱাৰ নিয়মবোৰেই চাল্লা বেইমান

এই যে পিঠিত হাতৰ শব্দ আৰু পেনপেনীয়া আব্দাৰ
দেউতালৈ ভয়, বুজনি আৰু বুজনি
খাটনিৰ ওপৰত খাটনি আৰু ’কেৰমব’ৰ্ড’ৰ গুটি 
এই ’আৰু’বোৰত দাৰি লগা বহুদিনেই হ’ল 
দুডাল দুৱৰিত নিয়ৰ নপৰা বহুদিনেই হ’ল
কালদিয়াৰ দলং চিঙা বহুদিন হ’ল

ৰবাব টেঙাৰ আবেলিত নিবিচাৰোঁ এতিয়া ৰ’দোৱা কাপোৰৰ গোন্ধ

(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত)

No comments:

Post a Comment