এঞ্জেল প্ৰিঞ্চেছ শূৰ্পনখা, পাৰ্লাৰনগৰ
সমস্যাঃ- মই মোৰ ফেচবুকৰ প্ৰ’ফাইল পিক্চাৰত যাকে-তাকে,
যধে-মধে যিমান টেগ কৰিলেও বেছি লাইক নাপাওঁ। লাইক বঢ়াবলৈ কিমান পূজা-পাতাল কৰিলোঁ,
কিমানৰ ফোটোত লাইক কৰিলোঁ, কিমানৰ ইনবক্সত plz lyk ma prof pic
বুলি লিখিলোঁ হিচাপ নাই; কিন্তু এতিয়ালৈকে কোনো সুফল পোৱা নাই। লাইক পাবলৈ একেখন ফোটোকে
দুই তিনিদিনৰ মূৰে মূৰে পুনৰ প্ৰফাইল পিক বনাওঁ আৰু কেতিয়াবা কমেণ্ট কৰিও ফোটোখন ওপৰলৈ
তুলি আনো, যাতে আনৰ নটিফিকেচনত আহে। তথাপিও বেছি লাইক নাপাওঁ। বৰ চিন্তাত পৰিছোঁ। উপায়
এটা দিব বুলি আশা কৰিলোঁ।
সমাধানঃ- আপুনি কি কম্পেনীৰ চিম কাৰ্ড ব্যৱহাৰ কৰে
নজনোৱা বাবে সমস্যাটোৰ সমাধান দিবলৈ অলপ অসুবিধা হৈছে। তথাপি কওঁ, আপুনি যদি ৰিলায়েন্সৰ
চিমৰ পৰা নেট কৰে তেন্তে ভোদাফোন নাইবা এয়াৰটেল ব্যৱহাৰ কৰি চাব পাৰে এণ্ড ভাইচ ভাৰ্চা।
নতুবা কেইটামান ফেক প্ৰ’ফাইল খুলি নিজেই লাইক কৰিব পাৰেছোন! দহটা ফেক প্ৰ’ফাইল খুলিলেও,
প্ৰতিটো প্ৰ’ফাইলৰ পৰা ৫০ বাৰকৈ লাইক কৰিলেও ৫০০ টা লাইক সহজতে আহি যাব।
অসম্ভৱ বেজবৰুৱা, গাওঁ- ইম্পচিব্লপুৰ
সমস্যাঃ- মোৰ ফেচবুক প্ৰ’ফাইলৰ পৰা ফ্ৰেণ্ড
ৰিকুৱেষ্ট নাযায়। এমাহৰ বাবে ব্লক কৰি থৈছে জুকাৰবাৰ্গ ভিনদেৱে। মোৰ স্বভাৱ-চৰিত্ৰ
ভাল বাবে হিংসাতে বহু বন্ধু-বান্ধৱীয়ে তেওঁলোকৰ ফ্ৰেণ্ডলিষ্টৰ পৰা মৰমেৰে গতা মাৰি
বাহিৰলৈ উলিয়াই দিছে মোক আৰু বহুতে ব্লকো কৰিছে। ফলত কাজিৰঙাৰ গঁড়ৰ দৰে দিনক দিনে
মোৰ ফ্ৰেণ্ডৰ সংখ্যা কমি আহিছে আৰু অসমৰ বানপানীৰ দৰে মোৰ টেনচন বাঢ়ি আহিছে। উপায়
এটা দিয়ক না।
সমাধানঃ- অপোনাৰ সমস্যা দেখিছোঁ গভীৰ। আপুনি এটা
কাম কৰিব পাৰে, ফেচবুকৰ যিকোনো গ্ৰুপত, পেজত, যোকোনো ষ্টেটাছ, ফোটো আদিত,
যাৰে-তাৰে ৱালত, ইনবক্সত, মুঠতে যতেই পাই তাতেই ‘এদ মি আই এম বলক’ বুলি লিখি চাব
পাৰে। বন্ধুৰ আড্ডাত, মেলে-মিটিঙে, সাংস্কৃতিক সন্ধিয়া, পূজা-সৱাহ ইত্যাদি যিকোনো
অনুষ্ঠানতেই য’তেই সুবিধা পায় তাতেই অকস্মাতে ডাঙৰকৈ চিঞৰি দিব ‘এদ মি আই এম বলক’
বুলি। পাৰিলে সকলো সময়তে মাইক এটা লগত লৈ ফুৰা ভাল। সদায় ৰাতিপুৱা শুই উঠাৰ আগত
আৰু ৰাতি টোপনি যোৱাৰ পিছতো ৩ বাৰকৈ চিঞৰিব। লগতে নিজৰ কপাল, গাল, হাত, ভৰি চবতে
গজনি খুড়াৰ নিচিনাকৈ লিখি ল’ব ‘এদ মি আই এম বলক’ বুলি। পাৰিলে বাক্যটোৰ শেষত
‘প্লিজ’ তিনিটামান আৰু :পি :পি, :ডি :ডি যি পাৰে চব লগাই দিব।
লাজকুৰীয়া ডেকা, নিলাজনগৰ
সমস্যাঃ- প্ৰকাশত অনিচ্ছুক।
সমাধানঃ- আপুনি ফেচবুক কৰিলে অনলাইন দেখুওৱাটো
স্বাভাৱিক। শৰীৰত সেউজীয়াৰ পৰিমাণ বাঢ়িলেও কেতিয়াবা চাত-বক্সৰ সেউজীয়া লাইটটো
অনবৰতে জ্বলি থকা দেখা যায়। গছ-গছনি কমকৈ খোৱা কৰিব। ৰাতি দুই বজালৈকে অনলাইন থাকি
বেলেগৰ লগত চেনী খাই থকা বাবে গাৰ্লফ্ৰেণ্ডৰ পৰা গৰু পিটন খোৱাটোত লাজ কৰিবলগা একো
নাই। প্ৰতিবাদস্বৰূপে অসম বন্ধ এটা দি চাব পাৰে, সুফল পাব। প্ৰেয়সীৰ চৰ-ভুকুত
চকু-মুখ ফুলি থকা বাবে মানসিক অশান্তিত ভুগিছে যদি বান্দৰ কেকোঁৱা আৰু চোৰাত পাতৰ
মিশ্ৰণ এটা তৈয়াৰ কৰি মূৰত ঘঁহিলে মানসিক শান্তি আৰু সুস্থিৰতা ঘূৰি আহিব।
ভাইৰাচ হাজৰিকা, লগআউট নগৰ
সমস্যাঃ- মই ছোৱালীবোৰক কিমান ‘হাই ডীয়েৰ’ বুলি
মেচেজ দিওঁ, ফোটোত ‘লুকিং নাইচ’, ‘চো বিউটিফুল
ডীয়েৰ’ জাতীয় কমেণ্ট দিওঁ, ইম্প্ৰেচন বঢ়াবলৈ ইংৰাজীত বুজি নোপোৱা ‘অসম্ভৱ চৰ্টকাট
ইষ্টাইল’ত ষ্টেটাচ আপডেট দিওঁ, পাৰ্ক কৰি থোৱা বেলেগৰ দামী দামী বাইকত ৰাতি চানগ্লাছ
পিন্ধি ৰনবীৰ কাপুৰৰ ইষ্টাইলত ফোটো উঠি প্ৰ’ফাইল পিক বনাওঁ। তথাপিও কোনোৱে মোক
পাট্টাই নিদিয়ে।
সমাধানঃ- আপোনাৰ সমস্যাৰ আঁৰত বিৰোধী পক্ষৰ হাত
থকা যেন অনুমান হয়। গেচ্ট্ৰিকৰ সমস্যাৰ বাবেও কেতিয়াবা এনেকুৱা হোৱা দেখা যায়। তথাপি
বিশেষ চিন্তা কৰাৰ দৰকাৰ নাই। এহ বাদ দিয়ক হে! মিছা কলে কিডাল হ’ব, হয়নে নহয়? আমেৰিকাতো অপোনাক কোনেও পাট্টা নিদিয়ে।
আপোনাৰো যদি কিবা সমস্যা আছে তেন্তে habathuri@jotetote.com লৈ মেইল কৰিব পাৰে।
ইতি,
নাথুৰাম
Send Valentine Day Gifts Online
ReplyDeleteBest Valentines Day Gifts Online
Dr. Bhupen Hazarika song Lyrics
ReplyDeleteUjjwal Aarong
Zubeen Garg song Lyrics
Neel Akash song Lyrics