ৰংদেউৰ জন্ম
( সৰুতে শক্তিমান চাই খুব ভাল
পাইছিলোঁ / তদুপৰি চুপাৰমেন, নাগৰাজ, ডোগা,
পৰমাণু, তিৰংগা আদি কমিক্সসমূহ পঢ়ি ভাত-পানী
পাহৰি যোৱা আছিলোঁ / ভাবিলোঁ, অসমৰ থলুৱা
উপাদানসমূহেৰে সমৃদ্ধ যদি এজন অতিমানৱ থাকে কেনেকুৱা হয় ! তাৰেই সৰু-সুৰা প্ৰচেষ্টা এটা
চলাইছোঁ / গল্প লিখাত আমি ইমান সিদ্ধহস্ত নহয় / "আদাক দেখি উঠিল গা, কেঁতুৰিয়ে
বোলে মোকো খা" বুলি কথা এষাৰ আছে নহয় ! এই প্ৰয়াসক গল্পৰ নাম দিব পাৰি নে
কিবা বেবেৰিবাংহে হৈছেগৈ সেয়াও আমাৰ অজ্ঞাত ! সুধীবৃন্দৰ পৰামৰ্শ আৰু মতামত কাম্য / বানান ভুলৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰি আঙুলিয়াই দিবলৈ
অনুৰোধ জনালোঁ / ধন্যবাদ )
কথাটোৰ যেতিয়া প্ৰথমবাৰৰ বাবে উমান
পাইছিল আশ্চৰ্য্যচকিত হৈ উঠিছিল ৰংমন | প্ৰথমবাৰ তাৰ সপোন
যেনেই লাগিছিল, কিন্তু পুনৰবাৰ চেষ্টা কৰি যেতিয়া সফল হৈছিল,
আনন্দত আত্মহাৰা হৈ পৰিছিল সি | আচলতে
কাঁজলীজনীক বিচাৰিহে সেইদিনা সি হাবিখনলৈ যাবলগীয়া হৈছিল, যিখন
হাবি স্থানীয় ৰংপূৰবাসীৰ মাজত "যমৰ হাবি" নামেৰে পৰিচিত | ৰংপূৰ গাঁৱৰ কোনো মানুহেই ৰাতিহে নালাগে, দিনতো সেইপিনে
মুখ কৰিবলৈ মৰসাহ নকৰে | অত্যন্ত সত্ আৰু সাহসী হিচাপে
পৰিচিত ৰংমনে বুকুখন ডাঠ কৰি ল’লে
| দেৱেশ্বৰৰ পৰাই গম পাইছিল সি,
তাৰ মৰমৰ কাঁজলীজনী "যমৰ হাবি"ত
সোমোৱা বুলি | দেউতাক ঢুকোৱাৰ পিছৰ পৰাই গৰু চৰোৱা, খৰি লুৰা আদি তাৰ কান্ধত আহি পৰা দায়িত্বসমূহ ইমানদিনে অতি সুকলমেই পালন
কৰি আহিছিল সি | কিন্তু আজি তাৰ অলপ অসাৱধানতাৰ ফলতেই গৰুজনী
তাত সোমাবলৈ পালে | নিজৰ ওপৰতেও খং উঠি গ’ল ৰংমনৰ | খং কৰিওতো এতিয়া একো লাভ নাই, মনতে ভাবিলে সি | হ’ল বুলিতো
আৰু এনেকৈ গৰুজনীক এৰি দিবও নোৱাৰি !
মনৰ ভিতৰতে তিনিবাৰ ঈশ্বৰৰ নাম স্মৰণ
কৰি ধীৰ গতিৰে হাবিখনলৈ সোমাই গ’ল সি | অস্তাচলত তেতিয়া বেলি ডুবিছিল যদিও পূৰ্ণিমাৰ পোহৰে তাক সাহস যোগাইছিল |
কাঁজলীজনীক মাতি মাতি সোমাই গৈ আছে ৰংমন | পূৱ
দিশত অলপ দূৰত কাঁজলীৰ হেম্বেলনি শুনিবলৈ পাই মনতো পুলকিত হৈ উঠিল তাৰ | খৰ গতিৰে আগুৱাই গ’ল সি হেম্বেলনি অনুসৰণ কৰি |
উত্তৰ দিশৰ পৰা হঠাতে কিবা খচ্খচনি এটা শুনি চক্ খাই উঠিল সি |
গছ এজোপাৰ আঁৰ লৈ জুমি চালে দক্ষিণৰ পিনে | এনেতে
খচ্খচনিৰ লগতে গোঁজৰণি এটা শুনিবলৈ পাই জিকাৰ খাই উঠিল ৰংমন | বুকুৱে তাৰ ধান বানিবলৈ আৰম্ভ কৰিলে, যেতিয়া সি নিশ্চিত
হ’ল যে এয়া বনৰাজৰ বাহিৰে আন একো নহয় | ততাতৈয়াকৈ ওচৰতে থকা জামু এজোপাৰ ওপৰলৈ উঠি গ’ল সি |
গোঁজৰণি কাষ চাপিছে | "য’তেই বাঘৰ ভয় তাতেই ৰাতি হয়"-কথাষাৰ ইমানদিনে শুনিহে আহিছিল সি
| চাক্ষুস প্ৰমান পালে তেতিয়াহে, যেতিয়া ঘৰ্-মৰ্কৈ
সি উঠি থকা জামুগছৰ ঠানিটো ভাঙি পৰিবলৈ আৰম্ভ কৰিলে | ভয়ৰ
প্ৰকোপত গম নোপোৱাকৈয়ে গছজোপাৰ ভালেখিনি ওপৰলৈ উঠি গৈ সৰু ঠানি এটাত উঠিছিলগৈ সি |
জামুৰ ঠানিটোৰ লগতে তাৰ শৰীৰটোৱেও মধ্যাকৰ্ষণৰ সূত্ৰ অমান্য নকৰাকৈ
হিৰ্-হিৰ্কৈ তললৈ নামি আহি থাকিল | "ত্ৰাহিমাম
ত্ৰাহিমাম" সুঁৱৰি ক’ৰবাত ধৰিবলৈ পোৱাৰ আশাত তীব্ৰ গতিত
হাত দুখন ওপৰলৈ মেলি দিলে ৰংমনে | এনেতে হঠাতে তাৰ শৰীৰটো ৰৈ
গৈ শূন্যত ডুলিবলৈ আৰম্ভ কৰিলে | ঘটনাৰ আকস্মিকতাত প্ৰথমতে
ৰংমনে একোৱেই ধৰিবলৈ সক্ষম হোৱা নাছিল যদিও ওপৰলৈ চাই দেখে যে দুখন দীঘল গামোচা
গছৰ ডাল এটাত মেৰ খাই তাৰ হাতৰ সৈতে সাঁঙোৰ খাই আছে | আশ্চৰ্য্যপূৰ্ণ
মনটোৰে স’তে ওপৰলৈ উঠিবলৈ চেষ্টা কৰি ৰংমনে দেখে যে সি বিচৰা
ধৰণেই গামোচাৰ ৰচী দুডাল চুটি হৈ গৈ আছে | গছডালৰ ডাল এটালৈ
উঠি গৈ ওপৰত বহি ল’লে সি | কিবা এটা
নতুন আত্মৰহস্যৰ উমান পালে | ডালটোত বহিয়েই সি পুনৰ এবাৰ হাত
দুখন আগৰ নিচিনাকৈ আমগছ এজোপাৰ ডাল এটালৈ বুলি উদ্দেশ্য কৰি মেলি পঠিয়ালে |
তাৰ হাতৰ পৰা গামোচাৰ দুডাল দীঘল ৰচী ওলাই সি লক্ষ্য কৰা ডালটোত মেৰ
খাই গ’ল | আনন্দত উত্ৰাৱল হৈ ইডালৰ
পিছত সিডাল গছলৈকে গামোচা-ৰচীৰ সহায়ত ডুলিবলৈ আৰম্ভ কৰিলে ৰংমনে |
আনন্দৰ প্ৰকোপত ডুলি ডুলি পাহৰি গৈছিল
সি কাঁজলীৰ কথা | হঠাত্ কাঁজলীৰ হেম্বেলনি শুনিবলৈ পাই
তললৈ জুমি চালে ৰংমনে | দেখিলে সি উঠি থকা গছডালৰ পিনে কাঁজলীজনি
আহি আছে | এনেতে মনত পৰিল তাৰ গছডালৰ তলতে থকা বনৰাজৰ কথা |
কিবা এটা উপাই ভাবি উলিওৱাৰ আগতেই ৰংমনে দেখিলে যে তীব্ৰ গতিৰে
প্ৰকাণ্ড বাঘটোৱে কাঁজলীৰ পিনে চোঁচা লৈছে | তাৰ অতি মৰমৰ
কাজঁলীৰ এনেকুৱা বিপদ দেখি আগ-পিছ একো নাভাবি ৰংমনে জপিয়াই দিলে বাঘটোৰ পিঠিলৈ
বুলি | বনৰাজৰ গলধনত খামুচি ধৰি দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি
ৰখাবলৈ চেষ্টা কৰিলে | কিন্তু বনৰাজ আৰু মনুষ্য দেহৰ শক্তিৰ তুলনা
ক’ত ! ৰংমনৰ দেহৰ সমস্ত শক্তিক উপেক্ষা কৰি বনৰাজ আগুৱাই গৈ
থাকিল | ৰংমনৰ অতি মৰমৰ কাঁজলীৰ দেহত বাঘটোৱে জপিয়াই পৰিবলৈ
লওতেই ৰংমনে এখন হাতেৰে বনৰাজৰ ডিঙিত খামুচি আনখন হাতেৰে বিপৰীত দিশত থকা ডাঙৰ আম
গছ এডাললৈ বুলি গামোচা-ৰচী মাৰি পঠিয়ালে | গামোচা-ৰচীৰ সহায়ত
কোনোমতে সি বনৰাজৰ গতি স্তব্ধ কৰিবলৈ সক্ষম হ’ল যদিও বনৰাজৰ
নখৰ আঁচোৰত কাঁজলীৰ গলধনৰ পৰা তেজ নিগৰিবলৈ ধৰিলে | তাৰ অতি
মৰমৰ কাঁজলীৰ দেহত তেজ দেখি খঙত জ্ব্লি-পকি কঁপিবলৈ ধৰিলে সি | খঙৰ প্ৰকোপ বাঢ়ি গৈ থাকিল আৰু হঠাতে ৰংমনে তাৰ দেহৰ শক্তি বহুগুণ বৃদ্ধি
হোৱা যেন অনুভৱ কৰিলে আৰু কিয় জানো তাৰ নাকটোও দীঘল হোৱা যেন অনূভৱ কৰিলে |
বনৰাজৰ লগত ৰংমনৰ তয়াময়া ৰণ লাগিল | ভালেখিনি
সময় যুঁজি যুঁজি অৱশেষত ভাগৰি পৰিল ৰংমন | হঠাতে এবাৰ বাঘৰ
আঁচোৰত দূৰৈত চিটিকি পৰিল সি | তীব্ৰ গতিত তাৰ পিনে চোঁচা লৈ
তাৰ ওপৰত জপিয়াই পৰিব লোৱা দেখি "ত্ৰাহিমান ত্ৰাহিমান" সুঁৱৰি চকু দুটা
মুদি এটা বিকট চিঞৰ মাৰিলে ৰংমনে | কিন্তু কি আচৰিত !
ক্ষন্তেক পিছত চকু মেলি চাই সি দেখে যে বাঘটো তাৰ গাৰ ওপৰত নপৰি আন এটা দিশত হে
গুজৰি-গুমৰি চোঁচা ল’লে | যাওঁতে বাটত
কেইবাডাল গছত খুন্দা মাৰি গ’ল |
আচৰিত হ’ল ৰংমন |
ভাবি তত্ নাপালে প্ৰকৃততে হৈছিলনো কি ! সি এইবাৰ চকুদুটা মেলিয়েই
অনুৰূপ আগৰটোৰ দৰে এটা চিঞৰ মাৰি চালে | দেখিলে মুখৰ পৰা তাৰ
ভুত-জলকীয়াৰ গুৰি ওলাই ভালেখিনি দূৰলৈ চিটিকি গৈছে, ফল্গোত্সৱত
ফিচ্কাৰি মৰাৰ লেখিয়াকৈ | নাকটোও তাৰ দীঘল হোৱা যেন বোধ
হৈছিল | অলপ আঁতৰত গাঁত এটা বৰষুণৰ পানীৰে ভৰি আছিল আৰু
জোনটোৰ পোহৰত পানীখিনি জিলিকি আছিল | নিজৰ শৰীৰটো এবাৰ চোৱাৰ
প্ৰয়োজনবোধ কৰিলে ৰংমনে | শেহতীয়া কেইটামান মুহূৰ্তত কেইবাটাও
আশ্চৰ্য্যৰ সম্মুখীন হৈ আছে সি | পানীখিনিৰ ওচৰলৈ গৈ নিজৰ
শৰীৰটো চাওঁ বুলি ভাবি চকু নিক্ষেপ কৰিয়েই থৰ হৈ ৰ’ল ৰংমন |
তাৰ নাকটোৱে দেখোন গঁড়ৰ খৰ্গৰ ৰূপ ধাৰণ কৰিছে আৰু হাত-ভৰিবোৰো গঁড়ৰ
ঠেঙৰ নিচিনা হৈছে | ইমান পৰে মানুহৰ নিচিনাকৈ দুখন ভৰিৰেই
খোজ কাঢ়ি আছিল সি | লাহেকৈ তাৰ হাত দুখন মাতিত থৈ গঁড়ৰ
নিচিনাকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰি চালে | লাহে লাহে দৌৰিবলৈ আৰম্ভ
কৰিলে | ঊৱা !! সি চোন আগতকৈও ভালেখিনি তীব্ৰ গতিৰে দৌৰিবলৈ
সক্ষম হৈছে | দৌৰি থাকোতে হঠাত্ কাঁজলীৰ হেম্বেলনি শুনি থমকি
ৰ’ল সি আৰু নিজকে সংযত কৰিবলৈ চেষ্টা কৰিলে | মনৰ আনন্দত উত্ৰাৱল হৈ পাহৰিয়েই গৈছিল সি কাঁজলীজনীৰ কথা | লাহে লাহে ৰংমনে তাৰ আগৰ নিজস্ব ৰূপ ঘূৰাই পালে |
তাৰ মৰমৰ কাঁজলীজনীক লৈ ঘৰলৈ ওভতাৰ
পথত মনৰ ভিতৰতে এটা সংকল্প ল’লে ৰংমনে | তাৰ এই শক্তি ৰংপূৰৰ লগতে সমগ্ৰ অসমবাসীৰ ৰক্ষাৰ হকে ব্যৱহাৰ কৰিব সি,
কিন্তু ৰংমন হিচাপে নহয়, ৰংদেউ হিচাপেহে |
ৰংদেউ....ৰংমনৰ নতুন ৰূপটোৰ নাম |
(২৮/০৭/২০১১)
বানাসুৰৰ তাণ্ডৱ
( সেইদিনাৰ ঘটনাটোৰ পিছত ৰংমনে
নিয়মিত ’যমৰ হাবি’লৈ গৈ ৰংদেউৰ ৰূপ
ধাৰণ কৰি নিজৰ শক্তিসমূহৰ পৰীক্ষাৰ লগতে কচৰত্ কৰিবলৈ আৰম্ভ কৰিলে / অসমী আইক অনাগত দূৰ্যোগসমূহৰ পৰা ৰক্ষণাবেক্ষণ দিবৰ হ’কে নিজকে সাজু কৰি ল’লে / ৰংদেউৰ উচ্চতা ৬ ফুট ২ ইঞ্চিমান হ’ব / মটীয়া বৰণৰ পেশীবহুল, শক্তিশালী দেহ / মূৰত ফুলাম গামোচাৰ পাগুৰি আৰু ককালত গামোচাৰ টঙালি,
ডিঙিতো এখন ফুলাম গামোচা / পিন্ধনত বগা ধূতি, মুগা বৰণৰ এটি চোলা,
চোলাটোৰ আগপিনে আৰু পিছপিনে ডিঙিৰ পৰা ককাললৈকে ক’লা বৰণৰ চেক আছে / ৰংদেউৱে এইকেইদনত দুটামান নতুন শক্তিৰ উমান পালে / এদিন সপোনত দেখামতে ঠাই এটুকুৰাত এখন কাপোৰৰ মোনা আৰু এটা
দীঘল মটীয়া বৰণৰ ছাতি পালে / পানীৰ উপৰিও জুই, বজ্ৰপাত আদি
প্ৰতিৰোধ কৰিব পৰা এটা অতি শক্তিশালী ছাতি(ৰংছাতি), যিটো
জপোৱা অৱস্থাত অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি / ৰংদেউৱে নিজৰ ইচ্ছাশক্তিৰে ক্ষিপ্ৰতাৰে ৰংছাতিটো মেলা-জপোৱা
কৰিব পাৰে / মোনাখনত ম’হৰ
শিঙৰ এটা পেঁপা আছে যিটো ৰংদেউৱে বজালে এদল গঁড় সৈন্যবাহিনী ক’ৰবাৰ পৰা তাত্ক্ষণিকভাৱে হাজিৰ হয় / এটা কথা সি লক্ষ্য কৰিলে যে মুখেৰে নিৰ্গত কৰা ভুত-জলকীয়াৰ
গুৰি(ভুত-গুৰি) য’তেই পৰেগৈ তাতেই অগ্নিসংযোগ হয় / আঠু কাঢ়ি সেৱা লোৱাৰ লেখিয়াকৈ মাটিত হাত দুখন থলেই ৰংমনে
ৰংদেউৰ ৰূপটো ধাৰণ কৰিব পাৰে)
ভৰ দূপৰীয়া | ভাতমুঠি
খাই উঠি তামোল কাটি দিবলৈ ভনীয়েক শেৱালীক খাটনি ধৰি আছিল ৰংমনে | এনেতে বাহিৰত কাৰোবাৰ বিকট চিঞৰ এটা শুনি লগে লগে বাহিৰলৈ ওলাই আহিল সি |
দেখে সকলোৱে নমিতাহঁতৰ ঘৰৰ পিনে দৌৰিছে | সিও
লৰ দিলে নমিতাহঁতৰ ঘৰলৈ বুলি | ভিৰ ফালি ঠেলি গৈ দেখে যে
চোতালৰ কাষতে থকা তাঁতশালৰ ওচৰত মাটিত পৰি কঁপি কঁপি ভ্ৰম বকি আছে নমিতাই |
মাজে মাজে নাক আৰু মুখৰ পৰা হোলোককৈ পানী ওলাই আহে |
"সি খাই পেলাব চবকে | কোনেও সাৰি নাযাৱ | পানীত ডুবাই ডুবাই মাৰিব সকলোকে |
পলা...পলা...সকলো পলা তহঁত | আকৌ আহিব সি |
কোনেও সাৰি নেযাৱ | পলা..পলা.....খাই
পেলাব...পানীত ডুবাই ডুবাই...পলা.....পানী খুৱাই খুৱাই..পলা পলা......"
কোনেও ধৰিব পৰা নাই, কি বকি আছে নমিতাই ! কেইজনমানে দাঙি ভিতৰলৈ লৈ গৈ বিচনা এখনত শুৱাই দিলে
তাইক | সৰু-সৰু পেনপেনীয়া ল’ৰা-ছোৱালীবোৰক
তাৰ পৰা খেদি পঠিওৱা হ’ল | ৰমিলা নামৰ
সিহঁতৰ গাঁৱৰে ধাইজনীয়ে পৰীক্ষা কৰি দেখে যে তীব্ৰ জ্বৰত আক্ৰান্ত নমিতা | লগে লগে গাঁওৰ চৰকাৰী চিকিত্সাললৈ প্ৰেৰণ কৰা হ’ল |
তিনিদিন অতিক্ৰম কৰিলে | নমিতাৰ জ্বৰ নমাৰ নামেই নাই | কেৱ্ল সেইটোক লৈয়ে নহয়,
তাতকৈয়ো ডাঙৰ এটা বিষয়েহে চিন্তিত কৰি ৰাখিছে সমগ্ৰ ৰংপুৰবাসীক |
সময় তেতিয়া ভৰ দূপৰীয়া | যমৰ হাবিৰ ওচৰৰ আঁহত
এজোপাৰ তলত চিন্তিত ৰূপত ৰংমন | সি ভাবি পোৱা নাই কেনেকৈ
একেটা ঘটনাৰ পুনৰাবৃত্তি হৈ আছে | যোৱা এসপ্তাহত গাঁওখনৰ ১২
জন মানুহ একেটা বেমাৰত আক্ৰান্ত হ’ল | সবাতোকৈ
আচৰিত ঘটনাটো হ’ল আক্ৰান্ত আটাইকেইজন মানুহে ভ্ৰম অৱস্থাত
বকা কথাখিনি | সেই একেই কথা সকলোৰে মুখত, "সি খাই পেলাব চবকে | কোনেও সাৰি নাযাৱ | পানীত ডুবাই ডুবাই মাৰিব সকলোকে | পলা...পলা...সকলো
পলা তহঁত | আকৌ আহিব সি | কোনেও সাৰি নেযাৱ
| পলা..পলা.....খাই পেলাব...পানীত ডুবাই
ডুবাই...পলা.....পানী খুৱাই খুৱাই..পলা পলা......"
হঠাত্ হাবিৰ ফালে কিবা এটা কলকলনি
শুনি ঘূৰি চাইয়েই চক্ খাই উঠিল ৰংমন | দেখিলে, এটা মানুহৰ আকৃতিৰ চেহেৰা, কিন্তু চেহেৰাটো অকল
পানীৰে ভৰি আছে | মূৰৰ পৰা ভৰিলৈকে পানীৰ তীব্ৰ সোঁত |
প্ৰতিটো খোজত খলক্-খলক্ শব্দ কৰি গৈ আছে গাঁৱৰ দিশে | ৰংমনে সংগোপনে পিছ ললে সেই আকৃতিৰ | এনেতে হঠাত্
বাটত পৰি থকা কাঁইট এডালত খোজ পৰাত বেদনাত চিঞৰি উঠিল ৰংমন | ৰংমনৰ চিঞৰ শুনি সেই আকৃতিটোৱে পিছলৈ উভতি চালে | ৰংমনক
দেখি তাৰ পিনে চোঁচা ল’লে | তৰা-নৰা চিঙি
ৰংমনে হাবিৰ পিনে দৌৰ মাৰিলে | হাবিৰ অলপ জোপোহা গছ এজোপাৰ
আঁৰ লৈ ৰংমনে ৰংদেউৰ ৰূপ ধাৰণ কৰি সেই আকৃতিৰ সম্মুখত হাজিৰ হ’ল |
-কোন তই ? কি
উদ্দেশ্য লৈ ৰংপুৰলৈ আহিছ ?
-হাঃ হাঃ হাঃ...বানাসুৰ মই, শেষ কৰি পেলাম সকলোকে | কোনো সাৰি নেযাৱ | বানাতংক কৰি পেলাম চবকে | কোনোৱে সাৰি নাযাৱ |
হাঃ হাঃ হাঃ
-কি পাবি বা পাইছ তই এইবোৰ কৰি ?
-হাঃ হাঃ হাঃ কূটাসুৰ মোৰ ’আকা’ৰ নাম | ’আকা’ই হৈছে মোৰ জন্মদাতা | বানপানীৰ পৰা সৃষ্টি কৰিছে
মোক | সমগ্ৰ মানৱ জাতিক ধংস কৰাই ’আকা’ৰ উদ্দেশ্য | ’আকা’ৰ উদ্দেশ্য
মানেই মোৰ উদ্দেশ্য | বুজিলি মুৰ্খ প্ৰাণী ?
-কিন্তু তহঁতে পাবি কি এইবোৰ কৰি ?
কি লাভ হ’ব তহঁতৰ ?
-মানৱ জাতিৰ মাজত যিমানেই সমস্যাৰ
সৃষ্টি হ’ব, সিমানেই বাঢ়ি যাব ’আকা’ৰ শক্তি | কোনো সাৰি যাব
নোৱাৰে | হাঃ হাঃ হাঃ
-তোৰ দুৰাচাৰী ’আকা’ৰ বাবে এটা দুখৰ খবৰে অপেক্ষা কৰি আছে | তাৰ সৃষ্ট
এটা কুচৰিত্ৰৰ আজি অপমৃত্যু ঘটিব | তাৰ বাবে মই আগতীয়াকৈ
দুঃখ প্ৰকাশ কৰিছোঁ |
-হাঃ হাঃ হাঃ...ভাল জমনি কৰিব জান দেই
তই | মানৱ যেন লগা নাই দেখোন তোক | চেহেৰাটোৱেই
তোৰ জমনিছোন !!! হাঃ হাঃ হাঃ....পিছে কোন হয় ভাই তই?
-তহঁতৰ নিচিনা পাপীবোৰক সংহাৰ কৰাৰ
বাবেই মোৰ জন্ম | মানৱ জাতিৰ ত্ৰাণকৰ্তাৰ ৰূপত তহঁতৰ নিচিনা
পাপীবোৰৰ সম্মুখত এখন ডাঙৰ প্ৰাচীৰ বুলি ধৰি ল’ব পাৰ,
ৰংদেউ নাম মোৰ |
-হাঃ হাঃ...মুৰুখ প্ৰাণী, মোৰ লগত ’পাঙ্গা’ লৈ জীৱনৰ
ডাঙৰ ভুল এটা কৰিলি তই | তই হয়তো উমান পোৱা নাই মোৰ
শক্তিৰ !
এই বুলি কৈয়েই বানাসুৰে হাত দুখনেৰে
কিবা ঠেলাৰ নিচিনা কৰি পানীৰ প্ৰৱল ঢৌ ৰংদেউৰ পিনে মাৰি পঠিয়ালে | ঘটনাৰ আকস্মিকতাত একো ধৰিব নোৱাৰি পানীৰ প্ৰৱল ঢৌত চাৰি হাতমান দূৰত গৈ
চিটিকি পৰিল ৰংদেউ | নিজকে চম্ভালি থিয় হ’বলৈ লওতেই মূখত বৰফৰ নিচিনা হাতৰ এটা তীব্ৰ ঘোচা পৰিল তাৰ | পুনৰ মাটিত বাগৰি পৰিল সি | ইয়াৰ পিছতেই বানাসুৰে
ঘূৰি ঘূৰি নিজৰ দেহত চাকনৈয়াৰ সৃষ্টি কৰিলে | ঘূৰি ঘূৰি
ঘূৰ্ণিবতাহৰ লেখিয়াকৈ ৰংদেউৰ পিনে আগবাঢ়ি আহিল | কথা বিষম
যেন দেখি লগে লগে ৰংদেউৱে ওচৰতে থকা বিজুলী বাটিৰ খুটা এটালৈ গামোচা-ৰছী মাৰি পঠিয়ালে
আৰু তাৰ সহায়ত তৰিত্ গতিৰে সেই ঠাইৰ পৰা আঁতৰি দিলে | কোনোমতে
চাকনৈয়াৰ কবলত নপৰাকৈ সাৰিল |
( ছবিঃ উত্পল তালুকদাৰ )
- বহুত হৈ গ’ল
বানাসুৰ, এইবাৰ মোৰ পাল |
ৰংদেউৱে ভুত-গুৰি মাৰি পঠিয়ালে
বানাসুৰক লক্ষ্য কৰি | কিন্তু বানাসুৰে লগে লগে নিজৰ দেহটো
বৰফলৈ ৰূপান্তৰিত কৰিলে যত ভুত-গুৰিয়ে কোনো প্ৰভাৱ পেলাবলৈ সক্ষম ন’হল | ৰংদেউৱে ওচৰতে থকা শুকান পাতৰ দম এটাত
ভুত-গুৰিৰে অগ্নিসংযোগ কৰি গমোচা-ৰচীৰ সহায়ত বানাসুৰক সেই জুইত পেলাই দিলে |
অলপ সময়ৰ বাবে বানাসুৰ চটফটাই থাকিল যদিও পিছমুহূৰ্ততেই নিজৰ শৰীৰৰ
আয়তন ডাঙৰ কৰি ল’লে | তাৰ দেহৰ বৰফ গলি
গলি পানীলৈ ৰূপান্তৰিত হ’ল আৰু সেই পানীয়ে ৰংদেউৱে সৃষ্টি কৰা
জুই নুমাই পেলালে | বানাসুৰে পুনৰ নিজৰ ৰূপ ধাৰণ কৰিলে |
পুনৰবাৰ বানাসুৰে পানীৰ প্ৰৱল ঢৌ
ৰংদেউৰ পিনে মাৰি পঠিয়ালে | ৰংদেউৱে এইবাৰ ৰংছাতি মেলি সেই
ঢৌ প্ৰতিৰোধ কৰিলে | তীব্ৰ খঙত হুংকাৰ কৰি তৰিত্ গতিৰে
বানাসূৰে ৰংদেউৰ পিনে চোঁচা ল’লে | ৰংদেউ
মুখলৈ লক্ষ্য কৰি এটা প্ৰচণ্ড ঘোঁচা দিবলৈ লওতেই ৰংদেউৱে তললৈ হাউলি বানাসুৰৰ পেটত
এটা পূৰ্ণহতীয়া ঘোঁচা বহুৱালে | কিন্তু এয়া কি !! বানাসুৰৰ
পেটৰ মাজেৰে ৰংদেউৰ হাতৰ মুঠি পাৰ হৈ গ’ল, কিন্তু বানাসুৰৰ দেহত একো প্ৰভাৱ নপৰিল | মহা সমস্যাত
পৰিল ৰংদেউ | সি পাহৰিয়েই গৈছিল যে পানীৰ মাজেৰে সকলো ধৰণৰ
গোটা বস্তু সৰকি যায় | বানাসুৰক প্ৰতিহত কৰাৰ উপায় চিন্তি
থাকোতেই তাৰ হাত আৰু ভৰিৰ প্ৰহাৰত থকা-সৰকা হ’ল ৰংমন |
বানাসুৰে এইবাৰ নিজৰ মূৰটো কেইবাৰমান জোকাৰি দিলে | তাৰ মূৰৰ পৰা ভালেমান জোক,ভেকুলী,মহ আদি নিৰ্গত হৈ ৰংদেউৰ দেহত পৰিল | এইবোৰৰ কামোৰত
যন্ত্ৰনাত চিঞৰি উঠিল | শেষ চেষ্টা হিচাপে পুনৰ এবাৰ ৰংদেউৱে
ভুত-গুৰি মাৰি পঠিয়ালে বানাসুৰৰ দেহলৈ | বানাসুৰে এনেকুৱা অৱস্থাতো
ৰংদেউৱে প্ৰহাৰ কৰিব বুলি কল্পনা কৰা নাছিল বাবে নিজৰ দেহতো বৰফলৈ ৰূপন্তৰিত
কৰিবলৈ এইবাৰ সময়েই নাপালে | ভুত-গুৰিৰ যন্ত্ৰণাত টেঁটুফালি চিঞৰিবলৈ
ধৰিলে | ৰংদেউৱে আশাৰ ৰেঙণি দেখা পালে যদিও পিছমূহুৰ্তত
অপেক্ষা কৰি থকা ঘটনাটোৱে হতাশ কৰিলে তাক | সি দেখিলে যে
বানাসূৰে নিজৰ দেহটো নৰ্দমাতকৈ শতগুণ ঘোলা কৰি তুলিছে যত কেৱল দূষিত পদাৰ্থৰে ভৰি
আছে | সেই দূষিত পানীৰ দেহত ভুত-গুৰিৰ প্ৰভাৱো লাহে লাহে কমি
আহিল | তাৰোপৰি সেই সময়ত বানাসুৰৰ দেহৰ পৰা এনেকুৱা দুৰ্গন্ধ
নিৰ্গত হৈছিল যে ৰংদেউৰ বমি হোৱাৰ উপক্ৰম হ’ল | জোক,মহ আদিৰ কামোৰৰ ওপৰত সেই দুৰ্গন্ধই ৰংদেউক
লেবেজান কৰি পেলালে | উপায় নাপাই তৰা-নৰা চিঙি ৰংদেউৱে গাঁৱৰ
পিনে লৰ দিলে | পিছে পিছে বানাসুৰেও খেদি গৈ থাকিল তীব্ৰ
গতিৰে |
ৰংমনহঁতৰ গাঁওৰ কন্দৰ্প মহাজনৰ গৰুৰ
এখন ডাঙৰ ফাৰ্ম আছিল | বিশাল আকাৰৰ সেই ফাৰ্মখনত গৰুৰ দানা গৰম কৰিবলৈ এটা বহুত
ডাঙৰ পাত্ৰ ঢাকনিৰে সৈতে আছিল | সেই ফাৰ্মৰ দায়িত্বত থকা
কন্দৰ্প গৰখীয়াই তেতিয়ালৈকে উতলি উঠা গৰুৰ দানা জুইৰ পৰা নুমুৱাত ব্যস্ত | ঢাকনিখন খুলিবলৈ পাইছিলহে মাথোন, এনেতে হঠাত্ গৰুবোৰৰ
অগতানুগতিক হেম্বেলনি শুনি মূৰ তুলি চায়েই শিল পৰা কপৌৰ লেখীয়া হ’ল সি | দুটা অদ্ভুত আকৃতিৰ প্ৰাণীৰ এটাই আনটোক খেদি
অহা দেখিলে কন্দৰ্প গৰখীয়াই | জীৱনত দেখি নোপোৱা এই
কিম্ভুত-কিমাকাৰ প্ৰাণী দুটা দেখি য’ৰ বস্তু ততেই এৰি থৈ তাৰ
পৰা ভিৰাই লৰ মাৰিলে |
ৰংদেউৱে বানাসুৰৰ পৰা পলাই দৌৰি আছিল
যদিও দৌৰি থকা সময়্ত তাৰ তীক্ষ্ণ মগজুৰে বানাসুৰক প্ৰতিহত কৰাৰ উপায় চিন্তি আছিল |
অৱশেষত সি অলপ আগলৈকে কন্দৰ্প গৰখীয়া বহি থকা ঠাইডোখৰত থিয় হ’ল | ৰংদেউৱে ৰৈ দিয়া দেখি বানাসুৰে ফূৰ্ত্তিত
নাচিবলৈ ধৰিলে |
-এতিয়া বুজি পালি ? মই কৈছিলোৱেই নহয়, কোনো সাৰি যাব নোৱাৰে এই বানাসুৰৰ
পৰা | শেষ কৰি যাম চবকে এপিনৰ পৰা | হাঃ
হাঃ হাঃ হুঃ হুঃ
-হেঃ হেঃ তোৰ এই অহংকাৰেই তোৰ কাল হ’ব | এটা কথা চাগে তোৰ নিচিনা বুৰ্বকৰ বোধগম্য নহয় যে
এই পৃথিৱীত সত্যৰেই সদায় জয় হয় |
ৰংদেউৰ এই কথা শেষ হোৱাৰ লগে লগেই
বানাসূৰে তৰিত্ গতিৰে ৰংদেউৰ পিনে চোঁচা ললে | ৰংদেউৰ দেহৰ
ওপৰত জপিয়াই পৰিল | লগে লগে ৰংদেউৱে তাৰ পৰা ফালৰি কাঁটি দিলে
আৰু বানাসুৰ গৈ দানা উতলি থকা টৌটোতে পৰিল | বিদ্যুত গতিৰে ৰংমনে
পাত্ৰটোৰ সাঁফৰখন মাৰি দিলে আৰু গামোছা-ৰচীৰ সহায়ত টানকৈ বায়ু প্ৰৱেশ কৰিব
নোৱাৰাকৈ বান্ধি দিলে | ফাৰ্মত থকা আটাইবোৰ গৰু এৰি দিলে |
গৰুবোৰেও এই ঘটনাবোৰ দেখি ভয় খাই আছিল | মুকলি
কৰি দিয়াৰ লগে লগে আটাইবোৰ গৰু তাৰ পৰা পলাল | কন্দৰ্পই গৈ
গাঁওৰ মানুহবোৰক সি দেখা প্ৰাণীদুটাৰ কথা কওতে গাঁওৰ ভালেমান মানুহ আহি সেই ঠাইত
ৰংদেউ-বানাসুৰৰ ৰণ চাই আছিল | ৰংদেউৱে সকলোকে সেই ঠাইৰ পৰা
অলপ আঁতৰ হ’বলৈ ক’লে | সিহঁতে ৰংদেউৰ গৰু এৰি দিয়া কাৰ্য্য দেখি নিশ্চিত হৈছিল যে দেখাত
কিম্ভুত-কিমাকাৰ যদিও এই প্ৰাণীটোৱেই নিশ্চয় ৰংপূৰৰ ট্ৰাণকৰ্তা | ৰংদেউৰ আদেশ অমান্য নকৰি সিহঁত সকলো সেই ঠাইৰ অলপ পৰা আঁতৰলৈ গুচি গ’ল | ৰংদেউৱে সিহঁতক আঁতৰিব কোৱাৰ সময়ত নিৰ্ভয় প্ৰদান
কৰি কৈছিল যে যেতিয়ালৈকে ৰংদেউ থাকিব কোনো দুৰ্যোগে এই ৰংপুৰত ক্ৰিয়া কৰিব নোৱাৰিব
| ফাৰ্ম খালি হোৱাৰ পিছত ৰংদেউৱে জুইত ভুত-গুৰি মাৰি জুইৰ
উত্তাপ বঢ়াই দিলে আৰু তৰিত্ গতিৰে তাৰ পৰা অন্তৰ্ধান হ’ল |
কিছু সময় পিছত এটা ডাঙৰ বিস্ফোৰণৰ
শব্দ শুনা গ’ল | টৌৰ ভিতৰত বাষ্প হোৱা বানাসুৰৰ
দেহ ছিন্ন বিছিন্ন হৈ বায়ুৰ সৈতে মিহলি হৈ গ’ল | গাঁওৰ সকলোৱে ৰংদেউ ৰংদেউ ধ্বনিৰে কঁপাই তুলিলে | বানাসুৰৰ
পতনৰ পিছতেই যিবোৰ গাঁৱৰ মানুহ বানাতংকত আক্ৰান্ত হৈছিল সকলো আৰোগ্য হৈ গ’ল | সকলোৰে মুখত তেতিয়া ৰংদেউৰ জয়গান | এনেতে কাৰোবাৰ মাত শুনি সকলোৱে সেইপিনে ঘূৰি চালে |
-পালোঁ পালোঁ পালোঁ....আমাৰ গাঁৱত চলি
থকা মহামাৰীৰ কাৰণ বিচাৰি পালোঁ | সকলো সাজু হ আৰু মোৰ লগত
আহ |
-কি হ’ল ঐ ?
কিহৰ কাৰণ বিচাৰি পালি তই ?.... শৰ্মা
দোকানীয়ে সুধিলে
-আৰে....আমাৰ গাঁওত যে নতুনকৈ অদ্ভুত
ধৰণৰ বেমাৰটো আহিছে তাৰ কাৰণটো বিচাৰি পালোঁ | মই গৰু চাৰি
আছিলোঁ | এইমাত্ৰ সেইপিনে এটা অদ্ভুত আকৃতিৰ প্ৰাণী যোৱা
দেখিলোঁ | দেখিবলৈ মুখখন গঁড়ৰ নিচিনা, কিন্তু
দেহটো মানুহৰ নিচিনা | এইটো নিশ্চয় তাৰেই কাম হ’ব | যমৰ হাবিৰ পিনে যোৱা দেখিছোঁ তাক | সকলো ওলাই আহ, মোৰ লগত ব’ল |
তাক নিধন কৰিব পৰিলেই নিশ্চয় মহামাৰী আঁতৰ হ’ব
|
-ঐ ৰংমন, পাগল হৈছ
নেকি তই ? মোক চা, মোৰ বেমাৰ নাইকিয়া
হৈ গ’ল | আচলতে সেইটো অসুৰ নহয়
,সি আমাক বচালে হে | বানাসুৰ নামৰ অসুৰ এটাহে
য’ত দুষ্কাৰ্য্যৰ মোল আছিল যাক ৰংদেউৱে নিধন কৰিলে |....নমিতাই মিচিকিয়াই ক’লে|
-ৰংদেউ !! কোন ৰংদেউ ?
-আৰে গাধা....যাক তই এইমাত্ৰ দেখি আহিছ
তেওঁৰ নামেই ৰংদেউ | তেওঁৱেই আমাক বচালে...বুজিলি মুৰ্খ ?
-ও হয় নেকি ? মই
আকৌ.....ধেত্তেৰি
মই ঠিকেই দেখিলোঁ | আপোনালোকৰ চকুত বাৰু ধৰা পৰিলেনে নাই, ৰংমনে এইমাত্ৰ
মিচিকিয়াই মৰা চকুটিপটো ? ;)
২৬/০৮/২০১১
ভোগালীত
কূট-পৰীৰ আগমন
“কোন সেই
জধামূৰ্খ ? কাৰ ইমান সাহস কূটাসুৰৰ লগত ’পাঙ্গা’ ল’বলৈ ?”
“উম্ম্ম্......ৰংদেউ....হয় ’আকা’
ৰংদেউ, ৰংদেউ বুলিয়েই কৈছিল নামটো | দেখিবলৈ গঁড়ৰৰ নিচিনা |”---শেহাই শেহাই ক’লে বানাসুৰে |
“ৰংদেউ ? হুম্ম্ম্ !!! মোৰ কাৰ্য্যত বাধা দি তই নিজৰ ভৰি নিজেই
কুঠাৰ মাৰি ল’লি ৰংদেউ | তোৰ গাঁৱত এতিয়া কেৱল কূটেই ৰাজ কৰিব | মোৰ আগন্তুক অস্ত্ৰৰ বাবে সাজু হ ৰংদেউ !”---কূটাসুৰৰ মুখত বেকেটামুৱা হাঁহি |
ৰংদেউৱে গৰুৰ খাদ্য দিয়া
পাত্ৰটোত আৱদ্ধ বানাসুৰক বিস্ফোৰণ কৰি উৰুৱাই দিয়াৰ পিছত বাষ্প হৈ যোৱা বানাসুৰৰ
দেহৰ টুকুৰাসমূহৰ কোনো কোনো অংশ বতাহৰ গতিৰ সহায়ত যোৰা লগাই কোনোমতে গৈ আকাৰ ওচৰ
পাইছিল বানাসুৰ | বানাসুৰৰ
বিফলতাত ক্ৰোধত জ্বলি-পকি উঠিল কূটাসুৰ |
“ব্যৰ্থতা কূটাসুৰৰ কাম্য নহয় | বিফল হোৱা যিকোনো প্ৰাণীয়ে কূটাসুৰৰ বাবে কাম কৰাৰ
অধিকাৰ হেৰুৱাই পেলায় |”---কূটাসুৰৰ
কথাত শংকিত হৈ পৰিল বানাসুৰ |
“ক্ষমা কৰক ’আকা’...মোক আকৌ এবাৰ
সুযোগ দিয়ক | এইবাৰ ৰংদেউৰ
জীৱনৰ সমগ্ৰ ৰং কাঢ়ি আপোনাৰ চৰণত অৰ্পণ কৰিম | মাত্ৰ এটা সুযোগ ’আকা’ |”
“সুযোগ !! হাঃ হাঃ....সুযোগ লাগে ? সুযোগ এটা নিশ্চয় দিম তোক”---কূটাসুৰে পিন্ধি থকা সেউজীয়া চশমাযোৰ খুলি চকুৰে
বানাসুৰৰ দেহৰ কণিকাসমূহত কূট-বাণ মাৰি ক’লে, “এয়া ল, নৰকলৈ যোৱাৰ সুযোগ |”
বানাসুৰৰ দেহৰ প্ৰত্যেকটো কণাত
কূট-বাণৰ প্ৰভাৱত কূটৰ সঞ্চাৰ হ’ল | এটা কণাই আনটোৰ পৰা আঁতৰি যাবলৈ ধৰিলে | বাষ্প হৈ থকা প্ৰত্যেকটো কণিকা এটা আনটোৰ পৰা বহু
দূৰলৈ আঁতৰি গ’ল | ডাঙৰ চিঞৰ এটাৰে বানাসুৰ বতাহত বিলীন হৈ গ’ল |
“পুউউউউউউউউউউউ...........” মহৰ শিঙৰ পেঁপাৰ মাত শুনি শোৱাপাটিৰ পৰা জপিয়াই উঠিল
ৰংমন | মেজত থকা ঘড়ীটোলৈ চাই দেখিলে যে
তেতিয়া ৫ বাজিবলৈ ৩ মিনিট বাকী |
বাটলৈ ওলাই
গৈ দেখে যে তপন, অমৰ, বুবুল, মন্টু, কিশোৰ, অংকুৰহঁত ইতিমধ্যে গোট খাইছে |
“চাওঁ মোক দে | বজাবলৈয়ে নাজান তহঁতে | ইমান সৰুকৈ বজালে কোনেনো সাৰ পাব ঐ ?”-- মন্টুৰ হাতৰ পৰা পেঁপাটো কাঢ়ি ল’লে সি | মুখখন পেঁপাৰ মুখত লগাই গাল দুখত টেকেলি পিঠাৰ দৰে ফুলাই দেহৰ সমষ্ট শক্তি প্ৰয়োগ কৰি বজাবলৈ চেষ্টা কৰিলে |
“পুউউউফুউউউপুউউফুউফুফুফুউউউউউউফু.....” তাৰ পেঁপাৰ পৰা ওলোৱা মাত শুনি আটাইকেইজনে গিৰ্জনি
মাৰি হাঁহিবলৈ আৰম্ভ কৰিলে |
সিহঁতকেইটাৰ
ভিতৰত পেঁপা বজোৱাত মন্টু আটাইটকৈ ভাল | সিহঁতকেইটাই তেনেকৈ হঁহা দেখি লাজ পালে বেচেৰা ৰংমনে |
“হ’ব হ’ব |
হাঁহিব
নালাগে | মুখখন শুকান হৈ আছে বুলিহে | নহ’লে
দেখিলিহেঁতেন পেঁপাৰ মাত কাক কয় |”
“ঐ,
এতিয়া
ধেমালিয়েই কৰি থাকিবিবিনে পথাৰলৈও যাবি ? আজি কাম শেষ কৰিবই লাগিব |”—ৰংমনৰ কথাৰ মাজতে মাত দি তপনে ক’লে |
“বাকীবোৰ অহাই নাই দেখোন !”--- কিশোৰে ক’লে |
“আমি গৈ আৰম্ভ কৰি দিওগৈছোন ব’ল |
বাকীবোৰ আহি
থাকিব লাহে লাহে |“
তপনৰ কথামতে আটাইকেইজন পথাৰলৈ
বুলি ৰাওনা হ’ল | যাওতে বাটে বাটে মন্টুৱে পেঁপাটো বজাই বজাই গ’ল |
উপেন
জেঠাইহঁতৰ বাৰীৰ মাজেৰে সিহঁতে পিছফালে থকা পথাৰখনৰ পিনে আগবাঢ়িল | যাওতে ৰংমনে জেঠাইহঁতৰ বাৰীত থকা বাঁহনিডৰাৰ পৰা এডাল
বাঁহৰ কুঁমলীয়া চেকনি চিঙি ল’লে দাঁত
ঘঁহিবলৈ | ভেলাঘৰৰ নৰা কাটিবলৈ আহোতে
সাধাৰণতে সিহঁত কোনেও দাঁত ঘহিবলৈ ৰৈ নাথাকে | বিচনাৰ পৰা উঠিয়েই পথাৰলৈ ৰাওনা হয় |
ৰংপুৰৰ এইটো পুৰণি নিয়ম | ম’হৰ শিঙৰ
পেঁপাটো বজালেই গাৱৰ ডেকা ল’ৰাবোৰে গম
পাই যায় যে ভেলাঘৰৰ নৰা কাটিবলৈ যাবৰ সময় হৈছে | ডেকাচামৰ মাজত আন এটা নিয়ম যোৱা কেইবছৰমানৰ পৰা চলি
আহিছে | বিহুৰ দিনাখন ভেলাঘৰ পুৱাই অহাৰ
পিছত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় | সাধাৰণতে চাকৰি নাইবা উচ্চ-শিক্ষা সংক্ৰান্তত গাওঁৰ
পৰা আঁতৰত থাকিবলগীয়া হোৱা ল’ৰাবোৰ মাঘ
বিহুৰ সময়ত ঘৰত উপস্থিত হয় |
বৰ্তমান খেলি
থকা ল’ৰাবোৰৰ দলটো আৰু আগতে খেলা
বৰ্তমান বাহিৰত থকা এই ল’ৰাবোৰৰ মাজত
হয় প্ৰীতি খেলখন | যিটো দলেই
হাৰে সেইটো দলৰ খেলুৱেই সমূহে খেলৰ শেষত কলপাতত খোৱা তৰকাৰীৰ খৰচ বহন কৰিব লাগে | এই খেলখনক লৈ গাওঁখনৰ সকলো ডেকাৰ খুব উত্সাহ
পৰিলক্ষিত হয় |
নৰা কটা কাম প্ৰায় সম্পূৰ্ণ
হৈছেই | ঘৰে ঘৰে গৈ বাঁহ তুলি আজি
গধুলিলৈকে সম্পূৰ্ণ কৰিব লগিব লগিব ভেলাঘৰ সজা কাম | এজন-দুজনকৈ আটাইবোৰ গোট খোৱাৰ
পিছত সিহঁত আটায়ে মিলি এঘন্টাৰ ভিতৰতে নৰা কটা কাম সম্পূৰ্ণ কৰিলে | তাৰ পিছত দুটা দলত ভাগ হৈ গাঁৱৰ দুয়োপিনৰ পৰা বাঁহ
তুলিবলৈ গ’ল | মন্টু, কিশোৰ আৰু অমৰ থাকিল আলুভাজি বনাবলৈ | পথাৰৰ মাজতে চৌকা বানাই নৰাৰে জুই ধৰি ভেলাঘৰৰ কাম
কৰা সকলোৱে মিলি আলু ভাজি খোৱাটোও নিয়মতেই পৰিণত হৈছে | ভেলাঘৰ বনাওতে হোৱা এই খৰচবোৰ ৰাইজৰ পৰা উঠোৱা পইচাৰ
পৰাই লোৱা হয় যদিও ৰজনী বুঢ়াৰ নতুনকৈ লহপহকৈ বাঢ়ি অহা খেতিৰ পৰা মনে মনে আলু চুৰ
কৰি আনি খাই সিহঁতে বেছি মনোৰঞ্জন পায় | ৰজনী বুঢ়া গাওঁখনত ’কেঙো কাইটি’ নামেৰে প্ৰসিদ্ধ | কোনে,
কি কাৰণত এই
নামটো বুঢ়াক দিছিল সেই বিষয়ে সিহঁত অজ্ঞাত | বুঢ়াৰ খং উঠিলে চাবলৈ বৰ ভাল | যেতিয়া ৰজনী বুঢ়াই কথাটো গম পাই চৈধ্য পুৰুষ উজাৰি
গালি পাৰিবলৈ আৰম্ভ কৰে তেতিয়া সিহঁতে মুখ টিপি হাঁহে | গাঁৱৰ বয়স্ক মানুহবোৰৰ পৰাও কম কথা শুনেনে সিহঁতে ! হ’লেও এইটো মজা লবলৈ অকনো কৃপণালি নকৰে |
“এই কেঙো কাইটিৰ ঘৰত জুই লাগিব কেতিয়াবা | সমাজৰ কামত বস্তু এটা দিবলৈও ইমান কৃপণালি কৰে |”----ফোঁপাই-জোপাই একান্ধত বাঁহ এডাল লৈ অহা বুবুলৰ মাতত
মন্টুহঁতে মূৰ তুলি চালে |
“এনেই কেঙো কাইটি নাম পোৱা নাই চাগে ! কাৰ বাবে বা
সাঁচি ৰাখিছে ইমান সম্পত্তি ! বুঢ়া-বুঢ়ী সিপুৰী পোৱাৰ পিছত ঘৰত খাবলৈও কোনো
নাথাকিব | নিগমে মৰিব চাল্লা বুঢ়া |”---বাঁহডালৰ
সিটো মুৰ কান্ধত লৈ থকা তপনে ক’লে | ----“ঐ ইয়াতেই থ |”
“ঐ বাদ দে না কেঙো কাইটিৰ কথা | সি তেনেকুৱাই | প্ৰত্যেকবাৰে তেনেকুৱা কৰে | এতিয়া বাদ দে সেইবোৰ | আলুভাজিত নিমখ হৈছেনে চাছোন |” --- মন্টুৱে অলপ আলুভাজি লৈ বুবুল আৰু তপনক দিলে |
বাকীবোৰ
বাঁহ সগ্ৰহ আৰু আলু ভজাত ব্যস্ত থকাৰ সময়ত ৰংমনৰ কান্ধত লাইতৰু অনাৰ দায়িত্ব
পৰিছিল | উপেন জেঠাইহঁতৰ বাৰীৰ পিছপিনে
লাইতৰু পোৱা যায় | প্ৰত্যেকবাৰেই
তাৰ পৰাই লাইতৰু অনা হয় | কিন্তু এইবাৰ
গৈ সি দেখিলে যে লাইতৰু এডালো নাই | বোধহয় বাৰীৰ জংঘল চাফা কৰোতে কোনোবাই ভুলক্ৰমে কাটি পেলালে |
“ছেঃ কি কৰা যায় এতিয়া ? যমৰ হাবিতো লাইতৰু পোৱা যায় | তাৰপৰাই লৈ আহোগৈ নেকি !”---যমৰ হাবিৰ পিনে ৰাওনা হ’ল ৰংমন |
বিচাৰি
বিচাৰি ৰংমনে লাইতৰু এজোপা পালে | কিন্তু
জংঘলৰ ভিতৰত বৰ বেয়াকৈ পাক খাই আছে | হ’লেও নিবতো
লাগিবই | দাখন ককালত খুছি লৈ জংঘল ফালি
সোমাই গ’ল সি | তাৰ পৰা লাইতৰু কাটি অনালৈকে বহু পৰ লাগিল |
“আজিৰ পোৱালী হৈ তহঁতৰ ইমান সাহস মোৰ বিষয়ে বেয়াকৈ ক’বলৈ ? শগুণে খোৱাহঁত ঐ.....মোৰ সংসাৰক লৈ তহঁতে কথা কৱ ! শেষ কৰি
দিম আজি চবকে | চবতে জুই
লগাই দিম বাপ্পেকে |”---দিশাচলাইৰ বাকচ
এটা লৈ কাঁটি থোৱা নৰাবোৰৰ ফালে চোঁচা লোৱা ৰজনী বুঢ়াক দহ-বাৰজন পাহুৱাল ডেকায়ো
ৰাখিব পৰা নাই | ক’ত পালে বুঢ়াই আজি ইমান শক্তি !! বুঢ়াই আগতেও খং উঠিলে
চৈধ্য পুৰুষ উজাৰি গালি পাৰে যদিও, সমাজৰ কামত টকা খৰচ কৰিবলৈ টান পায় যদিও এনেকুৱা সমাজৰ
অহিতকাৰী কাম কোনোদিনে কৰিবলৈ আগবাঢ়ি অহা নাই |
মন্টুক জানো
অকস্মাত কিহে পাইছিল দৌৰি গৈ ৰজনী বুঢ়াক লগাই দিবলৈ | সিতো আগে-পিছে কাজিয়া লাগিলে ভাঙিবলৈহে আগবাঢ়ি যায় | অকস্মাত কি জানো হ’ল,
তপন আৰু
বুবুলক নিমখ হৈছেনে চাবলৈ আলুভাজিখিনি হাতত দিয়েই সি লৰ দিলে ৰজনী বুঢ়াৰ ঘৰলৈ আৰু
ৰজনী বুঢ়াক কি কথা জানো ইমানকৈ লগালে যে অস্বাভাৱিকভাৱে উগ্ৰ-মুৰ্তি ধৰি দৌৰি আহিল
! কোনেও বুজিব পৰা নাই এই অস্বাভাৱিকতাৰ কাৰণ |
নাই, কোনেও ৰখাব পৰা নাই | এজন ৬৫ বছৰীয়া বুঢ়া এজনৰ লগত যুঁজি যুঁজি অৱশেষত
ভাগৰি পৰিল দহ-বাৰজন চফল ডেকা |
ইমানদিন কষ্ট
কৰি কটা সমগ্ৰ নৰা চকুৰ পচাৰতে জ্বলি শেষ হৈ যোৱা আৰু প্ৰথমবাৰৰ বাবে ৰাজহুৱা
ভেলাঘৰ পুৱাব নোপোৱাৰ কাল্পনিক বেজাৰত ম্ৰিয়মান হৈ পৰিল সকলো | ৰজনী বুঢ়াই দিয়াশলাৰ কাঠি এডাল উলিয়াই জুইৰ সঞ্চাৰ
কৰি গোটাই থোৱা নৰাৰ দমৰ পিনে দলিয়াই দিলে | দুখ-ভাগৰত জৰ্জৰিত ল’ৰাবোৰে চকু মুদি দিলে বেজাৰত |
কাঠিডাল বায়ুমণ্ডলত ঘূৰি ঘূৰি উৰি গৈ নৰাৰ দমত পৰাৰ ঠিক আগৰ
এক মুহূৰ্ত...
এখন মটীয়া
হাতৰ পতা আহি নৰাৰ ওপৰত ভাঁহি উঠিল | মটীয়া হাতৰ মুঠিৰ ভিতৰত জুইৰ কাঠি নুমাই গ’ল |
অমৰহঁতে
ৰংদেউক দেখি আনন্দত কিৰিলি পাৰিবলৈ ধৰিলে | ৰজনী বুঢ়াই আন এডাল কাঁঠিত জুইৰ সঞ্চাৰ কৰিবলৈ উদ্যত হ’ল | দ্ৰুত গতিৰে
ৰংদেউ দৌৰি আহিল বুঢ়াৰ পিনে,
বুঢ়াক ধৰি লৈ
আঁতৰাই নিয়াৰ উদ্দেশ্যে | কিন্তু
ধৰিবলৈ পোৱাৰ আগতেই বুঢ়াৰ প্ৰচণ্ড ঘোঁচা এটাত বহু দূৰলৈ চিটিকি পৰিল ৰংদেউ | ৰংদেউৰ এইবাৰ আচৰিত হোৱাৰ পাল | ইমান শক্তি ক’ত পালে বুঢ়াই ! ভাবি থাকোতেই ৰজনী বুঢ়াই পুনৰবাৰ দিয়াশলাইৰ
কাঠিত অগ্নিসঞ্চাৰ কৰিলে | নৰাৰ দমলৈ
মাৰি পঠিয়াবলৈ লওতেই কথা বিষম দেখি ৰংদেউৱে গামোচা-ৰচী মাৰি পঠিয়াই বুঢ়াৰ হাতখন
টানি আনিলে | জ্বলা কাঠি
নৰাৰ ওপৰত নপৰি আন এঠাইত পৰিল |
তাৰ পিছত ৰজনী
বুঢ়াৰ সৈতে ৰংদেউৰ তুমুল যুদ্ধ লাগিল | ৰংদেউ সম্পূৰ্ণ প্ৰয়াস কৰিও বুঢ়াক বশ কৰিব পৰাই নাই | “ভুত-গুৰি” মৰাৰো উপায় নাই, কাৰণ তেতিয়া বুঢ়াৰ অনিষ্ট সাধন হ’ব পাৰে | ৰংদেউৰ উদ্দেশ্য ভেলাঘৰ বচোৱাটোহে | কোনো নীৰিহ প্ৰাণীৰ ক্ষতিসাধন নহয় |
হুলস্থুল শুনি
ইতিমধ্যে পথাৰত নমিতা, বৰ্ণালী
সমন্বিতে গাঁৱৰ ছোৱালীবোৰো উপস্থিত হৈছিল |
“জেঠাই ঐ, ছোৱালীজনী কোন হয় ঐ ? কিয় বোকাত লৈ আছ তাইক ?----ৰজনী বুঢ়াক উদ্দেশ্যি হঠাত্ নমিতাই মৰা চিঞৰটোত আটাইৰে চকু
তাইৰ পিনে গ’ল | তাৰ পিছত সকলোৱে ৰজনী বুঢ়াৰ পিনে লক্ষ্য কৰিলে | কিন্তু, তপন, কিশোৰ, বুবুল কোনোৱেই বুঢ়াৰ পিঠিত কাকো নেদেখিলে | আনকি ৰংদেউৱেও |
তপনহঁতৰ খং
উঠি গ’ল | “ঐ তহঁতে ইয়াত কি ধেমালী কৰিবলৈ আহিছ ? দেখা নাই নেকি কি হৈ আছে ?”---অমৰৰ ধমকি |
“ধেমালী কোনে কৰিছে ঐ ? অন্ধ হ’লি নেকি তহঁত ? দেখা নাই কেনেকৈ ছোৱালীজনীয়ে
জেঠাইৰ পিঠিত সাৱতি বহি আছে ?
এই
ছোৱালীজনীয়েই চাগে কিবা উল্টা-পুল্টা কৰি আছে !”---বৰ্ণালীয়ে চিঞৰি ক’লে |
আটাইবোৰ
ছোৱালীয়ে তাইৰ সমৰ্থনত চিঞৰি উঠিল |
“যাবিনে তহঁত ইয়াৰ পৰা ? সোনকালে আঁতৰ হ |”---তপনে দাবী মাৰি আটাইবোৰ ছোৱালীক তাৰ পৰা খেদাৰ যো-জা চলালে |
“কিবা নিশ্চয় খেলিমেলি আছে | আটাইবোৰ ছোৱালীয়ে এইটো সময়ত মিছা নমাতে | যোৱা কিছুসময় ধৰি এটাৰ পিছত এটাকৈ ঘটি থকা ঘটনাসমূহৰ
আধাৰত ছোৱালীবোৰৰ কথাৰ সত্যতা নুই কৰিব নোৱাৰি | কিন্তু ৰংদেউৱে কাকো দেখা পোৱা নাই কিয় ? আৰু তপনহঁতে ?”---ভাবি থাকোতেই পেটত পৰা গোৰ এটিত ছোৱালীবোৰৰ ওচৰত চিটিকি
পৰিল ৰংদেউ | ইতিমধ্যে
বুঢ়াৰ প্ৰহাৰত থক-সৰকা হৈ পৰিছিল ৰংদেউ |
“ৰংদেউ, আমি মিছা কোৱা নাই | চোৱাছোন চোৱা, সেয়া বুঢ়াৰ পিঠিত থকা ছোৱালীজনীয়ে কেনেকৈ হাঁহি আছে |”---ল’ৰাবোৰৰ পৰা
ধমকি খাই ছোৱালীবোৰে ৰংদেউক বুজাবলৈ চেষ্টা কৰিলে |
“কোন হয় তই ? এই সহজ-সৰল মানুহবোৰৰ মাজত বেমেজালিৰ সৃষ্টি কৰিবলৈ কিয়
আহিছ ? সাহস আছে যদি সম্মুখলৈ আহ | চুৰৰ নিচিনাকৈ লুকাই লুকাই কি খেল খেলি আছ ? যদি কাপুৰুষ নহয় সম্মুখলৈ আহি দেখুৱা |”---ৰংদেউৱে খঙেৰে ক’লে |
“হিঃ হিঃ হিঃ.......”...হঠাত্ নাৰীকন্ঠৰ বিকট হাঁহি এটাত আটাইয়ে চক খাই উঠিল
আৰু ক’ব নোৱাৰাকৈয়ে সকলোৰে ভৰি এখোজকৈ
পিছুৱাই গ’ল |
( ছবিঃ উদ্দীপ তালুকদাৰ )
“কোন তই ?”...ৰংদেউৱে আশ্বৰ্য্যৰে সুধিলে |
“হিঃ হিঃ হিঃ ৰংদেউ...বানাসুৰক বাধা দি যে তই ডাঙৰ ভুল
এটা কৰি থৈছ পাহৰিলি নেকি ? বানাসুৰৰ ’আকা’
কূটাসুৰৰ
জীয়াৰী মই, কূট-পৰী | মতা মানুহৰ পিঠিত বহি মই তাৰ শক্তি বহুগুণ বঢ়াই দিব
পাৰোঁ | মনত বিভ্ৰাট জগাই দিব পাৰোঁ | কূটেৰে ভৰি পৰে তাৰ মন | কোনো ল’ৰাই মোক দেখা নাপায় | হিঃ হিঃ হিঃ.....দেউতাৰ খং উঠাই লৈ যি মুৰ্খামী কৰিলি তাৰেই
ফল এয়া | ৰংপুৰৰ লগতে দেউতাৰ লক্ষ্য
এতিয়া তয়ো, মহামুৰ্খ ৰংদেউ | তহঁত কাকো শান্তিৰে থাকিবলৈ নিদিয়ে দেউতাই |”
“ওহ হয় নেকি ??? মহামুৰ্খ মই নে নিজৰ জীয়াৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া তোৰ
বাপেৰ কূটাসুৰহে বুজিবলৈ তোৰ বেছি সময় নালাগিব |”---ৰংদেউৱে ভুত-গুৰি মাৰিবলৈ উদ্যত হৈও থমকি ৰ’ল |
প্ৰহাৰ কৰিব
কিদৰে ! যাক দেখাই পোৱা নাই,
কেনেকৈনো
প্ৰহাৰ কৰে সি ? মহা সমস্যাত
পৰিল ৰংদেউ |
“হিঃ হিঃ হিঃ...বেচেৰা ৰংদেউ !! তিল তিলকৈ তোৰ মৰমৰ
গাঁওখনৰ মানুহবোৰৰ আগতেই তোৰ মৃত্যু হ’ব আজি |
আনকি তোৰ
মৃত্যুদাত্ৰীৰ মুখখনো তই চাবলৈ নাপাবি | ইচ্ বেচেৰাটো !!! দুখেই লাগিছে পাই ! হিঃ হিঃ হিঃ হিঃ |”
ৰজনী বুঢ়াৰ
জৰিয়তে প্ৰহাৰৰ ওপৰত প্ৰহাৰ কৰিব ধৰিলে কূট-পৰীয়ে ৰংদেউৰ ওপৰত | কূট-পৰীকতো দেখাই নাপায়, আৰু বুঢ়াৰ ওপৰত প্ৰহাৰ কৰিও একো লাভ নাই | অনুমানতে বুঢ়াৰ পিঠিৰ পিনে প্ৰহাৰ কৰিবলৈ ৰংদেউৱে
বাৰম্বাৰ চেষ্টা কৰিছিল যদিও লগে লগে কূট-পৰীয়ে স্থান সলনি কৰি দিয়ে | নমিতা, বৰ্ণালীহঁতে চিঞৰি চিঞৰি ৰংদেউক কূঁট-পৰীৰ স্থানৰ বিষয়ে কৈ
আছিল যদিও ৰংদেউৱে প্ৰহাৰ কৰালৈকে তাই বেলেগ এটা স্থান লৈ লয় | বুঢ়াৰ উপৰ্যুপৰি প্ৰহাৰত ৰংদেউৰ নাকে-মুখে তেজ ওলাই
আহিল |
হঠাতে ৰংদেউৰ কথা এটা মনত পৰিল
| জুই পবিত্ৰ বস্তু আৰু পবিত্ৰ
বস্তুৰ ওচৰত কোনো বেয়া বস্তুৰ প্ৰভাৱ বৰ্তিব নোৱাৰে | ৰংদেউৱে ভেলাঘৰকেইটাৰ পৰা আঁতৰৰ ঠাই এটুকুৰালৈ দৌৰি
গ’ল | ৰংদেউৱে ভয় খোৱা বুলি ভাবি উল্লাসত হিঃ হিঃ কৈ
অট্টহাস্য মাৰি বুঢ়াৰ পিঠিত উঠি কূট-পৰীয়ে খেদি গ’ল |
তাৰ পিছত
পুনৰ ৰংদেউৰ ওপৰত প্ৰহাৰ কৰিবলৈ ধৰিলে | ৰংদেউৱে আত্মসমৰ্পণ কৰাৰ দৰে নিজকে এৰি দিলে | ৰংদেউৱে হাৰ মনা যেন দেখি ভালকৈ বুঢ়াৰ পিঠিত বহি লৈ
কূট-পৰীয়ে প্ৰৱল শক্তিৰে বুঢ়াৰ সহায়ত ৰংদেউৰ মুখত গোৰ মৰাৰ লক্ষ্যৰে খেদি গ’ল |
ৰংদেউ তেতিয়া
লেবেজান হৈ আঠু কাঢ়ি বহি আছিল |
বুঢ়াৰ গোৰ
পৰাৰ ঠিক আগৰ মুহূৰ্তত ৰংদেউৱে তীব্ৰ গতিত আঁতৰি দি প্ৰচণ্ড জুই সৃষ্টি হোৱাকৈ
কিন্তু বুঢ়াৰ পিঠি ঢুকি নোপোৱাকৈ ভুত-গুৰি মাৰি পঠিয়ালে | ভুত-গুৰিৰ সামান্য অংশ এটা কূট-পৰীৰ পিঠিত লাগিল | অলপ আগলৈকে থকা “হিঃ হিঃ হিঃ” শব্দকেইটা “আই ঔ মৰিলোঁ ঐ”লৈ ৰূপান্তৰিত হ’ল |
এই সুযোগতে ৰংদেউৱে নিজকে
চম্ভালি লোৱাৰ প্ৰয়াস কৰিলে |
ঠিয় হৈ নিজকে
চম্ভালিবলৈ পাইছিলহে মাথো, এনেতে পুনৰ
তীব্ৰ ঘোঁচা এটিত বাগৰি পৰিল সি |
খঙত জ্বলি
পকি মৰা এই ঘোঁচাটোত ক্ষন্তেক সময়ৰ বাবে ৰংদেউৰ মূৰ আচন্দ্ৰাই কৰিলে | মূৰ তুলি চাই কিন্তু এইবাৰ ৰংদেউৰ মুখত হাঁহি বিৰিঙিল
| কূট-পৰীৰ জুয়ে পোৰা পিঠিৰ
সামান্য অংশটো ৰংদেউৱে দেখা পালে | সেই অংশটোত অদৃশ্যতাৰ প্ৰভাৱ নোহোৱা হ’ল |
অলপো পলম
নকৰি ৰংদেউৱে লগে লগে গামোচা ৰচী মাৰি পঠিয়াই কূট-পৰীক বান্ধি লৈ ৰজনী
বুঢ়াৰ পিঠিৰ পৰা পৃথক কৰিলে |
তাৰ পিছত
ভুত-গুৰিৰ প্ৰচণ্ড জুই মাৰি পঠিয়ালে |
“বচাআআআ....বচাআআআঅ....আই ঔ মৰিলোঁ ঐ...কোনোবাই মোক
বচা ঐইইইইইইইই”---গগণ ফলা চিঞৰত
আটায়ে কাণত হাতেৰে সোপা দিবলৈ বাধ্য হ’ল | হঠাতে
কূট-পৰীৰ পিঠিৰ পৰা পাখী দুখন ওলাল আৰু সেই পাখীৰ সহায়ত উৰি নিমিষতে তাই অন্তৰ্ধান হ’ল | সকলোৱে মুখ
মেলি চাই থাকিল |
ৰংদেউৰ
কথামতে ভাগৰত ঢলি পৰা ৰজনী বুঢ়াক চিকিত্সালয়লৈ নিয়াৰ যো-জা কৰিলে তপনহঁতে |
“ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ দেই ৰাইজ”---এই বুলি কৈ ৰংদেউও গঁড়ৰ ৰূপ ধাৰণ কৰি যমৰ হাবিৰ পিনে
দৌৰি চকুৰ পলকতে অন্তৰ্ধান হ’ল |
“ধন্যবাদ
ধন্যবাদ ধন্যবাদ | তোমালৈও শুভেচ্ছা
থাকিল দেই :) .....”---সমস্বৰে চিঞৰিলে নমিতাহঁতে | সিহঁতৰ চকুত ৰংদেউ এতিয়া সপোন-কোঁৱৰ | ৰংদেউ যোৱাৰ বহু দেৰিলৈকে সিহঁতে ৰংদেউৰ কথাই পাতি
থাকিল | ইমান সময় ৰংমনৰ অনুপস্থিতিৰ কথা
গাঁৱৰ কোনেও মনেই নকৰিলে | ছোৱালীৰ
জাকটো ৰংদেউৰ প্ৰশংসাত ইমানেই মগ্ন হৈ আছিল যে কেতিয়া আহি ৰংমন সিহঁতৰ পিছত থিয় হ’ল গমেই নাপালে |
“সঁচাকৈ, ৰংদেউ যে ইমাআআন ভাল !”---নমিতাৰ হাঁহিমুখীয়া মুখত কল্পনাৰ প্ৰলেপ ফুটি উঠিছে |
“ধন্যবাআআঅদ |”---কাণৰ ওচৰত ৰংমনৰ চিঞৰত চক খাই জপিয়াই উঠিল নমিতা |
“ধেত্ মুৰ্খ !! তোৰ কথা কোৱা নাই অ’ | ভাগ ইয়াৰ পৰা”---ইমান ধুনীয়াকৈ ৰংদেউৰ কথা কল্পনা কৰি আছিল | হঠাতে ৰংমনৰ চিঞৰটোত বাস্তৱলৈ উভতি আহি খং উঠি গ’ল নমিতাৰ |
“কৰবাৰ পৰা ৰংদেউ এটা ওলালতো...ক’ত পাত্তা দিবি আৰু আমাক এতিয়া !”---জ্বলা জুইত ঘিউ ঢলাৰ উদ্দেশ্যেৰে ক’লে ৰংমনে | নমিতাৰ খং তাৰ ভাল লাগে |
“ঐ গাধ, যাবিনে তই ইয়াৰ পৰা ?”---হাতত ছেণ্ডেল এপাট খুলি লৈ খেদি গ’ল নমিতাই |
“মৰিলোঁ ঔ.......” ---হাঁহি হাঁহি দৌৰ মাৰিলে ৰংমনে |
(১০/০১/২০১২)
ক্ৰমশঃ......
(ই-আলোচনী "সাহিত্য ডট্ অৰ্গ"ত ধাৰাবাহিকভাবে প্ৰকাশিত )