তুমি নিউটনৰ আপেল নে মনালিছাৰ হাঁহি ?

মধ্যাকৰ্ষণৰ সূত্ৰ অমান্য নকৰি ধপ্‌কৈ যেতিয়া পৰাহি মোৰ হৃদয়ত
নিউটন-আইনষ্টাইন ভাবেৰে ব্ৰতী হওঁ তোমাৰেই আৱিস্কাৰত
আৰু যেতিয়া তুমি হৈ পৰা এখনি আইনা
"ইউৰেকা-ইউৰেকা" চিঞৰি কৰোঁ তাণ্ডৱ নৃত্য-নাটিকা
ভ্ৰাম্যমাণ নাটৰ তুমি নায়িকা নেকি ?
নে জীৱন নাটৰ চাকি-তেল-শলিতা !
বোকা-পানীত সপোন সিঁচা তুমি ৰুৱনী নেকি ?
নে "এ.টি.এম."ৰ ডালিম চোবোৱা প্ৰেমিক চিকাৰী !
"বিউটি পাৰ্লাৰ"ৰ প্ৰাচীৰ ভেদিব পৰাকৈ আমাৰ চকুত "ইন্‌ফ্ৰা-ৰেড" না‍ই
চালনি হোৱা হ’লে চেকি চালোঁহেতেন তোমাৰ চাৱনি
ধুনীয়া তোমাৰ অৱয়ব, চেহেৰাৰ স’তেছোন সাদৃশ্যতাৰ প্ৰশ্নবোধক !
"ডিঅ’"ৰ উগ্ৰতাই ঢাকি নাৰাখিলে ঠিকেই চিনিম তোমাৰ আহিনীয়া সুবাস
হঠাতে তুমি হৈ পৰা এখনি আইনা
য’ত প্ৰতিবিম্বিত হয় মোৰ স্বপ্নৰ উৰ্মীমালা
হঠাতে তুমি হৈ পৰা আকাশ, ডাৱৰীয়া
"টেলিস্ক’প"ৰ সন্ধানত ম‍ই হাবাথুৰি খাওঁ !
ৰহস্যৰ ৰহস্যময়ীতাৰে নিজকে শুধি চাওঁ
ৰহস্যৰ "পেন্ডুলাম"ত যে থাকা ভাঁহি
তুমি বাৰু নিউটনৰ আপেল, নে মনালিছাৰ হাঁহি ?

No comments:

Post a Comment