স্বীকাৰোক্তি

ফুটুকীয়া সেই ফৰক্‌ ছোলাটিৰে,
তোমাকে পাইছিলোঁ ল’ৰালিত....
ফলি-কিতাপ লৈ বহিছিলা গৈ
পাঠশালাৰেনো বাকৰিত....
হেচুকি থৈ যায় অতীতে..... 
হাতে বাউলি সোঁৱৰণে মাতে,
মনটো যায় নিতে গাঁৱলে.....

                       থুনুক-থানাক খোজেৰে ল’ৰালিৰ পৰা ভটিয়াই কেতিয়ানো আহি যৌৱনৰ মোহনাত ভৰি দিলোঁহি গমেই নাপালোঁ | জীৱনৰ যান্ত্ৰিকতাৰ মাজতো যেতিয়া অতিবাহিত কৰো কিছুসময় নিজৰ স’তে তেতিয়াই ৰিঙিয়াই যায় হেৰুৱাই পেলোৱা এটা সোনালী অতীতে | ল’ৰালি...কি যে এক মিঠা অনুভৱ !! এক সুমধুৰ নষ্টাল্‌জিয়া !!! বুজা-নুবুজাৰ দোমোজাস্থলি এই ল’ৰালি, পোৱা-নোপোৱাৰ মোহনা এই ল’ৰালি | নজনাটোক জনা, নুবুজাটোক বুজাৰ হেঁপাহে ৰামধেণুৰঙী কৰি তোলে এই সোণালী কালছোৱা | কিন্তু ফুলকুমলীয়া মনে এই কালডোখৰতেই নিজৰ অজানিতে সংঘটিত কৰে কিছুমান সৰু-বৰ ঘটনা যাৰ বাবে পিছত অনুসুচনা কৰিব লগীয়া হয় | তেনেকুৱা এটা ঘটনাই আজিও মনত দোলা দি থাকে মোৰ |

                     প্ৰাথমিক বিদ্যালয় মই মামাহঁতৰ ঘৰত থাকি পঢ়িছিলোঁ নলবাৰী জিলাৰ টিহুৰ ওচৰৰ হেৰামজাৰ নাথপাৰা গাঁওত | শান্ত-শিষ্ট আৰু পঢ়াত অলপ মনোযোগী আছিলোঁ বাবেই চাগে ছাৰ-বাইদেউ সকলৰ অতি মৰমৰ আছিলোঁ | সেইদিনা আছিল গৰমৰ বন্ধৰ আগৰ দিনটো | তেতিয়া মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ | মোৰ মনত বহুত ফুৰ্টি লাগি আছিল, কাৰণ মই সেইদিনাখন ঘৰলৈ যাম | বৰপেটা জিলাৰ আনন্দপুৰত মোৰ ঘৰ | দেউতাই মোক নিবলৈ আহিব | ৱাহ !!! কি যে ফুৰ্টি !!! মন মোৰ নাচি আছিল, পখিলাৰ দৰে | নানাচিবনো কিয়, ইমান দিনৰ মূৰত যে ঘৰলৈ যাম !! স্কুলৰপৰা আহি লগে লগে নতুন কাপোৰ পিন্ধি সাজু হৈয়েই থাকিলোঁ | কিছুসময় পিছ্ত দেউতাও আহি পালে | দেউতাই চাহ খাই থকাৰ সময়তে ককাই আগফালৰ ফুলনি বাগিছাত গৰু-ছাগলী সোমাইছে নেকি এবাৰ চাই আহিবলৈ ক’লে | লগে লগে নাচি নাচি দৌৰি গলোঁ চাবলৈ | দেখিলোঁ ক’লা বৰণৰ ছাগলী পোৱালী এটাই ফুলৰ পাত খাই আছে | "হে হে....ক’ত সাৰি যাবি এতিয়া মোৰ হাতৰ পৰা !!!"....মনতে ভাবিলোঁ আৰু ইটাৰ ডাঙৰ ভঙা টুকুৰা এটা বুটলি ললোঁ | ভয় খুৱাওঁ বুলি তাৰ ওচৰলৈ মাৰি পঠিয়ালোঁ | ভাবিছিলোঁ ভয় খাই পলাই যাব | কিন্তু পৰিণাম কি হ’ব পাৰে কুঁমলীয়া মনে ভাবিয়েই নাচালে
| বেচেৰীৰ গৈ পিছঠেঙতে লাগিলগৈ | দুখ লগাকৈ বেবাই বেবাই লৰ দিলে বেচেৰীয়ে তিনিখন ভৰিৰ সহায়ত | আৰু মই ?? কি হ’ব আৰু বুকুৱে ধান বানিবলৈ আৰম্ভ কৰিলে....ভয়ত থৰ থৰকৈ কপিবলৈ ধৰিলোঁ | কাৰ বা ছাগলী !!! গম পালে যদি পুলিচে ধৰি নিয়ে !! আৰু এনেও মই সৰু মামাক খুব ভয় কৰিছিলোঁ ; তেওঁ যদি গম পায় কেনেবাকৈ !! ভগৱানক খাটিবলৈ ধৰিলোঁ....হে প্ৰভু কোনেও যাতে গম নাপায়....আপোনাক ২৫ পইচাৰ মুদ্ৰা এটা দিম | ভয়ে ভয়ে ফুলনি বাগিচাৰ পৰা ঘৰলৈ বুলি খোজ ল’লোঁ | চোতালৰ পিছপিনে কঠাল গছ্ডালৰ তলৰ মুকলি ঠাইটুকুৰাত দেউতা,ককা আৰু মামাহঁতে বহি কথা পাতি আছিল | ককাৰ ওচৰত সেইদিনাখন প্ৰথমবাৰৰ বাবে মিছা মাতিলোঁ যে বাগিচালৈ গৰু-ছাগলী একো অহা নাই | চুচুক-চামাককৈ দেউতাৰ ওচৰলৈ আহি সোনকালে ঘৰলৈ যাওঁ বুলি খাটনি ধৰিবলৈ ধৰিলোঁ | কিন্তু ভাত নোখোৱাকৈ দেউতাক ক’তনো যাবলৈ দিব ? মামাহ’তে আটাইয়ে ভাবি ল’লে যে ইমান দিনৰ মূৰত ঘৰলৈ যাবলৈ ওলোৱা বাবেই চাগে ইমানকৈ আতুৰ লাগিছে মোৰ ; কিন্তু বপুৰাহ’তে গমেই নাপায় তেওঁলোকৰ অতি মৰমৰ পুতেক/নাতিয়েক/ভাগিনিয়েকে অলপ আগতে কি কাম কৰি থৈ আহিলে | ভাত-পানী খাই লৈ যেতিয়া যাবলৈ ওলালো তেতিয়া বুকুৰ ধপ-ধপনি অলপ মাৰ গৈছিল যদিও গাওঁখন পাৰ হোৱাৰ পিছতহে ভালকৈ উশাহ ল’ব পাৰিলোঁ | উস্‌স্‌স্‌ ৰক্ষা !! যোৱাৰ আগতে মন্দিৰত ২৫ পইপচাৰ মুদ্ৰাটো দিবলৈ হ’লে নাপাহৰিলোঁ | হ’লেওঁ প্ৰথম দুদিনমান ঘৰত গৰমৰ বন্ধৰ আনন্দ লোৱা ঠিকমতে নহ’লগৈ আৰু,সকলো সময়তে ছাগলীটোৰ চিন্তাই মনত দোলা দি থাকিল | কেইদিনমান পিছত সকলো ঠিক হৈ গ’ল, বাগৰা সময়ে মচি নিলে সকলো মোৰ ষ্মৃতিৰ মণিকোঠাৰ পৰা |
                    পৰহিলৈ স্কুল খুলিব | আজি মই মামাহঁতৰ ঘৰলৈ উভতি আহিছোঁ | ঘৰৰ পৰা আহি মোৰ ইমান বেয়া লগা নাছিল, কাৰণ দুয়োখন ঘৰেই মোৰ সমানেই প্ৰিয় আছিল | সেইদিনাখন ফুৰ্টিতেই গ’ল | কিন্তু পিছ্দিনাখনহে ককাৰ মুখৰ পৰা ওলোৱা এটা প্ৰশ্নত মোৰ বুকুখন চিৰিংকৈ উঠিল | ক’কা‍ই শুধিলে যে মইত ঘৰলৈ যোৱাৰ আগতে কোনোবা ছাগলীৰ ঠেং ভাঙিছিলোঁ নেকি ? মই খুব ভয় খালোঁ যদিও মই যেন একোৱেই নাজানোঁ তেনেকুৱা দেখুৱালোঁ | ক’কাহঁতে মোক খুব ভাল পাইছিল আৰু বিশ্বাস কৰিছিল,নিৰ্জু প্ৰকৃতিৰ ল’ৰা আছিলোঁ যে !!! ক’কাই মোৰ কথা বিশ্বাস কৰি ল’লে | ছাগলীৰ বিষয়টো লৈ ক’কাৰ আৰু ছাগলীটোৰ গৰাকীজনৰ মাজত হেনো অলপ কথাৰ কটা-কটি হৈছিল | কোনোবাই হেনো মোক দেখিছিল ছাগলীটোলৈ শিল দলিওৱা আৰু ছাগলীৰ গৰাকীক কৈ দিছিল | গৰাকীয়ে আহি ক’কাক কথাটো কৈছিল | ক’কাই ক’লে যে মই তেনেকুৱা কৰিব পাৰোঁ বুলি তেওঁ বিশ্বাস নকৰে | হ’লেওঁ মই ঘূৰি যোৱাৰ পিছত মোক শুধিব বুলি ক’কাই কথা দিছিল ছাগলীৰ গৰাকীক | ক’কাই মোক সম্পূৰ্ণ বিশ্বাস কৰিছিল বাবে মোক কথাষাৰ শুধাৰ পিছত মই দিয়া উত্তৰত অলপো সন্দেহ নকৰিলে | এই বিষয়টোক লৈয়েই ককা আৰু ছাগলীৰ গৰাকীজনৰ লগত অলপ মনোমালিন্য হ’ল | ছাগলী পোৱালীটো কাৰ আছিল মই গম পোৱা নাছিলোঁ | জনাৰ প্ৰয়োজনো নাছিল অৱশ্যে |

                     এইখিনিলৈ সকলো ঠিকেই আছিল | ডাঙৰ মানুহবোৰে কাজিয়া লাগিছে মোৰনো কি আহে যায় ? ক’কাই এনেও মোক এইবোৰ কথাত সোমাব দিয়া নাছিল ; সৰু হৈ আছিলোঁ যে ! মোৰ সকাহ পোৱা যেনেই লাগিছিল | কিন্তু যেতিয়া পিছদিনাখন স্কুললৈ গলোঁ তেতিয়াহে মৰহি যোৱা ভয়টোৱে পুনৰবাৰ চিৰিংকৈ ঊক দিলে | তেতিয়ালৈকে মই গমেই পোৱা নাছিলোঁ যে মই লেঙেৰী কৰা ছাগলী পোৱালীটো আমাৰ বিদ্যালয়ৰ আমাৰ শ্ৰেণীটোকে পঢ়োৱা বাইদেউজনীৰ বাহিৰে আন কাৰো নহয় | বাইদেউৱে মোৰ ওচৰত আহি বহি ল’লে | লাহেকৈ কাণৰ ওচৰলৈ আহি ক’লে, "ৰিদিপ তুমি ঘৰলৈ যোৱাৰ দিনাখন আমাৰ ছাগলীজনী কিয় লেঙেৰী কৰি থৈ গৈছিলা ?"........"হে প্ৰভু !!! এতিয়া মই ক’ত লুকাওঁ ?"....বাঘৰ হাতত পৰিলেও চাগে ইমান ভয় নাখালোঁহেঁতেন | জীৱনত প্ৰথমবাৰৰ বাবে ইমান বেছিকৈ ভয় খালোঁ | এটা চলন্ত যন্ত্ৰৰ নিচিনাকৈ কঁপিব ধৰিলোঁ |....."ঊস: প্ৰভু !! মোক তুমি কিয় ঠগালা ? ২৫ পই্চাৰ মুদ্ৰা এটাৰ অপচয় হ’ল | ছে: ...তাতকৈ মুড়িৰ লাড়ু খোৱা হ’লেই ভাল আছিল |"......জীৱনত প্ৰথমবাৰৰ বাবে শিক্ষাগুৰুৰ ওচৰতো মিছা মাতিলোঁ সেইদিনাখন | কিন্তু মই নিশ্চিত যে মই ধৰা পৰি গৈছোঁ | মোৰ অৱস্থা দেখি বাইদেউৰ চাগে বেয়া লাগিল | "একো নহয় দিয়া ৰিদিপ,আগলৈ এনেকুৱা নকৰিবা"....বুলি কৈ আঁতৰি গ’লগৈ | তাৰ পিছত বহুদিনলৈকে বিদ্যালয়লৈ যাবলৈ মোৰ লাজ আৰু ভয় লগা হ’ল | কিন্তু ছাৰ-বাইদেউসকলৰ মৰমত এদিন সেই ঘটনাটো স্মৃতিৰ মণিকোঠাৰ পৰা মচ খাই গ’ল |

              যৌৱনত ভৰি দিলোঁ | কেতিয়াবা উভতি চাওঁ অতীতলৈ | মন পাখীয়ে উৰা মাৰে ল’ৰালিলৈ | তেতিয়াই আমনি কৰে এজন পুজনীয় আৰু এগৰাকী পূজনীয়া ব্যক্তিৰ আগত ম‍ই মতা সেই মিছা কথাটোৱে | লগতে দুখ লাগে সেই দুৰ্ভগীয়া ছাগলী পোৱালীটোলৈ | আজি তেওঁলোকৰ ওচৰত মই ক্ষমা বিছাৰিছোঁ ল’ৰালিত মতা সেই মিছা কথাটোৰ বাবে, যিটোৱে তেওঁলোকৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰিছিল | ন’হলে চাগে সদায় আমনি কৰি থাকিব জনা-নজনাৰ দোমোজাত কৰা এটা ভুলে, ভঙ্গ কৰা এটা বিশ্বাসে..........

(বাংগালোৰৰ 'অসম চ'চাইটি'ৰ দ্বাৰা প্ৰকাশিত অসমীয়া আলোচনী "জেউতি" ৰ তৃতীয় সংখ্যা '২০১২ত প্ৰকাশিত)

No comments:

Post a Comment