লিমাৰিক

( মৰমৰ বন্ধু-বান্ধৱীসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে )

                  (১)
নাম তেওঁৰ মনোজ মন কলিতা
দিনতে জ্বলায় যিয়ে চাকি-শলিতা
ছোৱালীলৈ বৰ মৰম
চেনি খায় গৰম গৰম |
ৰাতিপুৱাই শুনে তেওঁ গীতিমালিকা ||

                 (২)
নৱমল্লিকা ভাগৱতী নাম যাৰ
কিনো চাবা তাইৰ আব্দাৰ |
মূৰৰ পৰা নুগুছে টুপি
সদায় থাকে বিড়ি হুপি |
প্ৰিয় অভিনেতা বলিউডৰ কেডাৰ ||

                 (৩)
তেওঁৰ নাম হ’ল বিশ্বজিত নাথ
ছোৱালীবোৰৰ পৰা খায় সদায় লাঠ |
ৰাতি কৰে টোপনি খতি
পঢ়াত নাই মতি-গতি |
দুপৰীয়া হ’লে কৰে ভাগৱত পাঠ ||

                 (৪)
মমিতা নৰহৰ এটাই ডাইলগ্‌
"নহয় নহয়" তেনেকুৱা ভাইলোগ |
লেতেৰী বুলিলে উঠে খং
ছ’ৰি বুলিলে কি যে ৰং |
নোজোকাবা তেঁওক হৈ যাব দুৰ্যোগ ||

অন্যান্য :-

                (১)
লাঠী দাঙি, বন্দুক ধৰি লাগি যা হুৰাহুৰি
হাই কিক, লো পাঞ্চ নাইবা লাগ চুলিয়া-চুলি
মোৰ হাতেৰে সি খায়
কাৰ কি আহে যায় !
আগবঢ়োনো কেনেকৈ ভাই, নিজৰ মাজতে অঁৰিয়া-অঁৰি

                (২)
ক’লা টকাৰে বগা হয় তেওঁ বিউটি পাৰ্লাৰলৈ গৈ
মিটিঙত মাৰিব যিহে ডাইলগ আই ঐ দেহি ঐ
শিশু শ্ৰমিক বন্ধ কৰক
অত্যাচাৰীক পুলিচে ধৰক
শিশু শ্ৰমিকে বিনাই আছে নিজৰ ঘৰতেই ৰৈ



No comments:

Post a Comment