উৰ্মিলৈ বুলি...

মৰমৰ,
এধানি হাঁহো বুলি ভাবোতেই
আজি পুনৰ তোমালৈ মনত পৰিল
কেনে আছা তুমি ?
ক’ত আছা ?
আছানে তুমি আজিও হাঁহিৰ শেৱালি বুটলি ?
ফাগুনৰ আবিৰ সনা মধুময় শেৱালি

তলসৰা শেৱালি মোৰ শুকান আজি
ৰ’দাই থৈ গ’লা এমোনা দুখেৰে
অশ্বক্লান্ত হৃদয় শাঁত পেলাবলৈ এছাতি ছাৰ অভাৱ
উৰুৱাই নিলা এজাক কালধুমুহা হৈ
এটোপাল হাঁহিৰ সন্ধানত অনুভূত হয়
সেই ছাতিৰ অভাৱ

উৰ্মি
হয়তো তুমি জানিও নাজানা
নাচোৰবান্দা মনে মোৰ সপোন দেখিছিল
সপোন দেখিছিল বসন্তৰ কিনকিনিয়াত বাউলি হোৱাৰ
সপোন মাত্ৰেই ভুল নহয়
এটি নিলাজ ছাতিয়ে এটা সপোন নিষ্ঠুৰ কৰি তুলিছিল
সপোনৰ মানুহ, মা্নুহ আৰু সপোন
তুমিওতো মানুহেই আছিলা !
আজি তোমাক কি নামে মাতোঁ কোৱা

জানা উৰ্মি
আজিকালি মই জিৰণি লওঁ মদৰ ছাঁত
মদৰ পৰা মই বাৰুকৈয়ে নিৰাপদ
সিহঁত অন্ততঃ তোমাৰ দৰে নহয়
জীপাল কৰি ৰাখে সিহঁতে হৃদয়ৰ নিভৃত কোণ
সিচঁৰতি হৈ আছে য’ত
তুমি ৰ’দাই যোৱা সেই শুকান শেৱালিবোৰ

আৰুনো কি লিখিম !
তোমালৈ চিঠি লিখি চকুলোৱে বিনায়
জঠৰ হয় সিহঁত বাগৰি বাগৰি
এমোকোৰা হাঁহিৰে থপথপীয়া হওঁক
বুকুৰ নিভৃত কিয়দাংশ
তাৰেই কামনাৰে
তোমাৰ.....

২৯/০১/২০১১

No comments:

Post a Comment