কুক-ভা

ম’বাইলৰ নেটৱৰ্কৰ নিচিনা কুক-ভা
ইনবক্স ভৰি ঊৰ্মিমুখৰ মিঠা এজাক সুহুঁৰি
প্ৰান্তত, নুশুকোৱাৰ জেদত জেদী ঘাঁ
ডিলিট কৰা দুখমুঠি
ডিলিট হোৱা সুখমুঠি
নেটৱৰ্কৰ নিচিনা অহা-যোৱা

দুখৰ জোৱাৰত সুখৰ মিছ্‌কল
ক্ৰছ্‌ কানেক্‌শ্যনৰ মাজতো পদুমৰ পাহি
ছেভ কৰা হাঁহিবোৰ
ইনষ্টল হোৱা ভাইৰাছবোৰ
পুঙাটোৰ দৰেই থাকে ভাহি

এই যে সময়ৰ ডিঙাখন
কোলাত লৈ সুখ আৰু বোকোচাত দুখ
ঢৌবোৰৰ সতে খেলে আচম্বিত কুক-ভা

(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত )

No comments:

Post a Comment