মহানগৰীয়া বৰষুণত ভিজে নেকি তোমাৰো স্মৃতিবোৰ ?

মহানগৰীয়া বৰষুণৰ টোপালত
ভিজে নেকি তোমাৰো স্মৄতিবোৰ ?
টোপ টোপকৈ সৰি পৰা কণিকাৰ দৰে
সৰে নেকি ঘামৰ টোপালবোৰ ?
ভঙা অতীতক হাতুৰীৰে কোবাই
চিলাই চিলাই চিলনি ফটা কামিজৰ দৰে
সুৰৰ সন্ধানত বেসুৰা এটি গানৰ দৰে
ভঙা অতীতত গজাল ভৰাই ভৰাই
সৰে নেকি ঘামৰ টোপালবোৰ ?
কেতিয়াবা হেনো বাস্তৱ হয় সপোনবোৰ !
সপোন হোৱা বাস্তৱৰ দৰে
ঘন কুঁৱলিৰ ফাঁকেৰে দিগন্তৰ বৰষুণত
ভিজিছা নেকি তুমি মহানগৰীয়া টোপালত ?
কৰকৰীয়া ভাতৰ দৰে
জুইত সেঁকা পাপৰৰ দৰে
নাইবা শুকান এবোজা খৰিৰ দৰে
নিলগাই থোৱা চোতাল এখনত
ভিজি উঠে মোৰ স্মৃতিবোৰ
মহানগৰীয়া বৰষুণৰ টোপালত
ভিজেনে তোমাৰো স্মৃতিবোৰ ?

No comments:

Post a Comment