সমৰ্পন

গতিশীলতাৰ কোনোবা এটা বিন্দুত দিলোঁ ৰৈ
চুম্বন কৰিলেহি বুকুৰ ৰঙাত শিমলুৰ এপাহ বগাই
বতাহৰ ঢৌ বগাই ভাগৰুৱা হৈ পৰা নাছিল বগাপাহি
বিৰিণাৰ দৰেই নাচি নাচি মচি আছিল বুকুৰ ৰঙা
সুৰুঙা এটিৰ সন্ধানত
শিমলুৰ বগাত পাইছিলোঁ গুলপীয়া ঘ্ৰাণ
আৰু ম‍ই সমৰ্পন কৰাৰ কথা নাছিল
বিন্দু বিন্দুকৈ সোমা‍ই থাকিল ঘ্ৰাণ
বুকুৰ ৰঙাত ভেদি সমৰ্পনতাৰ দেৱাল

গতিশীলতাৰ সাম্প্ৰতিক বিন্দুত ৰৈ...
সেই ঘ্ৰাণ যদি বৰিষাৰ বৰষুণ
ৰুগীয়া হোৱাত মোৰ আপত্তি না‍ই

No comments:

Post a Comment