মূকাভিনেতা

বৃত্তটোৰ প্ৰতিটো বিন্দুয়েই এটি নিয়ম
অভিনয়ক যদি নাম দিয়া নিয়মৰ
ম‍ই এজন নিয়মিত অভিনেতা
বৃত্তটোৰ প্ৰতিটো বিন্দুতেই জ্বলে পোহৰ
সেই পোহৰ প্ৰাকৃতিক নে কৃত্ৰিম, যদি সোধা
ম‍ই এজন অনিচ্ছাকৃত বোবা


No comments:

Post a Comment