অপেক্ষা

সময়ৰ ভুৰত বঠা বাই ধাপলি মেলিলোঁ গৰ্ভজাত এটা বছৰৰ পিনে
আইৰ প্ৰসৱলৈ এতিয়াও কিছু ক্ষণ বাকী
প্ৰসৱ বেদনাত কাঁতৰ হৈ উভতি চাইছে আয়ে অতীতলৈ
৩৬৫ দিন গৰ্ভত লৈ জন্ম দিয়া সন্তানবোৰৰ পৰা কিনো পাই আহিছে তেওঁ
এমুঠি বিস্ফোৰণ, এজাক নাৰী ধৰ্ষণ নে ৰাজনীতিৰ পৰা ভাঁহি অহা ভেঁকুৰৰ অশ্লীল গোন্ধ ?
গেলা বানপানীয়ে আইৰ ওকণি চোবায়
এফাল ৰুটি নাইবা ফটা এখনি বস্ত্ৰ বিচাৰি হাবাথুৰি খোৱা ওকণি সিহঁত
আইৰ মৰমৰ ওকণি
কিন্তু হায় ! লিটাৰে লিটাৰে তেজ খোৱা ফিটাপেলু ৰোধিবলৈ হ’লে কোনো নাই
কাঁটা তাঁৰ বগাই তেজ খোৱা অগণন ফিটা পেলু
সিহঁতৰ ভৰত আই কুঁজী বুঢ়ী
নিস্পেষিতৰ তেজেৰে পাৰিবনে ধুৱাব আইৰ আঁচলত গোট মৰা এই তেজৰ চেঁকুৰাবোৰ
বৰ আকুলতাৰে বাট চাই আছে আয়ে


৩১/১২/২০১০

No comments:

Post a Comment