আকৌ ফুলিব শেৱালি

পাৰ হোৱা ৰাতিৰ বৈ যোৱা বতাহ
ধৰা হওঁক, বতাহজাক আছিল এজাক ধুমুহা
নাইবা ধৰক, টাইফুন
শেৱালী জানো বাদ দিয়ে ফুলিবলৈ ?
পুৱতিৰ শেতেলীত জোন-ভিজা পাতবোৰে কয়
শেৱালি আকৌ ফুলিব
দুৱৰিৰ বোকোচাত জীপাল মুকুতাই কয়
শেৱালি আকৌ ফুলিব
পানীপতাৰ টিপ্ টপ্ শব্দয়ো কয়
আকৌ ফুলিব শেৱালি

শিলাবৃষ্টিৰো আছে অতীত
বৰষুণৰ শিলবোৰতো শিল নহয় !
গোট মৰা পানীবোৰৰ গোপন মন্ত্ৰণা
পানী হোৱাৰ তাড়নাত অন্তহীন ব্যস্ততা
গোট মৰা জুলীয়া ক্ৰিষ্টেলবোৰে কয়
আকৌ গলিব হৃদয়
হৃদয়ৰ পলসুৱাত গুজিছিলোঁ আমি যে সম্ভাৱনাৰ ঠাঁনি !
তুমি, মই, তেওঁ, আমি
টাইফুনক নেওচি সেউজীয়াই ক
আকৌ শেৱালি ফুলিব

No comments:

Post a Comment