~এলাৰ্ম ঘড়ী~

'দায়িত্ববোধ'ৰ উৎপত্তি হৈছিল নেকি'

শিৰোনাম'ৰ পৰা?

এই যে ৫ বজাৰ প্ৰশ্নবোৰৰ উত্তৰ  নাথাকে

কুকুৰাৰ ডাকত নাছিল‌‌ নেকি ব্যস্ততা?


অস্ত-উদয়ৰ তালিকা...এলেহুৱা।
গতি আছে, গতি নাই
সপোন আছে, সময় নাই
সময় আছে, তুমি নাই।


শৈশৱৰ যুঁৱলিত মই কাগজৰ নাও ...
আৰু তুমি?
৫ বজাৰ কেৰাচিন!
বৰষুণৰ হেঁপাহত ছাই হোৱাৰ প্ৰস্তুতি
পাহৰা‌ হʼয় খেজুৰ বুটলা বাট...


এদিন গৈ চাম, ৰৈ চাম।
কৈ চাম এদিন সপোনক
এলেহুৱা নহʼল কিয় কুকুৰা?
কঁচাইজনে কʼব  'শিৰোনাম'ত
নিশাৰ শিলত নিভিজেই তাৰ সপোন!

No comments:

Post a Comment