প্ৰশ্ন

অৰণ্যক সুধিলো
-খবৰ ভালনে নোসোধো
আয়ুস ক
ক’লে, মোৰ আয়ুসেই তোৰ আয়ুস
মোৰ বন্ধুয়েই তোৰ বন্ধু
তোৰ বন্ধুয়েই মোৰ শত্ৰু
মোৰ আয়ুসেই ভৱিষ্যতৰ শত্ৰু

মহানগৰীক সুধিলো
-এতিয়া শুনিছো হিট্‌লাৰৰ ৰাজত্ব
ক্ৰুৰ হাঁহিটিৰে সাঁথৰ হৈয়েই ৰ’ল
ক’লে, অবোধগম্য ম‍ই
আৰু এন্ধাৰৰ ৰজা

নগ্নতাৰ লাজতেই গুজৰিলে পাহাৰে
খহায় পেলাম খহি খহি

নদী আৰু বতাহক সুধিলো
অম্বুৱাসীত নোৱাবিনে ধোৱাবি ?
ক’লে, জুখি চা মানৱতাৰে
লাজ পাবি

মানৱতাক সুধিলো
একেই আছনে ত‍ই?
উন্নতিৰ জখলাত কিমান বগালি ?
...নিমাত

2 comments:

  1. আপোনাৰ আটাইকেইটি কবিতা পঢ়িলো...যঠেষ্ট সুন্দৰ হৈছে....||

    ReplyDelete