কাৰ কি লাভ?

হ'বলগীয়া কি আছিল, যি নহʼল।

হʼবলগীয়া যি নাছিল, যি হৈ গʼল...

ভাবি, কাৰ কি‌ লাভ?


পাবলগীয়া যি নাছিল, যি পোৱা গ'ল?

পাবলগীয়া কি আছিল, যি পোৱা নহʼল...

অনুশোচনাত আছে কিবা লাভ?


বিদ্যালয়ৰ সপোন‌ চাকৰি

চাকৰিৰ সপোন সময়।

সময়হীনতাৰ সময়ত নোপোৱাবোৰ বিচাৰি

স্মৃতিত কিবা লাভ?


প্ৰেমহীনতাৰ সময়ত তুমি

তোমাৰ সময়ত দায়িত্ববোধ।

তুমিহীনতাৰ সময়ত তোমাকেই বিচাৰি

আছে জানোঁ লাভ?


'আছে-নাই'ৰ সমিকৰণেই জীৱন!

বন্ধু, টকা, সময়, প্ৰেম...

ইত্যাদি ইত্যাদি।

এটা আছে, এটা নাই;

আজি আছে, কালি নাই।


ভাবি কি লাভ?

আশাৰ ভুঁইত স্মৃতি খুঁচৰি

মোৰ পিছে বহু লাভ...

No comments:

Post a Comment