কবিতা



গতিশীল ষ্টেচন
একৰঙী একোখন আকাশ
যাত্ৰাপথৰ সীমনাত বিৰংগী হাবিয়াস

অভিনয়


চকুত বকুলৰ ফুল
বুকুত কেক্‌টাছৰ হুল

অভিনয় নিৰ্ভুল

হাঁহি


বৰণৰ নাম ক'লা
সকলো ৰং সেৱন কৰে হ'বলা
কি ৰং সেই হাঁহিৰ?
সমষ্ট অনুভূতিৰে যি আৱৰা !!!

সুখ-দুখ


সুখৰ অসুখ
সুখী দুখ


কবিতা


অনুভৱত অংকুৰিত শব্দ
বহুৰঙী জীৱনৰ ৰং
নীলাভ ফাঁকু । কবিতাৰ লুকা-ভাকু ।

নিদ্ৰা

(হীৰু দালৈ শ্ৰদ্ধাঞ্জলি)

ফুলামকৈ সজাই থৈ ফুলনি
মালীজন ঘুমটি গ’ল
শব্দ-ফুলৰ মালাৰে
পখিলা সুগন্ধি হ’ল
 
যি বাটেৰে তেওঁ আহিছিল
পথাৰৰ পৰা বুটলি আনি শব্দবোৰ
গাঁথি লৈ বোকা-পানীৰ ঘ্ৰাণবোৰ
ছবি এখন আঁকি থৈ গ’ল
সেউজ ছবিৰ পৰশত
দলিচা ফুলাম হৈ ৰ’ল

নিদ্ৰাৰত গানটিৰ সাৰে আছে ঝংকাৰ
নীলাভ শব্দৰ শ্বাস্বত অংগীকাৰ
মৃত ধ্বনিৰ অমৰ প্ৰতিধ্বনিৰে
পখিলা সুগন্ধি হ’ল
ফুলামকৈ সজাই থৈ ফুলনি
মালীজন ঘুমটি গ’ল

জোনাক চটিয়াই জোনটো হেৰাল
আকাশত এখন জোনাকী ৰুমাল
দেশৰ মাটিৰ কেনভাচ
মৃত্যুৰঙী ৰঙেৰে ৰঙাই
মালীজন ঘুমটি গ’ল
শব্দৰে গঁথা ফুলৰ মালাত
উশাহবোৰ সাৰে ৰ’ল

চাধা পুৰাণ-২ (বিড়িকাণ্ড)

গ’হাটীৰপৰা আহি মোৰ টেন্‌‌চনত দিন যায়,
হায় মোৰ ফাটা ক’পাল তিৰিটুয়ো চাধা খায় !
ঘৰ পায়েই দ’গ্‌‌ৰি তাইক দাইবোবা ধোল্লু,
কাণৰ হাইৰা ফাটে দিও মানোবাহে নোল্লু ।
উপায় নাপে ভাবি চিন্তি অ’ফাৰ এটা দিলু,
শুনছুন মোৰ আদেৰি মাই, ইলু(I.L.U.) বুলিও ক’লু ।
গ’ল্লা এটা আনি দিম ত’ই চাধা বাদ দিলি,
ভাগে-পিতে খাম দে আমি দোটাই মিলি ।
তাই বুলে ইংকে নোহোই গোটেটু দিবা লাগ্‌‌বো,
তিত্তেহে বুলে তিৰিটুই চাধা খাবা এৰ্‌‌বো ।
মোই বুলু হোবোদে চেক্ৰিফাইজ কোৰিম,
সমাজে গম পালিহে নাক্‌‌টু উইলোবা নোৰিম ।
হ
’লিও যি লাষ্টত তাই বাদ দিবো বুলি ক’লাক,
মনটু মোৰ নাউংমেন হ’লিও ৰঞ্জিত ৰঞ্জিত কল্লাক ।
মনে মনে বাৰীৰ দিখি যাই বিড়ি টান্‌বা মন গেল,
তুলিৰ তলত লুকে থং বিড়ি, আদেৰিক বানোং বেল ।
তুলিখেন দাঙি দিয়ে মোৰ টেমা চুতি গেল,
বিড়ী-চিড়ী একো নাই দুখুন মুখখেন খালাক মেল
।
মোৰ বিচ্‌‌না লাচ্চিলি নিকি বুলি আদেৰিক সুধ্বা গেলু,
পেটট্‌টুয়ো প্ৰ’ব্লেম দি আছে হৈছি হান পাং ফিটা পেলু ।
সুধাৰ আগতে গম পালু তাইৰ চকুত কিবা পোচ্চি,
পোকা বুলি ভাবি তাই মোক উইলবা খাটিৰ ধোচ্চি ।
পোকাটু উইলং বুলি তাইৰ মুখখেন ওচ্‌ৰত আন্‌লু,
ভেকাচ্‌ কে ভাঁহি আইছি, বিড়িৰ গোন্ধ পালু ।
মোই বুলু সৰ্বনাশ বিড়িতো ধোচ্চি দুখুন,
চকুইদি নামি আইহ্‌লাক একজাক বৰখুন ।

(পাঠশালাৰ পিনৰ কথিত ভাষাত লিখা)


       (শব্দাৰ্থ:- গ’হাটী=গুৱাহাটী, টিৰিটু=পত্নী গৰাকী, দ’গ্‌ৰি=বহুত, দাইবোবা ধোল্লু=গালি পাৰিবলৈ ধৰিলোঁ, হাইৰা=পৰ্দা, নোল্লু=নোৱাৰিলোঁ, নাপে=নাপায়, দিলু=দিলোঁ, শুনছুন্=শুনছোন, ক’লু=ক’লোঁ, দিলি=দিলে, ইংকে=এনেকৈ, নোহোই=নহ’ব, গোটেটু=গোটেইটো, লাগ্‌‌বো=লাগিব, এৰ্‌বো=এৰিব, তিত্তেহে=তেতিয়াহে, মোই=মই, হোবোদে=হ’ব দে, কোৰিম=কৰিম, নাকটু উইলোবা=নাক উলিয়াব, নোৰিম=নোৱাৰিম, হ’লিও যি=যিয়েই নহওঁক, দিবো=দিব, ক’লাক=ক’লে, নাউংমেন=অকনমান, কল্লাক=কৰিলে, দিখি=পিনে, যাই=গৈ, টান্‌বা=টানিবলৈ, গেল=গ’ল, লুকে থং=লুকাই থওঁ, বানোং=বনাওঁ, তুলিখেন=তুলিখন,দুখুন=দেখোন, মুখখেন খালাক মেল=মুখ মেল খালে, লাচ্চিলি=লাৰিছিলি, সুধ্বা=সুধিব, পেটট্‌টুয়ো=পেটটোৱেও, হৈছি হান পাং=হৈছে যেন পাওঁ, পচ্চি=পৰিছে, পোকা=পোক, উইলবা খাটিৰ ধোচ্চি=উলিয়াই দিবলৈ খাটনি ধৰিছে, উইলং=উলিয়াই দিওঁ, মুখখেন ওচ্‌ৰত আন্‌লু=মুখখন ওচৰলৈ আনিলোঁ, আইছি=আহিছে, পালু=পালোঁ, বিড়ীতো ধোচ্চি দুখুন=বিড়ীও হুপিবলৈ লৈছে দেখোন, আইহ্‌লাক একজাক বৰখুন=আহিল এজাক বৰষুণ)

"চাধা পুৰাণ-১" পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰিক 

আনটো পাৰৰ অপমৃত্যুত...


মেলি লৈছোঁ ইতিহাস
ইটো পাৰত এয়া দলঙৰ ইতিহাস

আবেলিৰ পৰশ থকা সেই নিশা
চকামকাকৈয়ে দেখা মনত পৰে সিটো পাৰত
তুমি তোমাৰ বাটত
মই মোৰ বাটত
মাজতে নৈখন নিজৰ বাটত

অঁকা নথকাহেঁতেন তোমাৰ সেউজীয়া বাট
বন্দী হোৱাৰ কথা নাছিল তাত
সেউজীয়া বাটত পঙ্গু হৈছিল মোৰ চলমান দৃষ্টি
আৰু মই লিখিবলৈ ল’লোঁ দলঙৰ ইতিহাস

তাৰেই কোনোবা এখিলাত গঁথা আছিল আশা
মজবুতকৈ বনোৱাৰ পণ আছিল দলংখন
ইপিনে হৃদয় ধলা ইটা
সিপিনে মৰম লেপা খুঁটা
বাগৰি যায় আন এটা পৃষ্ঠা

দিন যেন সেই ৰাতিৰ কথা
চন্দ্ৰমাৰ বুকুত জিলিকি উঠিল দলং
চন্দ্ৰমা আজি তোমাৰে-মোৰে ওঁঠত
এখন পূৰ্ণ দলঙৰ বিজয়োল্লাস
আৰু এযোৰ মনৰ হেজাৰবাৰ অহা যোৱা

ভাঁহি আহে ইতিহাসৰ চিঞৰ
গাঁথি লৈ আমাৰে গাঁথা
তুমি মোৰ বাটত
মই তোমাৰ বাটত
মাজৰ নৈখনো আমাৰেই বাটত

আহিল সেই ৰাতি যেন দিন
আনটো মূৰৰ ধুমুহাই বজ্ৰপাত পেলাইছিল ইটো মূৰত
চুক্তিৰ বিপৰীতে খহি পৰিল আনটো পাৰ
যি বাটেৰে অহা-যোৱা কৰাৰ কথা আছিল আমি হাজাৰবাৰ

অন্য পাৰৰ অপমৃত্যুত সৃষ্টি হয় অন্য দুখনি নৈ
নিষ্ঠুৰ খুঁটাৰ ফৰ্মুটিত আঘাতপ্ৰাপ্ত মেৰামতিৰ হাবিয়াস
আহত হাবিয়াসে ফেঁকুৰি ক’ব
লুণীয়া নৈ আছিল তোমাৰেই নামত

ৰাতি যেন এই আবেলিৰ কথা
তুমি তোমাৰ বাটত
মই মোৰ বাটত
মাজতে নৈখন বিপৰীত বাটত

শেষ পৃষ্ঠাৰ ইতিহাস:
ইটো পাৰৰ প্ৰতিটো গধুলিত জিলিকে এতিয়া মৃত এটা জীৱন

ঠিকনাৰ আক্ষেপ

ৰৈ আছিলোঁ
জোনাকৰ প্ৰলেপ ঘঁহি আন্ধাৰৰ গভীৰতাত
ৰৈ আছিলোঁ অমাৱস্যাৰ সমাধিৰ অপেক্ষাত
প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল

এদিন সপোনবোৰে মোক কৈছিল
নিদ্ৰাৰ উদ্দেশ্য মাথো সপোন নহয়
তথাপি, সপোনৰ উদ্দেশ্যেই মই শুই চালোঁ
আপুনি আহিব বুলিয়েই শুকুৱাই থৈছিলোঁ ভিজা ৰ’দবোৰ

প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল
ৰ’দোৱা কাপোৰৰ গোন্ধত মই সাৰ পালোঁ
জোনাকী এমুঠি চটিয়াই জুমি চালোঁ
আপোনাৰ চকুৰ উজ্বলতাত লাজ পালে জোনাকীয়ে
চুলিৰ এন্ধাৰত ক’লা হ’ল ৰাতি
তৰংগায়িত হ’ল বতাহ
ভ্ৰুৰ ৰামধেনুৱে আঁকিলে সেউজ বুকুৰ বতৰা
লাহী ককালেৰে আহিছিল আপুনি যাবলৈ
ঠিকনাটো নিদিয়াকৈয়ে যাবলৈ

ঠিকনাটো দি যোৱা হ’লে ভাল আছিল !
সিদিনা সুধিছিলোঁ জেতুকাৰ ৰংবোৰক
শেৱালিৰ সুবাসত নষ্টাল্‌জিক ছোৱালীজনীৰ ঠিকনা ক’ত ?
উত্তৰ আহিল ফাগুণ
আন্দোলিত ফাগুণত শিমলুৰ পিঠিত বহি
চিনাকী সুৰটিৰ সৰ্পিল গতি খেদি
এখনি আকাশ য’ত পাওঁ
পথাৰ, অৰণ্য নাইবা নৈখনলৈ জুমি চাওঁ
আপোনাৰ দৰেই চিনাকী যেন লাগে সেই ৰোৱণী, সেই দাৱণী
জাকৈয়া ছোৱালীজাকৰ মাজতেই আপোনাৰ ঠিকনা হোৱা হ’লে ভাল আছিল !

জাকৈবোৰে এদিন মোক কৈছিল
নেদেখা মানেই হেনো নথকা নুবুজায় !
নোপোৱা মানেই হেৰুওৱা নহয় যেন ভাৱ এটিৰে বান্ধি
সপোনৰ জোলোঙাত ভৰাই থ’লোঁ আক্ষেপ
ঠিকনা নোপোৱাৰ আক্ষেপ
আৰু জোলোঙা খুচৰি অমাৱস্যাৰ বুকুত ৰুলোঁ এটি জোন
মই বাট চালোঁ অন্য এটি পূৰ্ণিমালৈ
যাৰ উজ্জ্বলতাত বন্ধ হ’ব অভিমানী আক্ষেপ
ঠিকনাটো দি যোৱা হ’লে ভাল আছিল !