মামৰে ধৰা হৃদয়

লহপহকৈ বাঢ়ি অহা ফুলনিখন
হিৰোছিমা কৰি যোৱাৰ দিনাই
প্ৰেমৰ আগত চন্দ্ৰবিন্দুটো সাঙোৰ খাইছিল মোৰ
সেই যে তেতিয়াৰ পৰাই মই স্তব্ধ পথিক
সময়বোৰো আজি পয়া লগা
গছৰ লঠঙা ডালবোৰ দেখি মনত পৰে
বুকুত আগ্নেয়গিৰি ৰোপণ কৰাৰ দিনা ওলোৱা
তোমাৰ সেই দুৰ্যোধন হাঁহিটিলৈ...
নিজতকৈ শতগুণ ভাৰ সহিবলৈ আজি কাপুৰুষ মই
পৰুৱা হ’বলৈ আয়ে মোক নিশিকালে

শাওণৰ বৰষুণ তুমি ভাল পোৱা নাছিলা
তোমাৰ বাবেই মইও নাপালো
মইতো চন্দ্ৰকলংক নাছিলো
কিয় উতুৱাই দিলা কোমোডৰ ফ্লেচ্‌ বনাই ?
কেতিয়াৰ পৰা ভাল লগা হ’ল তোমাৰ হৃদয় পিটিকা ?
আইনা মই আগৰপৰাই চাওঁ
তুমি থাকোতে ধুনীয়া আছিল
আজি মাথো কাঁচৰ টুকুৰা

পাহৰিব পাৰা, প্ৰেমৰ কেৰ’মবোৰ্ডত ৰঙাগুটি আছিলো মই
ৰৈ থাকিলো এতিয়া তেজৰ চেঁকুৰা হৈ
স্ট্ৰাইকাৰ অবিহনে তেনেই দিক্‌ভ্ৰস্ট
আজি তুমি কাৰ স্ট্ৰাইকাৰ ?
ওহো...গেলিলিওৰ টেলিস্কোপেৰে চোৱা অসম্ভৱ, অসম্ভৱ
তেনেই অপ্ৰাসংগিক

মিছ্‌ কললৈ বাট চাই আমনি লাগিল
তোমাৰ এছ. এম. এছ.বোৰো মামৰে ধৰিলে
কিমাননো আৰু ছাফ কৰিম !!!
এতিয়া যে মোৰ হৃদয়খনেই মামৰময়

No comments:

Post a Comment