মৌচাক

এটুপি দুটুপিকৈ সংগ্ৰহ কৰিছিলো
নিপোটল মৰম.....তোমাৰ বাবে
মৌচাক সাজি ৰৈ থাকিলো
ওৰেটো নিশা.......
তুমি নাহিলা.........
হৃদয়ৰ জ্বালামুখীৰে সেমেকি উঠিল গোলাপ |
মৌ চুহিবলৈ নাযাওঁ হ’বলা!
নিয়ৰ চটিয়াবলৈ তুমিয়েইছোন শূন্য
তুমি নাহিলা........
অহাৰ আগতেই গুচি গলা
তুমি কি যাবৰ বাবেই নহাকৈ আছিলা?
হৃদয়ৰ থাপনাত পাতিছিলা নেকি তুমিও হেপাহৰ মৌচাক.....কাৰোবালৈ ৰৈ?
উমান নাপালো মই
এদিন হেৰাই যাব অসীমত তোমাৰ হৃদয়ৰ ঠিকনা
ঠিকনা বিচাৰি অসীমলৈ নাযাওঁ,
অস্পষ্ট ঠিকনা বিচাৰি চটিয়াই নিদিওঁ এমুঠি জোনাকী পৰুৱা
মাথো ৰৈ থাকিম ওৰেটো নিশা
তুমি আহিবা বুলি হৃদয়ৰ মৌ পান কৰিবলৈ |

ৰাণীৰ খোটালীতো এতিয়াওঁ ৰিক্ত
সযতনে সাঁচি ৰাখিছো তোমাৰ বাবে....
এহৃদয় গোটমৰা মৌজোলৰ স’তে.....

1 comment:

  1. হৄদ্য় এক বিজ্ঞাপন ,....!! নিৰ্ভেজাল মৰমৰ..নিটোল প্ৰেমৰ..যিয়ে উদ্ভাসিত কৰে আমাৰ জীৱ্ন....!!!

    ReplyDelete