এগৰাকী নাৰীৰ বাবে ৰঙৰ সন্ধানত

তেওঁৰ ওঁঠযুৰি কেন্‌ভাচলৈ আহিলে ৰং বিচাৰি হাবাথুৰি খাওঁ
শেঁতা পৰা সেই দুওঁঠে মূকবধিৰ কৰি তোলে মোক |
লাফিং গেছীয়া হাঁহিৰে কিমাননো আৰু দিন ঠেলিম ?
ডাৱৰীয়া চকুৰে আৰু কেইটা নিশা জলক্লান্ত হোৱাৰ কথা?
এমুঠি ৰং ছটিয়াম বুলি হাত মেলোতেই উমান পাওঁ শূন্যতাৰ
শূন্য দুহাতেৰে মটীয়া দুওঁঠ খেপিয়াই চাওঁ
বিপদসীমাৰ ওপৰত সেই ওঁঠ শেঁতা পৰি ৰয়
আৰু ম‍ই.....তাৱৈৰ কাৱৈ |
বগাই বগাই এযুৰি তৰা চিঙাৰ হেঁপাহ,
মটীয়া ওঁঠত ৰং গুজাৰ ঔফুলীয়া আশা,
চকুৰ আগত গৰাখহনীয়া আৰু
আপদীয়া ডাৱৰৰ কংসৰ কাৰাগাৰত বন্দী তৰা |
ডাৱৰেৰে বন্দী সেই বন্দীনীৰ গৰ্ভত
পাৰ কৰিছিলো ম‍ই দহটি মাহ |

No comments:

Post a Comment