ৰভাতলীৰ উচুপনিত তাক নিবিচাৰিবা

বোৱালে বোৱাবা তেজক হেৰুওৱা বুলিয়েই বেদনাৰ নিমখীয়া
ত তোমাৰ সৃষ্টি আৰু সহবাস
ৰভাতলীৰ উচুপনিত তাক নিবিচাৰিবা
উচৰ্গাত বিচৰা নাই সি নীৰৱ বাৰিষা
হোমৰ আঙঠাত দহিব দিবা তাৰ হৃদয়
আৰু সি কৰি যাব কৌতুকদৰ্শী অভিনয় ওৰেটো জীৱন
তাৰ শেষ অনুৰোধত গঁথা আছে তোমাৰ সুখ, তাৰ বিস্মৃতি
শেষ অনুৰোধত অভিমানি হৈ নপৰিবা
অধিকাৰৰ বাহিৰত খঙাল হৈ পৰিব পাৰে সি বৰ্জনীয় অভিমানত
ফুলশয্যাৰ নিশা পুনৰ সি ব্যৰ্থ হব 'খুন' কৰিবলৈ দুখবোৰক
সুখ উদ্‌যাপনত তাক নিবিচাৰিবা
দুখৰ বিনিময়ত সুখী কৰি সুখী হয় সি
প্ৰাণৰ অন্তিম বিন্দুত সুখৰ সংজ্ঞা বিচাৰিলে ক
তাৰ শেষ অনুৰোধত অঁকা নাছিল সুখৰ সংজ্ঞা
আনক সুখী কৰিবলৈ তোমাৰ ত্যাগত নাছিল সুখৰ সংজ্ঞা
বাধ্যতাৰ নিয়মবোৰত ঢাক খাইছিল সুখৰ সংজ্ঞা
মামৰে ধৰা অতীতত উচুপি ৰৈছিল সুখৰ সংজ্ঞা
আৰু তুমি উজুটি খাবা বাৰে বাৰে উভতি যোৱাৰ তাৰণাত
বিচাৰি বিচাৰি তাক শেষ বিন্দুৰ নিমখীয়াত

No comments:

Post a Comment