"ঠাণ্ডাই" মুৰ্দাবাদ


     ভাং নাইবা ঘোটা খাই হোৱা তেনেকুৱা বিশেষ অভিজ্ঞতাৰ কথা মনত নাই । কিন্তু শিৱৰাত্ৰিৰ সময়ত পঞ্জাৱত পোৱা "ঠাণ্ডাই" নামৰ এবিধ বিশেষ পানীয়ৰ পৰা লাভ কৰা পাহৰিব নোৱাৰা এক অদ্ভুত অভিজ্ঞতাৰ কথাহে ক'বলৈ বিচাৰিছোঁ । পঞ্জাৱত আমি তেতিয়া নতুন । শিৱৰাত্ৰিৰ দিনা আবেলি ওলাই গ'লোঁ ফুৰিবলৈ বুলি । এখন দোকানত দেখিলোঁ এবিধ পানীয় বিনামূল্যে বিতৰণ কৰি আছে । পাতল সেউজীয়া বৰণৰ । ঘোটা ধৰণৰ কিবা হ'ব নিশ্চয় বুলি ভাবি এগিলাচ হাতত ল'লোঁ । মধুৰ স্বাদ । খাই বিৰাট ভাল লাগিল । নিচা ধৰণৰ একো অনুভৱ নোহোৱা দেখি মই ৬ গিলাচ গলাধকৰণ কৰিলোঁ । লগৰবোৰেও তেনেদৰে সাধ্যানুসাৰে যিমান পাৰে বিনামূলীয়া সুস্বাদু "ঠাণ্ডাই" গলাধকৰণ কৰিলে । দোকানখনৰ পৰা হোষ্টেললৈ ১০ মিনিটৰ ৰাষ্টা । হোষ্টেল পালোঁ, একো অস্বাভাৱিক অনুভৱ নাই | হোষ্টেলৰ ভিতৰত বন্ধু এজনৰ ৰুমলৈ গ'লোঁ । মই সোমোৱাৰ লগে লগে তাত থকা বন্ধুকেইজনে হাঁহিবলৈ আৰম্ভ কৰিলে । সিহঁতক দেখি মোৰো হাঁহি উঠি গ'ল । সেয়াই আৰম্ভণি । বিশ্বাস কৰক, তেতিয়াৰ পৰা একেৰাহে দুঘন্টা আমি ইজনে সিজনলৈ আঙুলি টোৱাই হাঁহিয়েই থাকিলোঁ । তাৰ পিছত হোষ্টেলৰ মেছলৈ গৈ ৮০ টকাৰ বিভিন্ন খাদ্য খাই নিজৰ ৰুম পালোঁ । খাবলৈ যাওঁতে এনেকুৱা লাগিছিল যে খট্‌খটিত এখন ভৰি দিবলৈ এঘন্টাতকৈও বেছি সময় লাগে, কিন্তু ৰুম আহি পোৱাৰ পিছত এনেকুৱা লাগিছিল যে ১ ছেকেণ্ডৰ ভিতৰত মই আটাইখিনি কাম সম্পূৰ্ণ কৰি ৰুম পালোহি । তাৰ পিছত এনেকুৱা অনুভৱ হ'ল যেন মাত্ৰ এক ছেকেণ্ড আগতে মই কি কৰিছিলোঁ সেইটোও পাহৰি যাওঁ । বহুত চেষ্টা কৰিও মনত পেলাব নোৱাৰোঁ । বহুত ভাবিলোঁ, মই পাগল হ'লোঁ নেকি ??? কিন্তু একো বুজি নাপাওঁ । ৰুমলৈ আহি শুই গ'লোঁ । মাজতে পিয়াহ লাগিল । পানী খাওঁতে যেন গম পাই গৈছিলোঁ, কোনডাল নলীয়েদি গৈ ক'ত কেনেকৈ  হজম হৈ গৈ আছে !!! তাৰ পিছত এনেকুৱা লাগিল যেন মোৰ জিভাখন ক্ৰমে চুটি হৈ গৈ আছে, যেন অলপ পিছত জিভাখন নোহোৱাই হৈ যাব ! বহুত ভয় খালোঁ । টোপনি যাবলৈ চেষ্টা কৰিলোঁ । ক'তনো টোপনি আহিব !!! লাহে লাহে জন্মৰ পিছত জনা-বুজা হোৱাৰ পৰা যিবোৰ ঘটনা ঘটিছিল আটাইবোৰ তীব্ৰগতিৰে মোৰ চকুৰ আগেৰে ভাঁহি যাবলৈ ধৰিলে । মই গম পালোঁ যে আজি মোৰ মৃত্যু হ'ব । খুব দুখ লাগিল । ছেঃ ঘৰতো মৰিম বুলি কোৱা নহ'ল !!! ফোন কৰিবলৈ চেষ্টা কৰিলোঁ । কিন্তু হাত-ভৰি একো লৰচৰ কৰিব নোৱাৰোঁ । তেতিয়াই চাগে টোপনি আহিল ! তাৰ পিছত একো মনত নাই । ৰাতিপুৱা উঠি হাতত চিকুটি চালোঁ, সঁচাকৈ জীয়াই আছোনে নাই !! জীয়াই থকা বুলি নিশ্চিত হৈ ভগৱানক বাৰে বাৰে ধন্যবাদ জনালোঁ । তেতিয়াৰ পৰাই "ঠাণ্ডাই" নমস্কাৰ !!! ৰাইজলৈ বুলি আনুৰোধ, পঞ্জাৱলৈ আহিলে সুস্বাদু আৰু বিনামূলীয়া হ'ল বুলিয়েই যেন শিৱৰাত্ৰিৰ সময়ত কেতিয়াও "ঠাণ্ডাই" নামৰ পাতল সেউজীয়া বৰণৰ পানীয়বিধ ভুলতো গ্ৰহণ নকৰে । অৱশ্যে আপুনি "ঠাণ্ডাই"ৰ মজা লৈ চাব পাৰে যদিহে জীৱিত অৱস্থাত নৰকখন এবাৰ চাব বিচাৰে । মোতকৈও সাংঘাটিক ঘটনা কিছুমান মোৰ বন্ধুসকলৰ লগত ঘটিছিল । কিন্তু সেইবোৰ ক'বলৈ গ'লে মহাভাৰতহে হ'বগৈ ।

No comments:

Post a Comment