এখন দেশত এটা ভাষা...আজিও আছে
জোৱাৰত ছৈ ধৰি উজাই আনিছিল এমুঠি নাৱিকে
টেম্ছৰ পৰা মাজুলীলৈ
ডুবা নাৱেঁ সুৰুজ দেখিছিল
সময় বাগৰিল, হেমকোষ উপজিল
ক্লান্ত পানীত নাওঁ চলে
সময় বাগৰে...
ক্লান্ত পানীত ৰৈ গৈছিল এমখল বগা তেজ
এজোপা অমৰলতা
সময় বাগৰে...
এখন দেশৰ মানুহ আধুনিক হৈছিল
অমৰলতাৰ বগা তেজেৰে পানীত হিম’গ্লৱিন কমিছিল
মাতৃভাষাত ঘূণে ধৰে
সময় বাগৰে...
জেক্চন আহিল, এভ্ৰিল উপজিল
জ্যোতি-বিষ্ণুনো কোন আছিল?
ভূপেন দায়ে উচুপে
সময় বাগৰিল
এখন দেশত.....
বাহ ! অপূর্ব !
ReplyDeleteধন্যবাদ
ReplyDeleteফোলোৱাৰ গেজেট লগোৱাওক। তেনে হ'লে আমি যুক্ত হ'ম।
ReplyDeleteনিশ্চয় লগাম
ReplyDeleteলগালো.....চাওঁকছোন
ReplyDeleteবঢ়িয়া ৰিদিপ...
ReplyDeleteধন্যবাদ বিশ্বজিত দা...
ReplyDeleteসময় বাগৰক, ই বাগৰিবই...
ReplyDeleteজ্যোতি-বিষ্ণু গ’ল, সময়ে নিবই...
সময় পাৰ হয়, কাহিনী ঘূণে ধৰিবই...
আজি আমি আছো, ঘূণ আমি লাগিব গুচাবই...
কালি কোনোবা আহিব, সময় পাৰ হবই...
ভাল লিখিছা...
ঘূণ আমি গুচাব লাগিবই.....বাগৰা সময়ৰ লগত খোজ মিলাই....
ReplyDeleteপঢ়ি ভাল লাগিল৷সৰু কথা এটা,থেমছ নহয়, টেমছ
ReplyDeleteসুন্দৰ, ভাল লাগিল. সঁচাকৈয়ে ভাল লাগিল
ReplyDeleteআটাইলৈ ধন্যবাদ.....@পাৰ্থদেৱ ইংৰাজীত Thames,অসমীয়াত থেম্ছ নে টেম্ছ এই বিষয়ে মই নিশ্চিত নহয়
ReplyDeletewooww !!!!! that's a nice poem....I didn't know that you write poems.....we're so lucky to have you.....keep it up man !!!!!
ReplyDeleteP.S. I dont know how to write assamese in this page....sorry for that.....
bhal lagil..
ReplyDeleteThanx a lot Ujjal Da & Shivam Da
ReplyDeleteবঢ়িয়া ৰিদিপ ...!!
ReplyDeleteধন্যবাদ
ReplyDelete