আনটো পাৰৰ অপমৃত্যুত...


মেলি লৈছোঁ ইতিহাস
ইটো পাৰত এয়া দলঙৰ ইতিহাস

আবেলিৰ পৰশ থকা সেই নিশা
চকামকাকৈয়ে দেখা মনত পৰে সিটো পাৰত
তুমি তোমাৰ বাটত
মই মোৰ বাটত
মাজতে নৈখন নিজৰ বাটত

অঁকা নথকাহেঁতেন তোমাৰ সেউজীয়া বাট
বন্দী হোৱাৰ কথা নাছিল তাত
সেউজীয়া বাটত পঙ্গু হৈছিল মোৰ চলমান দৃষ্টি
আৰু মই লিখিবলৈ ল’লোঁ দলঙৰ ইতিহাস

তাৰেই কোনোবা এখিলাত গঁথা আছিল আশা
মজবুতকৈ বনোৱাৰ পণ আছিল দলংখন
ইপিনে হৃদয় ধলা ইটা
সিপিনে মৰম লেপা খুঁটা
বাগৰি যায় আন এটা পৃষ্ঠা

দিন যেন সেই ৰাতিৰ কথা
চন্দ্ৰমাৰ বুকুত জিলিকি উঠিল দলং
চন্দ্ৰমা আজি তোমাৰে-মোৰে ওঁঠত
এখন পূৰ্ণ দলঙৰ বিজয়োল্লাস
আৰু এযোৰ মনৰ হেজাৰবাৰ অহা যোৱা

ভাঁহি আহে ইতিহাসৰ চিঞৰ
গাঁথি লৈ আমাৰে গাঁথা
তুমি মোৰ বাটত
মই তোমাৰ বাটত
মাজৰ নৈখনো আমাৰেই বাটত

আহিল সেই ৰাতি যেন দিন
আনটো মূৰৰ ধুমুহাই বজ্ৰপাত পেলাইছিল ইটো মূৰত
চুক্তিৰ বিপৰীতে খহি পৰিল আনটো পাৰ
যি বাটেৰে অহা-যোৱা কৰাৰ কথা আছিল আমি হাজাৰবাৰ

অন্য পাৰৰ অপমৃত্যুত সৃষ্টি হয় অন্য দুখনি নৈ
নিষ্ঠুৰ খুঁটাৰ ফৰ্মুটিত আঘাতপ্ৰাপ্ত মেৰামতিৰ হাবিয়াস
আহত হাবিয়াসে ফেঁকুৰি ক’ব
লুণীয়া নৈ আছিল তোমাৰেই নামত

ৰাতি যেন এই আবেলিৰ কথা
তুমি তোমাৰ বাটত
মই মোৰ বাটত
মাজতে নৈখন বিপৰীত বাটত

শেষ পৃষ্ঠাৰ ইতিহাস:
ইটো পাৰৰ প্ৰতিটো গধুলিত জিলিকে এতিয়া মৃত এটা জীৱন

ঠিকনাৰ আক্ষেপ

ৰৈ আছিলোঁ
জোনাকৰ প্ৰলেপ ঘঁহি আন্ধাৰৰ গভীৰতাত
ৰৈ আছিলোঁ অমাৱস্যাৰ সমাধিৰ অপেক্ষাত
প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল

এদিন সপোনবোৰে মোক কৈছিল
নিদ্ৰাৰ উদ্দেশ্য মাথো সপোন নহয়
তথাপি, সপোনৰ উদ্দেশ্যেই মই শুই চালোঁ
আপুনি আহিব বুলিয়েই শুকুৱাই থৈছিলোঁ ভিজা ৰ’দবোৰ

প্ৰত্যেক পূৰ্ণিমাৰ সপোনত আপুনি অহাৰ আশা আছিল
ৰ’দোৱা কাপোৰৰ গোন্ধত মই সাৰ পালোঁ
জোনাকী এমুঠি চটিয়াই জুমি চালোঁ
আপোনাৰ চকুৰ উজ্বলতাত লাজ পালে জোনাকীয়ে
চুলিৰ এন্ধাৰত ক’লা হ’ল ৰাতি
তৰংগায়িত হ’ল বতাহ
ভ্ৰুৰ ৰামধেনুৱে আঁকিলে সেউজ বুকুৰ বতৰা
লাহী ককালেৰে আহিছিল আপুনি যাবলৈ
ঠিকনাটো নিদিয়াকৈয়ে যাবলৈ

ঠিকনাটো দি যোৱা হ’লে ভাল আছিল !
সিদিনা সুধিছিলোঁ জেতুকাৰ ৰংবোৰক
শেৱালিৰ সুবাসত নষ্টাল্‌জিক ছোৱালীজনীৰ ঠিকনা ক’ত ?
উত্তৰ আহিল ফাগুণ
আন্দোলিত ফাগুণত শিমলুৰ পিঠিত বহি
চিনাকী সুৰটিৰ সৰ্পিল গতি খেদি
এখনি আকাশ য’ত পাওঁ
পথাৰ, অৰণ্য নাইবা নৈখনলৈ জুমি চাওঁ
আপোনাৰ দৰেই চিনাকী যেন লাগে সেই ৰোৱণী, সেই দাৱণী
জাকৈয়া ছোৱালীজাকৰ মাজতেই আপোনাৰ ঠিকনা হোৱা হ’লে ভাল আছিল !

জাকৈবোৰে এদিন মোক কৈছিল
নেদেখা মানেই হেনো নথকা নুবুজায় !
নোপোৱা মানেই হেৰুওৱা নহয় যেন ভাৱ এটিৰে বান্ধি
সপোনৰ জোলোঙাত ভৰাই থ’লোঁ আক্ষেপ
ঠিকনা নোপোৱাৰ আক্ষেপ
আৰু জোলোঙা খুচৰি অমাৱস্যাৰ বুকুত ৰুলোঁ এটি জোন
মই বাট চালোঁ অন্য এটি পূৰ্ণিমালৈ
যাৰ উজ্জ্বলতাত বন্ধ হ’ব অভিমানী আক্ষেপ
ঠিকনাটো দি যোৱা হ’লে ভাল আছিল !

"ঠাণ্ডাই" মুৰ্দাবাদ


     ভাং নাইবা ঘোটা খাই হোৱা তেনেকুৱা বিশেষ অভিজ্ঞতাৰ কথা মনত নাই । কিন্তু শিৱৰাত্ৰিৰ সময়ত পঞ্জাৱত পোৱা "ঠাণ্ডাই" নামৰ এবিধ বিশেষ পানীয়ৰ পৰা লাভ কৰা পাহৰিব নোৱাৰা এক অদ্ভুত অভিজ্ঞতাৰ কথাহে ক'বলৈ বিচাৰিছোঁ । পঞ্জাৱত আমি তেতিয়া নতুন । শিৱৰাত্ৰিৰ দিনা আবেলি ওলাই গ'লোঁ ফুৰিবলৈ বুলি । এখন দোকানত দেখিলোঁ এবিধ পানীয় বিনামূল্যে বিতৰণ কৰি আছে । পাতল সেউজীয়া বৰণৰ । ঘোটা ধৰণৰ কিবা হ'ব নিশ্চয় বুলি ভাবি এগিলাচ হাতত ল'লোঁ । মধুৰ স্বাদ । খাই বিৰাট ভাল লাগিল । নিচা ধৰণৰ একো অনুভৱ নোহোৱা দেখি মই ৬ গিলাচ গলাধকৰণ কৰিলোঁ । লগৰবোৰেও তেনেদৰে সাধ্যানুসাৰে যিমান পাৰে বিনামূলীয়া সুস্বাদু "ঠাণ্ডাই" গলাধকৰণ কৰিলে । দোকানখনৰ পৰা হোষ্টেললৈ ১০ মিনিটৰ ৰাষ্টা । হোষ্টেল পালোঁ, একো অস্বাভাৱিক অনুভৱ নাই | হোষ্টেলৰ ভিতৰত বন্ধু এজনৰ ৰুমলৈ গ'লোঁ । মই সোমোৱাৰ লগে লগে তাত থকা বন্ধুকেইজনে হাঁহিবলৈ আৰম্ভ কৰিলে । সিহঁতক দেখি মোৰো হাঁহি উঠি গ'ল । সেয়াই আৰম্ভণি । বিশ্বাস কৰক, তেতিয়াৰ পৰা একেৰাহে দুঘন্টা আমি ইজনে সিজনলৈ আঙুলি টোৱাই হাঁহিয়েই থাকিলোঁ । তাৰ পিছত হোষ্টেলৰ মেছলৈ গৈ ৮০ টকাৰ বিভিন্ন খাদ্য খাই নিজৰ ৰুম পালোঁ । খাবলৈ যাওঁতে এনেকুৱা লাগিছিল যে খট্‌খটিত এখন ভৰি দিবলৈ এঘন্টাতকৈও বেছি সময় লাগে, কিন্তু ৰুম আহি পোৱাৰ পিছত এনেকুৱা লাগিছিল যে ১ ছেকেণ্ডৰ ভিতৰত মই আটাইখিনি কাম সম্পূৰ্ণ কৰি ৰুম পালোহি । তাৰ পিছত এনেকুৱা অনুভৱ হ'ল যেন মাত্ৰ এক ছেকেণ্ড আগতে মই কি কৰিছিলোঁ সেইটোও পাহৰি যাওঁ । বহুত চেষ্টা কৰিও মনত পেলাব নোৱাৰোঁ । বহুত ভাবিলোঁ, মই পাগল হ'লোঁ নেকি ??? কিন্তু একো বুজি নাপাওঁ । ৰুমলৈ আহি শুই গ'লোঁ । মাজতে পিয়াহ লাগিল । পানী খাওঁতে যেন গম পাই গৈছিলোঁ, কোনডাল নলীয়েদি গৈ ক'ত কেনেকৈ  হজম হৈ গৈ আছে !!! তাৰ পিছত এনেকুৱা লাগিল যেন মোৰ জিভাখন ক্ৰমে চুটি হৈ গৈ আছে, যেন অলপ পিছত জিভাখন নোহোৱাই হৈ যাব ! বহুত ভয় খালোঁ । টোপনি যাবলৈ চেষ্টা কৰিলোঁ । ক'তনো টোপনি আহিব !!! লাহে লাহে জন্মৰ পিছত জনা-বুজা হোৱাৰ পৰা যিবোৰ ঘটনা ঘটিছিল আটাইবোৰ তীব্ৰগতিৰে মোৰ চকুৰ আগেৰে ভাঁহি যাবলৈ ধৰিলে । মই গম পালোঁ যে আজি মোৰ মৃত্যু হ'ব । খুব দুখ লাগিল । ছেঃ ঘৰতো মৰিম বুলি কোৱা নহ'ল !!! ফোন কৰিবলৈ চেষ্টা কৰিলোঁ । কিন্তু হাত-ভৰি একো লৰচৰ কৰিব নোৱাৰোঁ । তেতিয়াই চাগে টোপনি আহিল ! তাৰ পিছত একো মনত নাই । ৰাতিপুৱা উঠি হাতত চিকুটি চালোঁ, সঁচাকৈ জীয়াই আছোনে নাই !! জীয়াই থকা বুলি নিশ্চিত হৈ ভগৱানক বাৰে বাৰে ধন্যবাদ জনালোঁ । তেতিয়াৰ পৰাই "ঠাণ্ডাই" নমস্কাৰ !!! ৰাইজলৈ বুলি আনুৰোধ, পঞ্জাৱলৈ আহিলে সুস্বাদু আৰু বিনামূলীয়া হ'ল বুলিয়েই যেন শিৱৰাত্ৰিৰ সময়ত কেতিয়াও "ঠাণ্ডাই" নামৰ পাতল সেউজীয়া বৰণৰ পানীয়বিধ ভুলতো গ্ৰহণ নকৰে । অৱশ্যে আপুনি "ঠাণ্ডাই"ৰ মজা লৈ চাব পাৰে যদিহে জীৱিত অৱস্থাত নৰকখন এবাৰ চাব বিচাৰে । মোতকৈও সাংঘাটিক ঘটনা কিছুমান মোৰ বন্ধুসকলৰ লগত ঘটিছিল । কিন্তু সেইবোৰ ক'বলৈ গ'লে মহাভাৰতহে হ'বগৈ ।

ৰভাতলীৰ উচুপনিত তাক নিবিচাৰিবা

বোৱালে বোৱাবা তেজক হেৰুওৱা বুলিয়েই বেদনাৰ নিমখীয়া
য’ত তোমাৰ সৃষ্টি আৰু সহবাস
ৰভাতলীৰ উচুপনিত তাক নিবিচাৰিবা
উচৰ্গাত বিচৰা নাই সি নীৰৱ বাৰিষা
হোমৰ আঙঠাত দহিব দিবা তাৰ হৃদয়
আৰু সি কৰি যাব কৌতুকদৰ্শী অভিনয় ওৰেটো জীৱন
তাৰ শেষ অনুৰোধত গঁথা আছে তোমাৰ সুখ, তাৰ বিস্মৃতি
শেষ অনুৰোধত অভিমানি হৈ নপৰিবা
অধিকাৰৰ বাহিৰত খঙাল হৈ পৰিব পাৰে সি বৰ্জনীয় অভিমানত
ফুলশয্যাৰ নিশা পুনৰ সি ব্যৰ্থ হ’ব 'খুন' কৰিবলৈ দুখবোৰক
সুখ উদ্‌যাপনত তাক নিবিচাৰিবা
দুখৰ বিনিময়ত সুখী কৰি সুখী হয় সি
প্ৰাণৰ অন্তিম বিন্দুত সুখৰ সংজ্ঞা বিচাৰিলে ক’ব
তাৰ শেষ অনুৰোধত অঁকা নাছিল সুখৰ সংজ্ঞা
আনক সুখী কৰিবলৈ তোমাৰ ত্যাগত নাছিল সুখৰ সংজ্ঞা
বাধ্যতাৰ নিয়মবোৰত ঢাক খাইছিল সুখৰ সংজ্ঞা
মামৰে ধৰা অতীতত উচুপি ৰৈছিল সুখৰ সংজ্ঞা
আৰু তুমি উজুটি খাবা বাৰে বাৰে উভতি যোৱাৰ তাৰণাত
বিচাৰি বিচাৰি তাক শেষ বিন্দুৰ নিমখীয়াত

কৃত্ৰিমতা


কৃত্ৰিমতাৰ বাহিৰতো ফুলে এখনি আকাশ
সেই আকাশৰ ধ্ৰুৱতৰা বিচাৰি মই হাবাথুৰি খাওঁ

চিনাকী-অচিনাকী


      গতিশীলতাৰ কোনটো প্লেটফৰ্মত লগ পাইছিলোঁ মনত নাই | মনত পৰে সেই চিঞৰটো.....স্পষ্টই আছিল উকিৰ মাজতো | কিয়নো চিঞৰে "সহযাত্ৰী সহযাত্ৰী" ? সহযাত্ৰীক মোৰ চিনি পাই আহিছোঁ | ২৪ ঘন্টাৰো থাকে দুটা ফাল বুলি জানি আহিছোঁ, এটাত জ্বলে সুৰুয আৰু আনটোত ? হয়তো আন্ধাৰৰ উপস্থিতি নাইবা সুৰুযৰ অনুপস্থিতি ! ধৰা হ’ল আপুনি এজন নৃত্য শিল্পী | একান্তই ব্যক্তিগত বুলি যদি ভাবে, ২৪ ঘন্টাৰ কোনটো অংশত নৃত্য কৰি ভাল পায় জনাৰ হাবিয়াস নাই | আপোনাৰ দৰেই দেখি আহিছোঁ বগা- ক’লাৰ সংমিশ্ৰণ | আৰু সেই সংমিশ্ৰণতেই বাস কৰে আপুনিও য’ত প্ৰতিবিম্বিত তেওঁ, মই, বহুতো | প্ৰতিবিম্বৰ গভীৰতা আইনাৰ কোনটো ফালে অধিক জনাৰ উপায় শূন্য | আপুনিছোন মোৰ তেনেই চিনাকী, কোন হয় আপুনি ?

(ই-আলোচনী "নীলা চৰাই"ত প্ৰকাশিত)