জেঠ মাহটো আপোনাৰ কেনেদৰে যাব…

অপূৰ্ব কলিতাঃ এই মাহত আপুনি গা ধুলে দেহৰ ওজন ১৭ কিল’গ্ৰাম হ্ৰাস পাব। বিয়া পাতিলে যথেষ্ঠসংখ্যক উছৰ্গা পোৱাৰ সম্ভাৱনা আছে। উছৰ্গাৰ টকাৰে এখন বি এম দব্লিউ কিনি গনেশগুৰিৰ পৰা আদাবাৰিলৈকে ভাড়া মাৰিলে কড়োৰপতি অথবা পতি হোৱাটো খাটাং। ৰ’দত বেছিকৈ ওলালে ৰেইনকোট পিন্ধি যাব, অন্যথা হাপানি ৰোগ নাইবা গোধা বেমাৰ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। এই মাহত আপোনাৰ ভোক লাগিব পাৰে। ভোক লাগিলে বৰষুণৰ লগত পৰা চেং মাছৰ বাকলি খোৱাৰ লগতে মাছটোৰ পেটত থকা কণীৰ কুহুম মুখত সানিলে সুফল পাব।



মনজীৎ বৰাঃ এই মাহটো আপোনাৰ বাবে বৰ এটা শুভ নহয়। কোনোবা মীনা কুমাৰীৰ মন জয় কৰিবলৈ যাওতে ছেণ্ডেলৰ কোবত চেহেৰা বিকৃত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। সেয়েহে এই মাহটোত আপুনি ২৪x৭ আৱাৰছ্‍ হেলমেট পিন্ধি থকাটো মঙ্গলজনক। সন্দিকৈ কলেজৰ সম্মুখেৰে পাৰ হওতে বাইকত ষ্টান্ট দিবলৈ গৈ বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই দীঘলীপুখুৰীত পৰাৰ প্ৰৱল সম্ভাৱনা আছে। আঘাতপ্ৰাপ্ত ঠাইত চোৰাতৰ পাত, ভুত জলকীয়া, চূণ আৰু বান্দৰ কেকুঁৱাৰ মিশ্ৰণ এটা বনাই তাত আন্দাজমতে নিমখ অকণমান মিহলাই লগালে আৰাম পাব।

অনুপম কলিতাঃ ডুপ্লিকেট অনুপম তেল খাই ভৰলু নদীত গা ধুবলৈ যাওতে পানীত ডুবি মৰিব পাৰে। মৰিলে বচাৰ সম্ভাৱনা খুবেই কম। সেয়েহে এই মাহত আপুনি নিভাঁজ খাটি সৰিয়হ তেল খোৱাটোৱেই মঙ্গলজনক। টিকেট নকটাকৈ অনুৰাধা চিনেমা হলত অনুপম খেৰৰ চিনেমা চাবলৈ গৈ ধৰা পৰি পাব্লিক ঢুলাই খোৱাটো খাটাং। গুৱাহাটীত চুৰ কৰা ছেকেণ্ড হেণ্ড টুথব্ৰাছ দিল্লীৰ চোৰ বজাৰত বিক্ৰী কৰি ভিক্ষাৰী হোৱাৰ প্ৰচেষ্টা চলাব পাৰে।

No comments:

Post a Comment