সূৰ্য্যমুখী নাও

সুন্দৰতাৰ নাও এখন গৈ আছে উজাই
ফালি ফালি পুণী, বেঙুনীয়া ফুল সিঁচি
গৈ আছে নাওখন উজাই


একৰ পৰা দুই..তিনি...বঠাবোৰত গুৰি ধৰি
হেজাৰ-বিজাৰ বঠাই আজি ঢৌতে কোবায়
বঠাৰ কোবত আগুৱাই যায় আপোন-আপোন গোন্ধ
আৰু মসৃণতাৰে নাওখন আগুৱাই যায়


এজাক, দুজাক....দুই-এজাক বৰষুণ
বৰষুণ ফালি নাও আগুৱাই যায়
হাৰ মনা বৰষুণ, নুডুবা নাও
সুন্দৰতাৰ নাওখন উজায়েই যায়


সমুদ্ৰ মন্থনৰ যেন প্ৰয়াসহে এয়া
কুমলীয়া কলি আৰু পৰিপক্ক ডাল
পূৰ্ণাংগ এডাল অমৃত গছ ওলায়
অমৃত গছৰ বঠাৰে নাও আগুৱাই যায়


সিটো পাৰত বাস কৰে দুপৰ এটি সুৰুজ
পাৰলৈ যদি এতিয়াও বহু বাট
বঠাৰ মুঠিত এতিয়া বহু হাত
হামিং বাৰ্ডৰ গতি আৰু বহাগী গোন্ধ
পানীৰ পিঠিত বৈ যায় বেঙুনীয়া ঢৌ
সপোন এজাকৰ কলিৰে ধাৱমান সুৰুযমুখী নাও


( ইউনিক'ডত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু উন্নতিৰ অন্যতম গুৰি ধৰোতা ফেকবুকৰ গোট "অসমীয়াত কথা বতৰা"ৰ সাফল্যমণ্ডিত এবছৰ পূৰণ হোৱা উপলক্ষে )

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত)

বৃত্তৰ পৰা শূন্যলৈ


দুটা গোলাকাৰ মিলি হোৱা এটা আকাৰ
বিন্দু আৰু পৰিসীমাৰ সমাহাৰ
 
শিৰোনামত বৃত্ত
কেন্দ্ৰবিন্দুৰ পৰা সৰলৰেখা এডাল হৈ
 
চিনাকী ৰেলগাড়ী থাকে গৈ
 
দিগন্তত জ্যামিতিৰেই নিয়ম
কেন্দ্ৰ অবিহনে বৃত্তবোৰ একোটা ডাঙৰ শূন্য

মুকুতা

               মুকুতা মই দেখিছোনে নাই নাজানোঁ । সেইবাবেই চাগে, নিয়ৰৰ কণিকাবোৰ মুকুতা নেকি বুলি সুধিলে তুমি হাঁহা । তুমি হাঁহিলে কেইটিমান মুকুতা নিগৰে । ওঁঠত কিয় মুকুতা লৈ ফুৰা বুলি যেতিয়া সুধোঁ, তুমি কোৱা. " চকুত তুমি মুকুতা লৈ ফুৰা যে !" চকুৰ মণিয়ে মুকুতাৰ ৰূপ ল'লে পৃথিৱীখনেই মুকুতা হয় বুলি তুমি ক'লেই জানো মই মানি ল'ম ? তুমি কোৱা, " যুধিষ্ঠিৰ আৰু দুৰ্য্যোধনৰ দৃষ্টি একে হ'বই নোৱাৰে ।" নিজকে তুমি ভাগ্যৱতী বুলি ক'লেই মই জোকাবলৈ ভাল পাম. " মই মুকুতা নেদেখা বাবেই তুমি ভাগ্যৱতী নেকি ?" আচৰিত হওঁ যেতিয়া খং নকৰাকৈয়েই আৰম্ভ কৰা তুমি বুজাবলৈ । তুমি কোৱা যে মই দেখা মুকুতাবোৰ ভঙা শিলৰ কেইটামান টুকুৰাও হ'ব পাৰিলেহেঁতেন ! মানি লওঁ মই যুধিষ্ঠিৰ আৰু দুৰ্য্যোধনৰ চকুৰ বৈসাদৃশ্যতা । মুকুতা উজলি উঠে তোমাৰ ওঁঠত, হয়তো মোৰ চকুতো ।

সপোন এটিৰ দাম কিমান ? নে ধাৰলৈ পাম ?

দেখি থকা সপোনবোৰ দেখুৱাই চাব বিচাৰোঁ এবাৰ
সপোন এটিৰ দাম কিমান ? নে ধাৰলৈ পাম ?
দেখি যদি ভাঁহি যোৱা নাচি নাচি সপোনৰ স্ৰোতত
তোমাক মুৰ্খ বুলি কম, মোৰ দৰেই
নেদেখাকৈয়েই যদি কৰি যোৱা দেখাৰ অভিনয়
'স্মাৰ্ট' বুলিয়েই মানি ল'ম দিয়া তোমাক
সপোন ভঙাৰ যোগ্যতা কিমান ? নে তুমিয়েই প্ৰমাণ ?
বিচাৰিলে দিব পাৰোঁ মই সপোন এটি উপহাৰ
বাস্তৱ সনা সপোন ৰঙিয়াল
বাস কৰে য'ত মোৰ কেঁচা হৃদয়ৰ কঠিয়া

সপোনটিৰ দাম তুমি নুসুধিলেই সুখী হ'ম

মৃত বেলুন

উৰিব নোখোজা এটি বেলুন
চৰাই হোৱাৰ হেঁপাহ তাৰ আগৰপৰাই নাছিল
উৰি যায় এটি ৰঙচঙীয়া চৰাই
ৰঙলগা পাখীৰ নাচোন বতাহৰ দেওত
ভাঁহি পৰিছিল হেঁপাহসনা কেইটুকুৰামান সপোন
এৰিব নজনা এটি বেলুনে হাইড্ৰ্'জেন বিচাৰিলে
উৰি উৰি গৈ থাকিল চৰাই অভিমুখে
উচ্চতাৰ পৰা উচ্চতালৈ
উচ্চতাত বেলুনৰ লয়লাস নৃত্য
উচ্চতাৰ ওপৰত উৰি উৰি গৈ থাকিল চৰাই

ঢুকি পোৱাৰ ঠিক আগৰ এটি মুহূৰ্ত...
চৰাইৰ এটি খোঁটত উৰি গ'ল হাইড্ৰ্'জেন
পৰি ৰ'ল বেলুন
উৰিব নিবিচৰা এটি বেলুন উৰিব বিচাৰিছিল
উৰিব বিচৰা এটি বেলুন পৰি আছিল
উৰাব বিচৰা এটি চৰাই উৰি থাকিল
চৰাইটো ৰঙচুৱা আছিল
ৰঙবোৰ অভিনয় আৰু চৰাইটো মাংসহাৰী আছিল

পতন

ডাৱৰবোৰ কালি পুখুৰীত আছিল
আকাশত সিহঁতৰ ভেঁঙুচালি বাঢ়িল
সৰি পৰাৰ আগত টোপালবোৰে নাচিছিল
পুখুৰীতেই যাৰ শিপা আছিল

চাকনৈয়া

              ৰবৰৰ ফিটা এডালৰ টানত লাহে লাহে কাষ চাপি আহিছিল শান্ত পখিলী । ফিটাডালৰ আনটো মুৰত আঠা খাই থকা গাঁঠিটো ঢিলাকৈয়ে বন্ধা হৈছিল, খুলি পেলাবৰ জোখেৰে । তথাপিও কাষ চাপি আহিছিল সেই পখিলী । ফিটাডালৰ আনটো প্ৰান্তত এডাল গছ । চলন্ত গছডালত কাষ চাপি অহা পখিলীটোৱে গছডালৰ দেহলৈ চটিয়াই দিলে কেইডালমান শিপা । আৰু সেই শিপাতেই খামোচ মাৰি ৰৈ গ'ল গছডাল । ফলে-ফুলে জাতিষ্কাৰ হৈ বিলালে ছাঁ, পখিলীৰেই প্ৰেমত ।

               বাগৰ সলাই বসন্তই, ৰং সলালে পখিলীয়ে । পখিলী ধৰিবলৈ বৰষি বোৱা নাছিল গছডালে । হ'লে কি হ'ল ? বৰষি বোৱা মাংসহাৰীৰ অভাৱতো কাহানিও হোৱা নাছিল ! আৰু এদিন তেনে এটি বৰষিত খোট মাৰিবলৈ গৈয়েই বিদ্ধ হ'লহি পখিলী । ৰং সলোৱাৰ এক অকাম্য কাৰণ ! 

                  শিপাৰে অচল হোৱা গছডালত এন্ধাৰ নামিল । আৰু সেই এন্ধাৰৰ উত্স ছাঁ, নিজৰেই । চলাৰ হেঁপাহ থাকিয়েই গ'ল ফিটাডালৰ টানত ।

                   ফিটাৰ টানত আবদ্ধ গছডালৰ মন যায় কেতিয়াবা সুধিবলৈ, " বৰষিৰ খোট এৰিবলৈ টান পাইছা য়দি ফিটাৰ গাঁঠি খুলি  দিয়াত তোমাৰ আপত্তি কি ? "

                     ফিটাডাল টানকৈ বন্ধা হোৱা নাছিল ।

বিকলাংঙ্গ নেকি আপুনিও ?

কেইটিমান মহ পুহি আঠুৱাৰ ভিতৰত আমি সুমুৱাই লওঁ
তেজপিয়া মহে গৰাকীক শুঁহে
থপৰিয়াও বুলিও থপৰিয়াব মই নোৱাৰোঁ
বিকলাঙ্গ নেকি আপুনিও মোৰ দৰে ?
তেজপীয়া মহ সিহঁত
বিকলাঙ্গ কৰোঁ আহঁক
পাঁচ বছৰীয়া বিকলাঙ্গ হোৱাৰ হেঁপাহ আৰু মোৰ নাই

উৰ্মিমালাৰ দেহত তিনিখন সাগৰ

মৰুভুমিত ফুল ফুলিলে কেতিয়াবা ভাবোঁ
দেখি নোপোৱা নীলাভছোন তোমাৰেই দেহত !
তিনিখন সাগৰ কঢ়িয়াই মোৰেই তুমি উৰ্মিমালা
বগাৰ মাজত নীলা সনা দুচকুত তোমাৰ সাগৰ মই দেখোঁ
দেখি নোপোৱা নীলাভছোন তোমাৰেই দেহত !
সেউজীয়া বতহে যেতিয়া ঢৌ তোলে তোমাৰ কিচ্‌কিচিয়াত
সাগৰৰ ঢৌ মই দেখোঁ
দেখি নোপোৱা নীলাভ চাব বিচাৰোঁ

যোৱা নিশা দেহত তোমাৰ সাগৰ এখন দেখিছিলোঁ সপোনত
কালধুমুহাই যেতিয়া খৰাং কৰে তোমাৰ পথাৰ
বৈ আহে এখন নীমখীয়া সাগৰ
সেই সাগৰ মই চাব নিবিচাৰোঁ

লব্ধতাৰ কিয়দাংশ

গুলি-সূঁতা নহয় প্ৰিয়ে
বাৰিষাত নমা সেইবোৰ টোপালৰ সমষ্টি
বগাব নোৱাৰা হেঁপাহবোৰ চুবলৈ
আকাশৰ পেন্দুকণা কৃষ্টি