"ঠাণ্ডাই" মুৰ্দাবাদ


     ভাং নাইবা ঘোটা খাই হোৱা তেনেকুৱা বিশেষ অভিজ্ঞতাৰ কথা মনত নাই । কিন্তু শিৱৰাত্ৰিৰ সময়ত পঞ্জাৱত পোৱা "ঠাণ্ডাই" নামৰ এবিধ বিশেষ পানীয়ৰ পৰা লাভ কৰা পাহৰিব নোৱাৰা এক অদ্ভুত অভিজ্ঞতাৰ কথাহে ক'বলৈ বিচাৰিছোঁ । পঞ্জাৱত আমি তেতিয়া নতুন । শিৱৰাত্ৰিৰ দিনা আবেলি ওলাই গ'লোঁ ফুৰিবলৈ বুলি । এখন দোকানত দেখিলোঁ এবিধ পানীয় বিনামূল্যে বিতৰণ কৰি আছে । পাতল সেউজীয়া বৰণৰ । ঘোটা ধৰণৰ কিবা হ'ব নিশ্চয় বুলি ভাবি এগিলাচ হাতত ল'লোঁ । মধুৰ স্বাদ । খাই বিৰাট ভাল লাগিল । নিচা ধৰণৰ একো অনুভৱ নোহোৱা দেখি মই ৬ গিলাচ গলাধকৰণ কৰিলোঁ । লগৰবোৰেও তেনেদৰে সাধ্যানুসাৰে যিমান পাৰে বিনামূলীয়া সুস্বাদু "ঠাণ্ডাই" গলাধকৰণ কৰিলে । দোকানখনৰ পৰা হোষ্টেললৈ ১০ মিনিটৰ ৰাষ্টা । হোষ্টেল পালোঁ, একো অস্বাভাৱিক অনুভৱ নাই | হোষ্টেলৰ ভিতৰত বন্ধু এজনৰ ৰুমলৈ গ'লোঁ । মই সোমোৱাৰ লগে লগে তাত থকা বন্ধুকেইজনে হাঁহিবলৈ আৰম্ভ কৰিলে । সিহঁতক দেখি মোৰো হাঁহি উঠি গ'ল । সেয়াই আৰম্ভণি । বিশ্বাস কৰক, তেতিয়াৰ পৰা একেৰাহে দুঘন্টা আমি ইজনে সিজনলৈ আঙুলি টোৱাই হাঁহিয়েই থাকিলোঁ । তাৰ পিছত হোষ্টেলৰ মেছলৈ গৈ ৮০ টকাৰ বিভিন্ন খাদ্য খাই নিজৰ ৰুম পালোঁ । খাবলৈ যাওঁতে এনেকুৱা লাগিছিল যে খট্‌খটিত এখন ভৰি দিবলৈ এঘন্টাতকৈও বেছি সময় লাগে, কিন্তু ৰুম আহি পোৱাৰ পিছত এনেকুৱা লাগিছিল যে ১ ছেকেণ্ডৰ ভিতৰত মই আটাইখিনি কাম সম্পূৰ্ণ কৰি ৰুম পালোহি । তাৰ পিছত এনেকুৱা অনুভৱ হ'ল যেন মাত্ৰ এক ছেকেণ্ড আগতে মই কি কৰিছিলোঁ সেইটোও পাহৰি যাওঁ । বহুত চেষ্টা কৰিও মনত পেলাব নোৱাৰোঁ । বহুত ভাবিলোঁ, মই পাগল হ'লোঁ নেকি ??? কিন্তু একো বুজি নাপাওঁ । ৰুমলৈ আহি শুই গ'লোঁ । মাজতে পিয়াহ লাগিল । পানী খাওঁতে যেন গম পাই গৈছিলোঁ, কোনডাল নলীয়েদি গৈ ক'ত কেনেকৈ  হজম হৈ গৈ আছে !!! তাৰ পিছত এনেকুৱা লাগিল যেন মোৰ জিভাখন ক্ৰমে চুটি হৈ গৈ আছে, যেন অলপ পিছত জিভাখন নোহোৱাই হৈ যাব ! বহুত ভয় খালোঁ । টোপনি যাবলৈ চেষ্টা কৰিলোঁ । ক'তনো টোপনি আহিব !!! লাহে লাহে জন্মৰ পিছত জনা-বুজা হোৱাৰ পৰা যিবোৰ ঘটনা ঘটিছিল আটাইবোৰ তীব্ৰগতিৰে মোৰ চকুৰ আগেৰে ভাঁহি যাবলৈ ধৰিলে । মই গম পালোঁ যে আজি মোৰ মৃত্যু হ'ব । খুব দুখ লাগিল । ছেঃ ঘৰতো মৰিম বুলি কোৱা নহ'ল !!! ফোন কৰিবলৈ চেষ্টা কৰিলোঁ । কিন্তু হাত-ভৰি একো লৰচৰ কৰিব নোৱাৰোঁ । তেতিয়াই চাগে টোপনি আহিল ! তাৰ পিছত একো মনত নাই । ৰাতিপুৱা উঠি হাতত চিকুটি চালোঁ, সঁচাকৈ জীয়াই আছোনে নাই !! জীয়াই থকা বুলি নিশ্চিত হৈ ভগৱানক বাৰে বাৰে ধন্যবাদ জনালোঁ । তেতিয়াৰ পৰাই "ঠাণ্ডাই" নমস্কাৰ !!! ৰাইজলৈ বুলি আনুৰোধ, পঞ্জাৱলৈ আহিলে সুস্বাদু আৰু বিনামূলীয়া হ'ল বুলিয়েই যেন শিৱৰাত্ৰিৰ সময়ত কেতিয়াও "ঠাণ্ডাই" নামৰ পাতল সেউজীয়া বৰণৰ পানীয়বিধ ভুলতো গ্ৰহণ নকৰে । অৱশ্যে আপুনি "ঠাণ্ডাই"ৰ মজা লৈ চাব পাৰে যদিহে জীৱিত অৱস্থাত নৰকখন এবাৰ চাব বিচাৰে । মোতকৈও সাংঘাটিক ঘটনা কিছুমান মোৰ বন্ধুসকলৰ লগত ঘটিছিল । কিন্তু সেইবোৰ ক'বলৈ গ'লে মহাভাৰতহে হ'বগৈ ।

ৰভাতলীৰ উচুপনিত তাক নিবিচাৰিবা

বোৱালে বোৱাবা তেজক হেৰুওৱা বুলিয়েই বেদনাৰ নিমখীয়া
য’ত তোমাৰ সৃষ্টি আৰু সহবাস
ৰভাতলীৰ উচুপনিত তাক নিবিচাৰিবা
উচৰ্গাত বিচৰা নাই সি নীৰৱ বাৰিষা
হোমৰ আঙঠাত দহিব দিবা তাৰ হৃদয়
আৰু সি কৰি যাব কৌতুকদৰ্শী অভিনয় ওৰেটো জীৱন
তাৰ শেষ অনুৰোধত গঁথা আছে তোমাৰ সুখ, তাৰ বিস্মৃতি
শেষ অনুৰোধত অভিমানি হৈ নপৰিবা
অধিকাৰৰ বাহিৰত খঙাল হৈ পৰিব পাৰে সি বৰ্জনীয় অভিমানত
ফুলশয্যাৰ নিশা পুনৰ সি ব্যৰ্থ হ’ব 'খুন' কৰিবলৈ দুখবোৰক
সুখ উদ্‌যাপনত তাক নিবিচাৰিবা
দুখৰ বিনিময়ত সুখী কৰি সুখী হয় সি
প্ৰাণৰ অন্তিম বিন্দুত সুখৰ সংজ্ঞা বিচাৰিলে ক’ব
তাৰ শেষ অনুৰোধত অঁকা নাছিল সুখৰ সংজ্ঞা
আনক সুখী কৰিবলৈ তোমাৰ ত্যাগত নাছিল সুখৰ সংজ্ঞা
বাধ্যতাৰ নিয়মবোৰত ঢাক খাইছিল সুখৰ সংজ্ঞা
মামৰে ধৰা অতীতত উচুপি ৰৈছিল সুখৰ সংজ্ঞা
আৰু তুমি উজুটি খাবা বাৰে বাৰে উভতি যোৱাৰ তাৰণাত
বিচাৰি বিচাৰি তাক শেষ বিন্দুৰ নিমখীয়াত

কৃত্ৰিমতা


কৃত্ৰিমতাৰ বাহিৰতো ফুলে এখনি আকাশ
সেই আকাশৰ ধ্ৰুৱতৰা বিচাৰি মই হাবাথুৰি খাওঁ

চিনাকী-অচিনাকী


      গতিশীলতাৰ কোনটো প্লেটফৰ্মত লগ পাইছিলোঁ মনত নাই | মনত পৰে সেই চিঞৰটো.....স্পষ্টই আছিল উকিৰ মাজতো | কিয়নো চিঞৰে "সহযাত্ৰী সহযাত্ৰী" ? সহযাত্ৰীক মোৰ চিনি পাই আহিছোঁ | ২৪ ঘন্টাৰো থাকে দুটা ফাল বুলি জানি আহিছোঁ, এটাত জ্বলে সুৰুয আৰু আনটোত ? হয়তো আন্ধাৰৰ উপস্থিতি নাইবা সুৰুযৰ অনুপস্থিতি ! ধৰা হ’ল আপুনি এজন নৃত্য শিল্পী | একান্তই ব্যক্তিগত বুলি যদি ভাবে, ২৪ ঘন্টাৰ কোনটো অংশত নৃত্য কৰি ভাল পায় জনাৰ হাবিয়াস নাই | আপোনাৰ দৰেই দেখি আহিছোঁ বগা- ক’লাৰ সংমিশ্ৰণ | আৰু সেই সংমিশ্ৰণতেই বাস কৰে আপুনিও য’ত প্ৰতিবিম্বিত তেওঁ, মই, বহুতো | প্ৰতিবিম্বৰ গভীৰতা আইনাৰ কোনটো ফালে অধিক জনাৰ উপায় শূন্য | আপুনিছোন মোৰ তেনেই চিনাকী, কোন হয় আপুনি ?

(ই-আলোচনী "নীলা চৰাই"ত প্ৰকাশিত)

ত্যাগ

      আনোঁ বুলিয়েই আনিব পৰাহেঁতেন সেপিয়াই, পৃথিৱীৰ প্ৰত্যেকখন মুখতেই জ্বলিলহেঁতেন পোহৰ ! থপিয়াব বিচাৰোতেই উজ্বলতা, নপৰিলহেঁতেন সৰি কাৰোবাৰ মুখৰ শেৱালি ! প্ৰিয় হ’ল বুলিয়েইতো সকলোৰে পদুলিত নসৰে শেৱালি ! তোৰ মুখত গুজি তৰা, বিচাৰিলেওতো গাব নোৱাৰিব পাৰে কোনোবাই ফাগুণৰ গান ! কোনেনো নিবিচাৰে হেঁপাহৰ ক’হিনুৰ ? তোৰ মুখত ক’হিনুৰ গুজি সি চোমালিয়াৰ ভাত খায়; এয়াতো নহয় কোনো তেজিমলাৰ কাহিনী !
      "তেজিমলা এতিয়া বহু দূৰ", কোনোবাই কৈছিল । আইতা নাছিল সেয়া ।  যান্ত্ৰিকতাৰ পৃথিৱীত ককবকাব নিবিচৰা আইতা এতিয়া বহু দূৰ। অশান্তিৰ পৰিসীমাৰ বাহিৰত উৰি চাবলৈ জগা হেঁপাহবোৰে বাধ্য কৰায় কেতিয়াবা কথা পাতিবলৈ আইতাৰ স’তে । এইবোৰ জোনাক নিশাৰ কথা নে জোনাক বিচৰা নিশাৰ কথা ? অপ্ৰাসংঙ্গিক । জোনৰ ওচৰত থাকিলেই কাৰোবাৰ দেহত জোনাক গলিব বুলিতো ন দি ক’ব নোৱাৰে আপুনি, যিদৰে সৰি পৰাৰ আগতে ন দি ক’ব পৰা নোৱাৰে শেৱালিজোপাই, অদূৰতম ভৱিষ্যতৰ সেয়া কোনপাহ তলসৰা শেৱালি ।
      বোৱাৰী চোতালত নিয়ৰবোৰে হেনো কৈছিল, “কাৰোবাৰ হাতত মালা গুজি সুখী নহয় তলসৰা শেৱালি। কিন্তু সুখী হৈ দুখী কৰাৰ হেঁপাহত ভীস্ম  প্ৰতিজ্ঞা কৰা হ’লে দুৱৰিৰ ঠাইত গজিলহেঁতেন হয়তো কেইটামান শুকান উল্কাপিণ্ড ! সেই বাবেই জীয়াই আছে পৃথিৱী ।”
      কি নাম সেই প্ৰতিজ্ঞাৰ ? আইতাই দিয়া নাছিল সেই নাম, ত্যাগ তাৰ বিপৰীত নাম।

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত) 

কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ’ব তোমাৰ হৃদয় ?

মোৰ কেমেৰাৰ লেন্সত তুমি আধুনিকা
কিমান মেগাপিক্সেল কেমেৰাৰে ধুনীয়া হ’ব তোমাৰ হৃদয় ?
লেন্সত মোৰ অনিশ্চয়তাৰ পৰশ
প্ৰতিটো ক্লিকতেই লাগি ৰয় সেউজ সন্ধানী প্ৰত্যাশা
অৰণ্য হৈ চোৱানা এবাৰ
উচ্চতম কিমান সেউজীয়াৰ পৰশেৰে ভেদিব পাৰি উগ্ৰতাৰ প্ৰলেপ ?
ফোটোত তোমাৰ লাগি ৰয় পাৰ্লাৰ পাৰ্লাৰ গোন্ধ
বিচাৰিলে দিব পাৰোঁ মেঘালী ঘ্ৰাণ
সৌন্দৰ্য্যতাৰ বিলাতী পানীৰে নিদিবাছোন জ্বলিবলৈ এলবামবোৰ
নীলাভৰ গভীৰতাত থুপাই থোৱা সেয়া হৃদয় নামৰ এলবাম
চাইছানে মচি কেতিয়াবা উগ্ৰ ফোটোৰ ৰংবোৰ ?
ৰংবোৰেও ক’ব, আমাৰ আশা সেউজীয়াৰ ভাষা
কঠিয়া হৈ চাবাছোন কেতিয়াবা
কিমান আঁতৰৰ ফ’কাছে পোহৰাই তুলিব তোমাৰ বুকুৰ সেউজীয়া ?
কঠিয়া হৈ চোৱানা এবাৰ
বতাহ হৈ মই চুব বিচাৰোঁ

(ই-আলোচনী "সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত)

আকৌ ফুলিব শেৱালি

পাৰ হোৱা ৰাতিৰ বৈ যোৱা বতাহ
ধৰা হওঁক, বতাহজাক আছিল এজাক ধুমুহা
নাইবা ধৰক, টাইফুন
শেৱালী জানো বাদ দিয়ে ফুলিবলৈ ?
পুৱতিৰ শেতেলীত জোন-ভিজা পাতবোৰে কয়
শেৱালি আকৌ ফুলিব
দুৱৰিৰ বোকোচাত জীপাল মুকুতাই কয়
শেৱালি আকৌ ফুলিব
পানীপতাৰ টিপ্ টপ্ শব্দয়ো কয়
আকৌ ফুলিব শেৱালি

শিলাবৃষ্টিৰো আছে অতীত
বৰষুণৰ শিলবোৰতো শিল নহয় !
গোট মৰা পানীবোৰৰ গোপন মন্ত্ৰণা
পানী হোৱাৰ তাড়নাত অন্তহীন ব্যস্ততা
গোট মৰা জুলীয়া ক্ৰিষ্টেলবোৰে কয়
আকৌ গলিব হৃদয়
হৃদয়ৰ পলসুৱাত গুজিছিলোঁ আমি যে সম্ভাৱনাৰ ঠাঁনি !
তুমি, মই, তেওঁ, আমি
টাইফুনক নেওচি সেউজীয়াই ক’ব
আকৌ শেৱালি ফুলিব

ভৱিষ্যতৰ এটি বিন্দুত শেষ প্ৰাণৰ সন্ধিয়া আৰু পুৰণি পৃথিৱী

        অন্তিম পানীটুপি ওঁঠত লৈ সি বিচাৰি গৈছিল সেউজীয়া উশাহ । উচ্চতম শৃঙ্গটোৰ পৰা চুটি পুৰণি উশাহবোৰ জুমি চাই ধোঁৱাৰ মাজেৰে দেখা পালে এপৃথিৱী ধোঁৱা । ধোঁৱা বগাই উঠি অহা নিমগছবোৰ হেনো সেউজীয়া আছিল এসময়ত য’ত বাস কৰিছিল উৰণীয়া উশাহ ! শুনোঁ বুলিয়েই ডেউকাৰ শব্দ, মেলি দিলে সি সভ্য শতিকাৰ কাণ । খঙাল আকাশৰ মঙহাল ঢেৰেকনীয়ে শুনিব দিয়া নাছিল ডেউকাৰ কোব । আৰু সেই ঢেৰেকনীক দমন কৰা সভ্য শতিকাৰ অসভ্য গোঁজৰণিবোৰে বাৰুকৈয়ে তাক উপলুঙা কৰিছিল । পানীটুপি ওঁঠত লৈ উভতি যাব বিচাৰিলে সি উশাহৰ সেউজীয়া দিনবোৰলৈ । কিন্তু তেতিয়ালৈ সন্ধিয়া নামিছিল, শেষ প্ৰাণৰ সন্ধিয়া ।

(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত)

আঞ্চলিক বাতৰি

___/\___ নমস্কাৰ । মাজনিশাৰ আঞ্চলিক বাতৰি পঢ়িছে পগলাকান্ত পাটগিৰীয়ে । আজিৰ প্ৰধান বাতৰিসমূহ হ’ল......


* ফেচবুক কৰি গাড়ী চলাওতে ভেনা-মাখীৰ সৈতে হোৱা সংঘৰ্ষত এখন বাছ দুৰ্ঘটনাগ্ৰস্থ ।
* নখ কাটোতে মুৰ্খমন্ত্ৰীৰ আঙুলিত আঘাত ।
* প্ৰতি লিটাৰত ২০১২ টকাকৈ পানীৰ দাম বৃদ্ধি ।
* ফেচবুক কৰিব পৰা কেলকুলেটৰৰ আৱিস্কাৰ ।
* বঙ্গোপসাগৰত চলি থকা “সদৌ অসম ক্ৰিকেট টুৰ্ণামেন্ট”ত বাংলাদেশৰ ০ ৰাণত জয়লাভ ।


এতিয়া বিতং বাতৰি :-


         ফেচবুক কৰি ভাল পোৱা বাছৰ দ্ৰাইভাৰ এজনৰ ভুলৰ বাবে কালি কাছাৰী-ঘাটৰ পৰা উমানন্দত অভিমুখী বাছ এখন দুৰ্ঘটনাত পতিত হয় । ৩ কিঃমিঃ প্ৰতি ঘন্টাত তীব্ৰবেগে আহি থকা বাছখনৰ, দেটিং মাৰিবলৈ যোৱা মাখীন্দৰ সিং নামৰ ভেনামাখী এটাৰ লগত মুখামুখী সংঘৰ্ষ সংঘটিত হয় । দুৰ্ঘটনাত ৫.৭ জন লোক আহত হয় আৰু তাৰ পৰা ৭জন বিয়োগ কৰি পোৱা সংখ্যক লোক নিহত হয় । নিহত লোকসকলক ততালিকে ১০৮ মাতি পশু-চিকিত্‍সালয়লৈ নিয়াৰ দিহা কৰা হয় আৰু আহতসকলক শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰা হয় । বিশেষ সূত্ৰৰ পম খেদি জানিব পৰা গৈছে যে ১০৯ বছৰীয়া ফেচকান্ত কাকতি নামৰ দ্ৰাইভাৰজনে বাছখন চলোৱাৰ সময়ত ফেচবুকত চাটিং কৰি চেনি খাই আছিল ।


         অসমৰ মুৰ্খমন্ত্ৰী তৰমুজ গগৈয়ে

নিয়ৰ তলসৰা

এই যে ডাঙৰ হোৱাৰ নিয়ম আৰু দায়িত্বৰ বিধানবোৰ
ঠুনুকা হোৱা হ’লে মুচৰি পেলাবৰ মন
সৌ যে ’সমাজ বিদ্যা’ত টোপনি আৰু তোলৈ ’চুপাৰি’
মাক নক’বলৈ আকৌ দিবৰ মন

তোলৈ এইবাৰ কি নিম বুলি ভাবিছোঁ ?
পদুলিত চিঞৰিম মা মা
তই চিঞৰিবি মা মা
দাদা আহিছে চা চা
চাল্লা ডাঙৰ হোৱাৰ নিয়মবোৰ !!

ডাঙৰ হোৱাৰ আগতেই যদি নহ’লিহেঁতেন ডাঙৰ !
গাৰুৰ তলৰ ঘূৰণীয়া কেইটিমান ধাতৱ
চুৰ কৰিবলৈ আহিবি না
ভজা বুট, বৰফ কিম্বা মুড়ীৰ লাড়ু
ডাঙৰ হোৱাৰ নিয়মবোৰেই চাল্লা বেইমান

এই যে পিঠিত হাতৰ শব্দ আৰু পেনপেনীয়া আব্দাৰ
দেউতালৈ ভয়, বুজনি আৰু বুজনি
খাটনিৰ ওপৰত খাটনি আৰু ’কেৰমব’ৰ্ড’ৰ গুটি 
এই ’আৰু’বোৰত দাৰি লগা বহুদিনেই হ’ল 
দুডাল দুৱৰিত নিয়ৰ নপৰা বহুদিনেই হ’ল
কালদিয়াৰ দলং চিঙা বহুদিন হ’ল

ৰবাব টেঙাৰ আবেলিত নিবিচাৰোঁ এতিয়া ৰ’দোৱা কাপোৰৰ গোন্ধ

(ই-আলোচনী "স্পন্দন"ত প্ৰকাশিত)